শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে আফ্ৰিকান ইউনিয়ন গঠন কৰা হয় । ইফালে আজিৰ দিনটোতে ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহে পাৰমাণৱিক পৰীক্ষণক লৈ ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ নকৰাৰ সন্মতি প্ৰকাশ কৰে। আজিৰ চিলিয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ টেনিছ খিতাপ দখল কৰে। ইয়াৰ লগতে আজিৰ দিনটোত আন কেইটামান ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
manas-borah
Manas Borah | Published: 25 May 2025 10:14 AM

আজি ২৫ মে’ৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে আফ্ৰিকান ইউনিয়ন গঠন কৰা হয় । ইফালে আজিৰ দিনটোতে ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহে পাৰমাণৱিক পৰীক্ষণক লৈ ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ নকৰাৰ সন্মতি প্ৰকাশ কৰে। আজিৰ চিলিয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ টেনিছ খিতাপ দখল কৰে। ইয়াৰ লগতে আজিৰ দিনটোত আন কেইটামান ঘটা কেইটামান পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৮৭৭ চনৰ আজিৰ দিনটোতে উৰিষ্যা উপকূলৰ ওচৰত যাত্ৰীবাহী ভাপ জাহাজ ‘ছাৰ জন লৰেন্স’ ডুব যায়। ষ্টীমাৰখনত মুঠ ৭৩২ জন লোক আছিল।
  2. ১৯৬৩ চনৰ আজিৰ দিনটোতে আফ্ৰিকান দেশসমূহক একত্ৰিত কৰাৰ লক্ষ্যৰে ৩২খন দেশে আফ্ৰিকান ইউনিয়ন গঠন কৰে।
  3. ১৯৮৫ চনৰ আজিৰ দিনটোতে বাংলাদেশত প্ৰচণ্ড ধুমুহাৰ ফলত প্ৰায় ১০ হাজাৰ লোকৰ মৃত্যু হয়।
  4. ১৯৯১ চনৰ আজিৰ দিনটোতে ইজৰাইলে ইথিওপিয়াৰ পৰা ১৪ হাজাৰ ইহুদীক বহিষ্কাৰ কৰে।
  5. ১৯৯৮ চনৰ আজিৰ দিনটোতে ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহে পাৰমাণৱিক পৰীক্ষণক লৈ ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ নকৰাৰ সন্মতি প্ৰকাশ কৰে।
  6. ২০০৩ চনৰ আজিৰ দিনটোতে চিলিয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ টেনিছ খিতাপ দখল কৰে।
  7. ২০০৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই প্ৰেৰণ কৰা এটা ৰবট মংগল গ্ৰহত অৱতৰণ কৰে।
  8. ১৯৯৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে কোনো জীৱিত জীৱৰ ডি এন এ আৱিষ্কাৰ কৰে।
  9. ২০০৭ চনৰ আজিৰ দিনটোতে শ্ৰীলংকা চৰকাৰে তামিল শৰণাৰ্থীসকলৰ নাগৰিকত্বৰ নীতিগত অনুমোদন প্ৰদান কৰে।