অলিম্পিয়াডত ভাৰতৰ চমৎকাৰী প্ৰদৰ্শনঃ বিশ্বৰ ১১০খন দেশৰ ভিতৰত লাভ কৰিলে ৭ম স্থান
অষ্ট্ৰেলিয়াৰ চানশ্বাইন ক’ষ্টত অনুষ্ঠিত ৬৬ সংখ্যক ইণ্টাৰনেচলেন মেথমেটিক্স অলিম্পিয়াড (IMO) ২০২৫ত ভাৰতীয় দলে বিশ্বৰ ১১০খন দেশৰ ভিতৰত ৭ম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় দলে এই প্ৰতিযোগিতাখনত তিনিটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকসহ মুঠ ৬টা পদক লাভ কৰে।

সাধাৰণতে গণিত বুলি ক’লেই আমাৰ অধিকাংশ লোকৰে মনত এক ভীতি জন্মে। পিছে এই গণিতৰ ক্ষেত্ৰখনতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতে দেখুৱাইছে চমৎকাৰী প্ৰদৰ্শন। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ চানশ্বাইন ক’ষ্টত অনুষ্ঠিত ৬৬ সংখ্যক ইণ্টাৰনেচলেন মেথমেটিক্স অলিম্পিয়াড (IMO) ২০২৫ত ভাৰতীয় দলে বিশ্বৰ ১১০খন দেশৰ ভিতৰত ৭ম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় দলে এই প্ৰতিযোগিতাখনত তিনিটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকসহ মুঠ ৬টা পদক লাভ কৰে। এইবাৰ ভাৰতে প্ৰতিযোগিতাখনত নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰি ২৫২ৰ ভিতৰত মুঠ ১৯৩ পইণ্ট সংগ্ৰহ কৰে। ইণ্টাৰনেচলেন মেথমেটিক্স অলিম্পিয়াডত এতিয়ালৈকে এয়া ভাৰতৰ সৰ্বোচ্চ স্ক’ৰ।
ইফালে এইবাৰ এই প্ৰতিযোগিতাত Open AIৰ অংশগ্ৰহণো দেখিবলৈ পোৱা যায়। কেৱল অংশগ্ৰহণেই নহয়, প্ৰতিযোগিতাত Open AI- এ স্বৰ্ণ পদকো লাভ কৰে। Open AI মডেলে ৬টা প্ৰশ্নৰ ভিতৰত ৫টা প্ৰশ্ন সমাধান কৰে। উল্লেখ্য যে ইণ্টাৰনেচলেন মেথমেটিক্স অলিম্পিয়াড সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ সন্মানীয় গণিত প্ৰতিযোগিতা। প্ৰতি বছৰে এই প্ৰতিযোগিতা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা হয়। এই অলিম্পিয়াডত মুঠ ৬টা প্ৰশ্ন থাকে। প্ৰতিখন দেশৰ পৰা সৰ্বাধিক ৬ জনীয়া সদস্যৰ এটা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। এজন ছাত্ৰই সৰ্বাধিক ৪২ নম্বৰ লাভ কৰিব পাৰে আৰু সমগ্ৰ দলটোৱে সৰ্বোচ্চ ২৫২ নম্বৰ লাভ কৰিব পাৰে।
ইণ্টাৰনেচলেন মেথমেটিক্স অলিম্পিয়াড ১৯৫৯ চনত ৰোমানিয়াত আৰম্ভ হৈছিল। তেতিয়াৰ পৰাই এই প্ৰতিযোগিতা বিশ্বৰ ছাত্ৰ-ছাত্ৰীসকলৰ গাণিতিক প্ৰতিভা পৰীক্ষাৰ বাবে এক শক্তিশালী মঞ্চত পৰিণত হৈছে। দুদিনৰ ভিতৰত অংশগ্ৰহণকাৰীসকলে ৪.৩০ ঘণ্টাৰ কঠিন পৰীক্ষা দিব লাগে। সাধাৰণতে এই প্ৰতিযোগিতাৰ বাবে গভীৰ যুক্তি, সৃষ্টিশীলতা আৰু সমস্যা সমাধানৰ ক্ষমতাৰ প্ৰয়োজন। ইয়াৰ পিছতো OpenAI ৰ মডেলে ছটা প্ৰশ্নৰ ভিতৰত পাঁচটা প্ৰশ্ন সঠিকভাৱে সমাধান কৰিছিল। লক্ষণীয়ভাৱে প্ৰখ্যাত গণিতজ্ঞ তথা IMOত পূৰ্বে স্বৰ্ণ জয়ী টেৰেন্স টাৱে প্ৰতিযোগিতাত AIৰ অংশগ্ৰহণক লৈ সন্দিহান আছিল।
যোৱা জুন মাহত এটা প’ডকাষ্টত তেওঁ পৰামৰ্শ দিছিল যে AI এতিয়াও IMO পৰ্যায়ৰ বাবে সাজু হোৱা নাই আৰু প্ৰথমে সৰল গণিতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগে। কিন্তু OpenAI এ এতিয়া গণিতজ্ঞগৰাকীৰ এই ধাৰণাক ভুল প্ৰমাণিত কৰিছে। হোমি ভাভা চেণ্টাৰ ফৰ চাইন্স এডুকেচন (HBCSE) আৰু টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (TIFR)– এ IMOৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাছনি কৰাৰ লগতে প্ৰশিক্ষণৰ দায়িত্ব পালন কৰে। এইবাৰ তৃতীয়বাৰৰ বাবে ভাৰতে IMOত ৭ম স্থান দখল কৰিছে। ইয়াৰ পূৰ্বে ১৯৯৮ আৰু ২০০১ চনত ভাৰত প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল।
ভাৰতে ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে IMOত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছৰে পৰা ভাৰতে ৩৫ বাৰৰ ভিতৰত ৭ বাৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিছে। HBCSEৰ তথ্য অনুসৰি যোৱা কিছু বছৰত ভাৰতৰ প্ৰদৰ্শন ধাৰাবাহিকভাৱে উন্নত হৈছে। অলিম্পিয়াডত এইবাৰ দ্বিতীয়বাৰৰ বাবে ভাৰতে তিনিটাকৈ স্বৰ্ণ পদক লাভ কৰিছে। ইয়াৰ পূৰ্বে ১৯৯৮ চনতো ভাৰতে তিনিটা স্বৰ্ণ পদক লাভ কৰিছিল। এইবাৰ ভাৰতীয় দলৰ সদস্য কনভ তালৱাৰ, আৰৱ গুপ্তা আৰু আদিত্য মাংগুদীয়ে স্বৰ্ণ পদক লাভ কৰি দেশলৈ বঁটা কঢ়িয়াই আনিছে।
তেওঁলোকৰ লগতে এবেল জৰ্জ মেথিউ আৰু আদিছ জৈনে ৰূপৰ পদক আৰু আৰ্চিত মানসে ব্ৰঞ্জৰ পদক লাভ কৰে। দলটোৰ আটাইকেইজন ছাত্ৰ-ছাত্ৰী দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হৈছিল। দলৰ চাৰিজন সদস্য দিল্লীৰ। ভাৰতীয় দলটোৰ নেতৃত্বত আছিল ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান দিল্লীৰ অধ্যাপক শান্তা লেশ্ৰাম। আনহাতে ISI বেংগালুৰুৰ ডাঃ মাইনক ঘোষ আছিল লেশ্ৰামৰ সহযোগী। পৰ্যবেক্ষক হিচাপে দলটোৰ সৈতে আছিল আমেৰিকাৰ MITৰ অতুল শতাৱৰ্ত নাদিগ আৰু ডাঃ ৰিজুল ছাইনী।