দোকানত সজাই থোৱা ঘড়ীবোৰত কাঁটা দুডালে কিয় ১০:১০ বজাৰ সময় দেখুৱাই জানেনে?
আমি যেতিয়া ঘড়ীৰ দোকানলৈ যাওঁ, তেতিয়া প্ৰায়েই আমি এটা কথা লক্ষ্য কৰোঁ যে, প্ৰতিটো ঘড়ীতেই ঘণ্টা আৰু মিনিটৰ কাঁটাই ১০:১০ বজাৰ সময় দেখুৱায়। কিন্তু প্ৰতিটো ঘড়ীতেই একে সময় দেখুওৱাৰ কাৰণ কি হ'ব পাৰে কেতিয়াবা ভাবি চাইছেনে?

আমাৰ সকলোৰে ঘৰতে সময় চাবলৈ ঘড়ী থাকে। তাৰোপৰি আমি হাত ঘড়ীও ব্যৱহাৰ কৰোঁ। যাতে যিকোনো মুহূৰ্তত, যিকোনো স্থানত প্ৰয়োজন অনুসৰি আমি সময় চাব পাৰোঁ। বৰ্তমান সময়ত ম’বাইল আৰু স্মাৰ্ট ৱাটছে ঘড়ীৰ ঠাই দখল কৰিছে যদিও বহু মানুহে এতিয়াও তিনিডাল কাঁটাই সময় দেখুওৱা ঘড়ীয়েই পৰিধান কৰে।
আমি যেতিয়া ঘড়ীৰ দোকানলৈ যাওঁ, তেতিয়া প্ৰায়েই আমি এটা কথা লক্ষ্য কৰোঁ যে, প্ৰতিটো ঘড়ীতেই ঘণ্টা আৰু মিনিটৰ কাঁটাই ১০:১০ বজাৰ সময় দেখুৱায়। কিন্তু প্ৰতিটো ঘড়ীতেই একে সময় দেখুওৱাৰ কাৰণ কি হ’ব পাৰে কেতিয়াবা ভাবি চাইছেনে? কেৱল আমাৰ দেশতে নহয়, আন দেশতো ঘড়ীৰ দোকানত আপুনি একেই দেখা পাব। আজি ঘড়ীৰ বিষয়ে এই কথাটোৰ আঁৰৰ কাহিনী জানো আহক।
ঘড়ীত ১০:১০ বজাৰ সময় দেখুওৱা সন্দৰ্ভত পৃথিৱীত বহু মুখ বাগৰা কাহিনী প্ৰচলিত হৈ আহিছে। বহুতেই কয় যে ঐতিহাসিক ঘটনাৰ আলমত ঘড়ীত এই সময় নিৰ্ধাৰিত কৰা থাকে। যেনে- লিংকন/জে এফ কেৰ হত্যাকাণ্ড, পাৰমাণৱিক বোমা নিক্ষেপ, কিন্তু সেই ব্যাখ্যাবোৰৰ আঁৰত কোনো সত্যতা নাই।
বাস্তৱত লিংকনক ১০:১৫ বজাত গুলী কৰা হৈছিল আৰু পিছদিনা পুৱা ৭:২২ বজাত তেওঁৰ মৃত্যু হৈছিল। জে এফ কেক CST অনুসৰি ১২:৩০ বজাত গুলীওৱা হৈছিল আৰু ১ বজাত মৃত বুলি ঘোষণা কৰা হয়। মাৰ্টিন লুথাৰ কিং (এম এল কে)ক ৬:০১ বজাত গুলীওৱা হয় আৰু ৭:০৫ বজাত মৃত বুলি ঘোষণা কৰা হয়।
আন এটা তত্ত্ব অনুসৰি ১০:১০ বজাত নাগাছাকি বা হিৰোচিমাত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল আৰু সেই আক্ৰমণৰ স্মৃতিত ঘড়ীত ১০:১০ বজা দেখায়। ফেট মেন বোমাটো আচলতে স্থানীয় সময় অনুসৰি পুৱা ১১:০২ বজাত আৰু লিটিল বয় বোমাটো স্থানীয় সময় অনুসৰি ৮:১৫ বজাত নিক্ষেপ কৰা হৈছিল।
কিছুমানে কয় যে ঘড়ীত ১০:১০ বজাটো ‘ভি’ৰ দৰে দেখা যায়, আৰু সেইবাবেই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ঘড়ীবোৰত এই সময় দেখা যায়। এয়া বিজয় আৰু আশাৰ মনোভাৱৰ উদাহৰণ দাঙি ধৰাৰ উদ্দেশ্য আছিল।
আচলতে, এনে কিছুমান কাৰণৰ বাবেই ঠিক এই সময়টো বাছি লোৱা হৈছে। নিউয়ৰ্ক টাইমছৰ মতে ইয়াৰ মূল কাৰণটো যথেষ্ট সহজ আৰু স্পষ্ট, সেয়া হৈছে নান্দনিকতা। কাঁটা দুডাল ১০:১০ পজিচনত স্থাপন কৰিলে কেইবাটাও দৃশ্যগত সুবিধা হয়।
- ১০:১০ ত কাঁটা দুডাল ৰাখিলে কাৰ্যতঃ ঘড়ীৰ ডায়েলৰ প্ৰতিটো উপাদান যিমান পাৰি স্পষ্টকৈ দেখা যায়। কাঁটা দুডাল এডাল আনডালৰ ওপৰত নাথাকে, গতিকে দুয়োডাল কাঁটা সম্পূৰ্ণৰূপে তথা স্পষ্টকৈ দেখা যায় আৰু ই এক ষ্টাইলো সৃষ্টি কৰে।
- কাঁটাৰ ব্যৱস্থা প্ৰতিসম, যিটো মানুহে সাধাৰণতে বিষমতাতকৈ অধিক সুখদায়ক বুলি বিবেচনা কৰে, যাৰ ফলত গ্ৰাহকৰ বাবে সামগ্ৰীটো অধিক আকৰ্ষণীয় হৈ পৰে।
- সাধাৰণতে ১২ ৰ ঠিক তলতে প্ৰস্তুতকাৰকৰ ল’গ’টো থাকে। কাঁটা দুডাল ১০:১০ ত ৰাখিলে ল’গ’টো কেৱল দেখা পোৱাই নহয়, কাঁটা দুডালে এটা সুন্দৰ ফ্ৰেম সৃষ্টি কৰে।
- ঘড়ীৰ ডায়েলত অতিৰিক্ত উপাদানসমূহ (যেনে তাৰিখ উইণ্ড’ বা গৌণ ডায়েল), সাধাৰণতে 3, 6, বা 9 ৰ ওচৰত ৰখা হয়। ফলত ১০:১০ ত কাঁটা দুডাল থাকিলে এই উপাদানসমূহ দেখা অসুবিধা নহয়।
টাইমেক্সৰ কৰ্মীসকলৰ মতে (যিসকলে নিজৰ প্ৰডাক্টবোৰ ঠিক ১০:০৯:৩৬ ত ছেট কৰিছিল), আগতে ষ্টেণ্ডাৰ্ড ছেটিং আছিল ৮:২০, কিন্তু ইয়াৰ ফলত ডায়েলখন ভ্ৰু কোঁচাই থকা মানুহৰ মুখ যেন লাগিছিল। প্ৰডাক্টবোৰক “সুখী” মানুহৰ মুখ যেন দেখাবলৈ, ছেটিংটো সলনি কৰা হৈছিল (মাজে মাজে, আপুনি এতিয়াও কিছুমান ঘড়ীত ৮:২০ ছেটিং দেখিব য’ত ৬ ৰ ওপৰত প্ৰস্তুতকাৰকৰ ল’গ’ থাকে)।