TV9 ASSAM
দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰাৰ পিছতো কেতিয়াবা দাঁতত হালধীয়া ৰঙৰ দাগ থাকিব পাৰে। দাঁতৰ ৰং সলনি হোৱাটো সামগ্ৰিক স্বাস্থ্যৰ দুৰ্বলতাৰ লক্ষণ।
দাঁতৰ স্বাভাৱিক বগা ৰং অটুট ৰাখিবলৈ মৌখিক যত্নৰ লগতে কিছুমান খাদ্য তথা অভ্যাসৰ প্ৰতিও গুৰুত্ব দিব লাগে। খাদ্যাভ্যাসৰ বাবেও দাঁতৰ ৰং সলনি হ’ব পাৰে।
বেছিকৈ চাহ-কফি খালে দাঁতৰ ৰং সলনি হ’ব পাৰে। নিয়মিতভাৱে ব্লেক কফি বা চাহ পান কৰিলে দাঁতত হালধীয়া ৰঙৰ দাগ পৰিব পাৰে। তাৰ পৰিৱৰ্তে গ্ৰীণ টি খাব পাৰে।
শীতল পানীয় আপোনাৰ স্বাস্থ্যৰ লগতে দাঁতৰ বাবেও উপকাৰী নহয়। শীতল পানীয়ত থকা অতিৰিক্ত চেনি আৰু কাৰ্বনেটেড পানীয়ে দাঁতৰ ইনামেলৰ ক্ষতি কৰিব পাৰে।
ৰেড ৱাইন আপোনাৰ দাঁতৰ বাবে ভাল নহয়। এই পানীয়ত কেইবাবিধো এচিড থাকে, যাৰ ফলত দাঁত ক্ষয় যায়। ই আপোনাৰ দাঁতৰ বগা ৰং আঁতৰাই পেলায়।
চয়া চচৰ দ্বাৰা তৈয়াৰী খাদ্য নিয়মিত গ্ৰহণ কৰাটো আপোনাৰ দাঁতৰ বাবে ভাল নহয়। চয়া চচে আপোনাৰ দাঁতৰ ক্ষতি কৰাৰ যথেষ্ট সম্ভাৱনা থাকে।
যিকোনো ধৰণৰ ধঁপাত সামগ্ৰিক স্বাস্থ্যৰ লগতে দাঁতৰ বাবেও ক্ষতিকাৰক। নিয়মিত ধূমপান আৰু ধঁপাত সেৱন কৰিলে দাঁতত ক’লা দাগ পৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
কিন্নৰসকলক এনে সামগ্ৰী দান কৰাটো শুভ