শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পুৰীৰ জগন্নাথ মন্দিৰত নিষিদ্ধ কাণ্ড যুৱকৰ, চাওক ভিডিঅ'

পুৰীৰ জগন্নাথ মন্দিৰত নিষিদ্ধ কাণ্ড যুৱকৰ, চাওক ভিডিঅ’

Raj Saikia
Raj Saikia | Published: 01 Aug 2025 20:23 PM

সকলোৱে জানে যে পুৰীৰ মন্দিৰত ফটো তোলা নিষিদ্ধ। সেইবাবেই মোবাইল লৈ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰি। অৱশ্যে এই যুৱকজনে গোপনে মন্দিৰৰ ফটো আৰু ভিডিঅ’ তুলি লৈছিল।

পুৰীৰ জগন্নাথ মন্দিৰত সৃষ্টি হৈছে চাঞ্চল্যকৰ এক ঘটনা। মন্দিৰৰ ভিতৰত নিষিদ্ধ কাৰ্য সংঘটিত কৰিলে এজন যুৱকে। যুৱকজনৰ এই কাৰ্য ধৰা পৰাৰ পাচতেই সৃষ্টি হয় তীব্ৰ চাঞ্চল্য। প্ৰশ্ন উঠিছে, কি উদ্দেশ্য লৈ যুৱকজনে সংঘটিত কৰিলে এনে নিষিদ্ধ কাণ্ড, আঁৰত আছে নেকি কোনো ভয়ংকৰ অভিসন্ধি?

পুৰীৰ জগন্নাথ মন্দিৰৰ ভিতৰৰ পৰা গ্ৰেপ্তাৰ হৈছে এজন যুৱক। গোপনে মন্দিৰৰ ফটো আৰু ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল ধৃত যুৱকজনে। তাকো মোবাইল বা কেমেৰাৰ জৰিয়তে নহয়, কেমেৰাযুক্ত এজোৰ চশমা পিন্ধি এই কাম কৰিছিল যুৱকজনে। ইয়াৰ ফলত সন্দেহ আৰু অধিক বৃদ্ধি পাইছে।

সকলোৱে জানে যে পুৰীৰ মন্দিৰত ফটো তোলা নিষিদ্ধ। সেইবাবেই মোবাইল লৈ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰি। অৱশ্যে এই যুৱকজনে গোপনে মন্দিৰৰ ফটো আৰু ভিডিঅ’ তুলি লৈছিল। ধৃত যুৱকজনৰ নাম অভিষেক কৰ। তেওঁ ভুৱনেশ্বৰৰ বাসিন্দা।

মঙলবাৰে পুৰীৰ মন্দিৰ চৌহদত ইফালে সিফালে ঘূৰি ফুৰিছিল যুৱকজনে। তেওঁৰ আচৰণ দেখি নিৰাপত্তাৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। লগে লগে তেওঁক ওচৰলৈ মাতে। তাৰ পাছত ভালকৈ পৰীক্ষা কৰাত সত্যটো ধৰা পৰে। দেখা গ’ল যে যুৱকজনে ৰে-বেনৰ মেটা ৱেফাৰ চশমা পিন্ধিছিল, য’ত কেমেৰা সংলগ্ন আছিল। এই কেমেৰাটো ফোনৰ সৈতে সংযোগ কৰা হৈছে। এই গোপন কেমেৰাৰ সহায়ত লাইভ সম্প্ৰচাৰো কৰিব পাৰি।