পাকিস্তানৰ সৈতে চুক্তি স্বাক্ষৰ আমেৰিকাৰ, ট্ৰাম্পে কৰিলে ঘোষণা…
ভাৰতৰ সৈতে বন্ধুত্বৰ কথা পাহৰি পাকিস্তানৰ কাষ চাপিছে আমেৰিকা। শেহতীয়াকৈ আমেৰিকাই পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে।
এফালে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ আনফালে পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ আমেৰিকাৰ। এই চুক্তিৰ অধীনত পাকিস্তানৰ সৈতে দক্ষিণ এছিয়াৰ দেশৰ তেলৰ মজুত উন্নয়নৰ বাবে কাম কৰিব। এই কথা ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ পাকিস্তানত তেলৰ মজুত উন্নয়নৰ বাবে যৌথ পদক্ষেপৰ প্ৰতিশ্ৰুতি দিছে। লগতে কয় যে, কোনে জানে এদিন পাকিস্তানে হয়তো ভাৰতক তেল বিক্ৰী কৰিব।
সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনায় ট্ৰাম্পে। তেওঁ কয় যে, আমি পাকিস্তানৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছো, যাৰ অধীনত পাকিস্তান আৰু আমেৰিকাই একেলগে কাম কৰি তেওঁলোকৰ বিশাল তেলৰ মজুত উন্নয়ন সাধন কৰিব। অৱশ্যে ইয়াৰ নেতৃত্ব কোন কোম্পানীয়ে দিব তাৰ বাছনি প্ৰক্ৰিয়া বৰ্তমান চলি থকা বুলি জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
ভাৰতৰ বিৰুদ্ধে ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে এই চুক্তিৰ কথা ঘোষণা কৰে ট্ৰাম্পে।