মৃত অৰ্থনীতিৰ পৰা তেল ৰপ্তানিলৈ…ইংগিতেৰে ট্ৰাম্পক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
ড'নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা শাস্তিমূলক শুল্ক আৰু বাৰে বাৰে কৰি অহা দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ট্ৰাম্পে বাৰম্বাৰ সকীয়নি দিলেও ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ ৰপ্তানি যে ভাৰতে বন্ধ নকৰে সেয়া স্পষ্ট হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ বক্তব্যত।

ট্ৰাম্পৰ শুল্কনীতিয়ে তিক্ত কৰি তুলিছে ভাৰত আৰু আমেৰিকাৰ মাজ সম্পৰ্কক। এফালে ট্ৰাম্পে প্ৰতিটো বিষয়তে ভাৰতক নিজৰ পৰামৰ্শ দি আছে, আনফালে শুল্কৰ ভাবুকিও দিয়া দেখা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই ভাবুকিৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইংগিতৰ জৰিয়তে নিজৰ আৰু ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে।
কাশীত প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পৰ প্ৰশ্ন আৰু ভাৰতে কি কৰিব বা কি নকৰে সেই বিষয়ে স্পষ্ট কৰি দিছে। মৃত অৰ্থনীতি সন্দৰ্ভত ট্ৰাম্পে দিয়া বক্তব্য সন্দৰ্ভত তেওঁ কয় যে ভাৰত বিশ্বৰ তৃতীয় অৰ্থনীতি হ’বলৈ আগবাঢ়িছে। অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় অৰ্থনীতিত পৰিণত হ’ব।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আজি বিশ্ব অৰ্থনীতি বহু আশংকাৰ মাজেৰে পাৰ হৈ গৈছে, অস্থিৰ পৰিবেশ। এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহে নিজৰ স্বাৰ্থত মনোনিৱেশ কৰিছে। ভাৰতেও নিজৰ অৰ্থনৈতিক স্বাৰ্থৰ প্ৰতি সজাগ হ’ব লাগিব।‘‘
ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিব
বৰ্তমান ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে। এই সন্দৰ্ভত ট্ৰাম্পে কৈছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি দিছে। এইটো এটা ভাল কথা। ট্ৰাম্পৰ এই বক্তব্যৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি কি কিনিম আৰু কি কিনিব নোৱাৰিম, এই সকলোবোৰ ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ কৰি নিৰ্ধাৰণ হ’ব। ইয়াৰ পৰা স্পষ্ট যে ভাৰতে ৰাছিয়াৰ পৰা তেল আৰু অন্যান্য অস্ত্ৰ ক্ৰয় কৰি থাকিব। ইয়াত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নহ’ব।
প্ৰয়োজনীয়খিনিহে আমি কিনিম: মোদী
দীৰ্ঘদিন ধৰি আমেৰিকাই নিজৰ যুদ্ধ বিমান F-৩৫ ভাৰতক বিক্ৰী কৰাৰ চেষ্টা চলাই আহিছে। অৱশ্যে ভাৰতে বহুবাৰ এই প্ৰস্তাৱ নাকচ কৰিছে। শুল্ক ঘোষণাৰ পিছতে ভাৰতে আমেৰিকাৰ পৰা F-৩৫ যুদ্ধ বিমান ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকা ভ্ৰমণ কৰি হোৱইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিছিল। এই সময়ত ট্ৰাম্পে ভাৰতক F-৩৫ যুদ্ধ বিমান বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছিল। শনিবাৰে কাশীত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সেয়াহে ক্ৰয় কৰিব য’ত নিজৰ মাটি আৰু ভাৰতীয় জনসাধাৰণৰ শ্ৰমৰ সৈতে জড়িত হৈ থাকে।
কোনটো বক্তব্যৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কক লৈ আপত্তি দাঙি ধৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কৈছিল যে দুয়োৱে নিজৰ অৰ্থনীতি ডুবাব বিচাৰে। ইয়াৰ লগতে তেওঁ ৰাছিয়াৰ পৰা তেল, অস্ত্ৰ আদি ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত শাস্তি আৰোপ কৰাৰ কথাও কয়। এই বক্তব্যৰ এদিন পিছতে ট্ৰাম্পে দাবী কৰিছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল লোৱা বন্ধ কৰি দিছে। অৱশ্যে এনে দাবীৰ কোনো সত্যতা নাই। ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
কি আছিল ড’নাল্ড ট্ৰাম্পৰ বক্তব্য?
ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক আৰু ব্যৱসায়ৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল, “মোৰ বাবে ইয়াৰ কোনো গুৰুত্ব নাই। তেওঁলোকে নিজৰ অৰ্থনীতি ডুবাব পাৰে, ই মোৰ বাবে কোনো পাৰ্থক্য সৃষ্টি কৰা নাই। ভাৰতৰ সৈতে আমেৰিকাৰ ব্যৱসায় সীমিত। অৱশ্যে তেওঁলোকৰ শুল্ক অতি বেছি। বিশ্বৰ ভিতৰতে সৰ্বাধিক শুল্ক লয় ভাৰতে। একেদৰে আমেৰিকা আৰু ৰাছিয়াৰো কোনো ব্যৱসায় নাই। ভাৰতৰ পৰা হোৱা আমদানিৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ লগতে ভাৰতে ৰাছিয়াৰ পৰা সামৰিক সঁজুলি আৰু শক্তি ক্ৰয় কৰাৰ বাবেও অতিৰিক্ত শাস্তি পাব।”