শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ প্ৰস্তুতিৰ পৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ প্ৰস্তুতিৰ পৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 01 Aug 2025 22:42 PM

অহা ৮ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল'ব। এই অনুষ্ঠানতে সুধাকণ্ঠৰ স্মৃতিত এটা বিশেষ মুদ্ৰা আৰু বিভিন্ন ভাষাত প্ৰকাশিত জীৱনী উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

এইবাৰ উদযাপন কৰা হ’ব সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। ইতিমধ্যে ইয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। অহা ৮ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব। এই অনুষ্ঠানতে সুধাকণ্ঠৰ স্মৃতিত এটা বিশেষ মুদ্ৰা আৰু বিভিন্ন ভাষাত প্ৰকাশিত জীৱনী উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ আগে আগে অহা ২৯ আগষ্ট অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

এই ভ্ৰমণৰ সময়ত নৱনিৰ্মিত ৰাজভৱন উদ্বোধনৰ লগতে পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা এনডিএৰ প্ৰাৰ্থীসকলৰ সৈতেও মিলিত হ’ব শ্বাহ। তাৰ পাছতেই গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানৰ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

ঘোষণা হ’ল উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ। অহা ৯ ছেপ্টেম্বৰ অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। ২১ আগষ্ট হৈছে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই কথা। জগদীপ ধনখড়ৰ আকস্মিক পদত্যাগৰ ফলতেই অনুষ্ঠিত কৰিবলগীয়া হৈছে এই নিৰ্বাচন।

চাওঁ আহক দিনটোৰ আন কেইটামান গুৰুত্বপূৰ্ণ খবৰ…