শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আহিল নতুন GST, পিছে কিমান সস্তা হ’ব বাহন-বাইক? বাচিবনে জেপৰ ধন!

এইবাৰ পূজাৰ বতৰত গ্ৰাহকসকল বাহন বা বাইকৰ ক্ষেত্ৰত দেখা পাব নতুন বজাৰ। পূজাৰ সময়ত যদি আপুনিও পছন্দৰ এখন বাহন বা বাইক ক্ৰয়ৰ পৰিকল্পনা কৰি আছে, এই পৰিকল্পনা বাস্তৱায়িত কৰিব পাৰে।

আহিল নতুন GST, পিছে কিমান সস্তা হ’ব বাহন-বাইক? বাচিবনে জেপৰ ধন!
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 23 Sep 2025 14:14 PM

পূজাৰ বতৰত স্বাভাৱিকতেই দাম কমে বাহন বা বাইকৰ। কোম্পানীসমূহে এই সময়ত গ্ৰাহকক আকৰ্ষিত কৰিবলৈ ৰেহাই আগবঢ়ায়। সেয়ে এই সময়ছোৱাত পছন্দৰ বাহনখন ক্ৰয় কৰিবলৈ সাজু হৈ থাকে বহু লোক। পিছে এইবাৰ পূজাৰ বতৰত গ্ৰাহকসকল বাহন বা বাইকৰ ক্ষেত্ৰত দেখা পাব নতুন বজাৰ। পূজাৰ সময়ত যদি আপুনিও পছন্দৰ এখন বাহন বা বাইক ক্ৰয়ৰ পৰিকল্পনা কৰি আছে, এই পৰিকল্পনা বাস্তৱায়িত কৰিব পাৰে।

কিয়নো এইবাৰ পূজাৰ আগে আগে নতুন জি এছ টি প্ৰৱৰ্তনৰ লগে লগে কেইবাখনো বাইক আৰু পেট্ৰ’ল বা ডিজেল চালিত বাহনৰ ওপৰত কৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। তদুপৰি পেট্ৰ’ল চালিত বা হাইব্ৰিড বাহনৰ ক্ষেত্ৰত জি এছ টি হ্ৰাস কৰা হৈছে। ১২০০ চিচিতকৈ কম ইঞ্জিন আৰু ৪ মিটাৰতকৈ কম দৈৰ্ঘ্যৰ বাহনৰ জি এছ টি ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস পাইছে।

একেদৰে ৪ মিটাৰতকৈ কম কম দৈৰ্ঘ্যৰ আৰু ১৫০০ চিচিতকৈ কম ইঞ্জিন ক্ষমতা থকা বাহনৰ ওপৰতো একে হাৰত কৰ হ্ৰাস কৰা হৈছে। ইফালে ৩৫০ চিচি বা তাতকৈ কম ইঞ্জিন ক্ষমতা থকা বাইকৰ জি এছ টিও হ্ৰাস কৰা হৈছে। উদাহৰণস্বৰূপে, ৰয়েল এনফিল্ড মিটিয়ৰ ৩৫০ৰ দাম প্ৰায় ২০ হাজাৰ টকা হ্ৰাস পাব পাৰে।

অৱশ্যে ইয়াতকৈ ডাঙৰ গাড়ী বা বাইকত কৰ বৃদ্ধি হ’ব। নতুন জি এছ টি নীতি মতে এনে বাহন বা বাইকসমূহৰ ওপৰত ৪০ শতাংশ কৰ আৰোপ কৰা হ’ব। বাহনৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰো দাম হ্ৰাস পাব। ইয়াৰ ফলত সাধাৰণ ৰাইজে যথেষ্ট সকাহ লাভ কৰিব।