Virat Kohli Net Worth: বিৰাট কোহলীৰ সম্পত্তিৰ পৰিমাণ কিমান? ছ’চিয়েল মিডিয়াৰ এটা পোষ্টৰ বাবদ কিমান টকা লাভ কৰে, জানক…
Virat Kohli Net Worth: কেৱল ক্ৰিকেট জগততে নহয়, উপাৰ্জনৰ ক্ষেত্ৰতো শীৰ্ষত আছে বিৰাট কোহলী। তেওঁৰ সম্পত্তিৰ পৰিমাণ আপুনি জানেনে? বিৰাটৰ সম্পত্তি ১০০ বা ২০০ কোটি নহয়। তাতকৈ বহু বেছি ওপৰত।

সোমবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে বিৰাট কোহলীয়ে। কোহলীয়ে মুঠ ১২৩খন টেষ্ট মেচ খেলিছে, য’ত তেওঁ ৯২৩০ ৰান সংগ্ৰহ কৰিছে। এই টেষ্ট মেচত কোহলীয়ে ৩০ টা শতক আৰু ৩১ টা অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয়। কেৱল ক্ৰিকেটৰ ক্ষেত্ৰখনতে নহয়, উপাৰ্জনৰ ক্ষেত্ৰতো বিৰাট কোহল শীৰ্ষত আছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কিং কোহলীৰ সম্পত্তিৰ পৰিমাণ ১০০-২০০ কোটি নহয়, তাতকৈ বহু বেছি। তেওঁৰ সম্পত্তিৰ পৰিমাণ শুনিলে চকু উঠিব কঁপালত।
বিৰাট কোহলীৰ সম্পত্তি
বিৰাট কোহলী ক্ৰিকেট জগতৰ এটি জনপ্ৰিয় নাম। কেৱল দেশতেই নহয়, বিদেশতো কোহলীয়ে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে বিশ্বৰ প্ৰায় প্ৰতিটো প্ৰান্তত কোহলীৰ অনুৰাগী থকা দেখা যায়। কেৱল ক্ৰিকেটতে নহয়,উপাৰ্জনৰ ক্ষেত্ৰতো বিৰাট কোহলী আছে শীৰ্ষত।
ক্ৰিকেটৰ উপৰি তেওঁ ছ’চিয়েল মিডিয়া, ব্ৰেণ্ড এণ্ডাৰছমেণ্ট আৰু বিভিন্ন বিনিয়োগৰ জৰিয়তে ধন উপাৰ্জন কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিৰাট কোহলীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ১২৭ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১০৪৬ কোটি টকা। কোহলীৰ বাৰ্ষিক গড় আয় প্ৰায় ১৫ কোটি টকা। আনহাতে বিৰাট কোহলীয়ে এমাহত ১,২৫,০০,০০০ টকা উপাৰ্জন কৰে।
সামাজিক মাধ্যম
বিৰাটে ক্ৰিকেটৰ জৰিয়তে উপাৰ্জন কৰাৰ লগতে বিভিন্ন ব্ৰেণ্ডৰ এম্বেছাদৰ হিচাপেও টকা উপাৰ্জন কৰে। ইয়াৰোপৰি তেওঁৰ নিজা ব্যৱসায় আছে আৰু বহু কোম্পানীত টকা বিনিয়োগ কৰে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কোহলীয়ে টেষ্টৰ বাবে ১৫ লাখ, এদিনীয়াৰ বাবে ৬ লাখ আৰু টি-২০ৰ বাবে ৩ লাখ টকা লয়। আনহাতে বিচিচিআইৰ এ+ চুক্তিৰ বাবে তেওঁ বছৰি ৭ কোটি টকা লাভ কৰে। ইয়াৰ বিপৰীতে সামাজিক মাধ্যমৰ পৰাও তেওঁ বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰে বিৰাটৰ ইনষ্টাগ্ৰামত ২৭১ মিলিয়ন ফ’ল’ৱাৰ আছে, গতিকে এটা পোষ্টৰ বাবে তেওঁ ৬ৰ পৰা ১১ কোটি টকা লয়।
বৰ্তমান ক্ৰিকেট জগতৰ সৰ্বাধিক কৰদাতাৰ তালিকাত আছে বিৰাট কোহলী। খবৰ অনুসৰি ২০২৪ বিত্তীয় বৰ্ষত ৬৬ কোটি টকাৰ এডভান্স টেক্স পৰিশোধ কৰিছে কোহলীয়ে। ইয়াৰ লগতে কোহলীয়ে বহু কোম্পানীতো বিনিয়োগ কৰিছে। য’ৰ পৰা তেওঁলোকে ডাঙৰ ৰিটাৰ্ণ লাভ কৰে। বিৰাটে Blue Tribe, Chisel Fitness, Nueva, Galactus Funware Technology Pvt. Ltd, Sport Convo আদি কোম্পানীত বিনিয়োগ কৰে। এণ্ডাৰছমেণ্টেও তেওঁ উপাৰ্জন কৰে। মন্যৱৰ, এম পি এল, পেপচি, ফিলিপছ, ফাষ্ট্ৰেক, বুষ্ট, অ’ডি, এম আৰ এফ, হিৰো, ভালভ’লাইন আদি ব্ৰেণ্ডৰ পৰাও বিৰাটে বহু টকা উপাৰ্জন কৰে।
অন্য খবৰ পঢ়কঃ Virat kohli etirement : টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ বিৰাট কোহলীৰ, আধৰুৱা হৈ ৰ’ল সপোন…