শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পঞ্চায়তৰ ফলাফলে বৃদ্ধি কৰিছে NDA ৰ আত্মবিশ্বাস ! ২৬ ৰ বিধানসভা নিৰ্বাচনত ১০৪ খন আসন লাভ কৰাৰ আশা মুখ্যমন্ত্ৰীৰ

পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শনক ‘ঐতিহাসিক’ বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ এক প্ৰকাৰে দাবী কৰে যে, শাসকীয় মিত্ৰজোঁটে অহা বছৰৰ নিৰ্বাচনত ১২৬খন বিধানসভাৰ আসনৰ ভিতৰত ১০৪খন বিধানসভাৰ আসন লাভ কৰাৰ সম্ভাৱনা আছে।

পঞ্চায়তৰ ফলাফলে বৃদ্ধি কৰিছে NDA ৰ আত্মবিশ্বাস ! ২৬ ৰ বিধানসভা নিৰ্বাচনত ১০৪ খন আসন লাভ কৰাৰ আশা মুখ্যমন্ত্ৰীৰ
Image Credit source: X Handle
manas-borah
Manas Borah | Updated On: 12 May 2025 21:39 PM

শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে আত্মবিশ্বাস বৃদ্ধি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ । সোমবাৰে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শনক ‘ঐতিহাসিক’ বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ এক প্ৰকাৰে দাবী কৰে যে, শাসকীয় মিত্ৰজোঁটে অহা বছৰৰ নিৰ্বাচনত ১২৬খন বিধানসভাৰ আসনৰ ভিতৰত ১০৪খন বিধানসভাৰ আসন লাভ কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে ভোটগণনা চলি থকা অসমৰ পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া ফলাফলত বিশাল অগ্ৰগতি লাভ কৰিছে বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে। একেৰাহে দ্বিতীয় দিনৰ বাবে অব্যাহত আছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, জিলা পৰিষদৰ ৩০০ৰো অধিক আসন দখল কৰিবলৈ বিজেপিয়ে আগবাঢ়িছে আৰু এয়া ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত বিজেপিৰ ঐতিহাসিক জয় হ’বলৈ গৈ আছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

অহা বছৰৰ বিধানসভা নিৰ্বাচনত কি আশা কৰা হৈছে সেই বিষয়ে সোধাত তেওঁ কয় যে, পঞ্চায়তৰ ফলাফলতকৈ বিধানসভা নিৰ্বাচনৰ ফলাফল ভাল হ’ব। “পঞ্চায়ত সাধাৰণতে গ্ৰামাঞ্চলত থাকে। বিধানসভা নিৰ্বাচনত গ্ৰামাঞ্চল আৰু চহৰ দুয়োটা অঞ্চলে থাকিব। পৰম্পৰাগতভাৱে চহৰৰ অঞ্চলত বিজেপিয়ে ভাল প্ৰদৰ্শন কৰে।” এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

“বৰ্তমান অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১০৪ খন লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে সম্ভাৱনা আৰু বাস্তৱৰ মাজত পাৰ্থক্য আছে। আমি আশা কৰিছো যে, আমি ৯৫খন আসন লাভ কৰিম। কিন্তু সকলো নিৰ্ভৰ কৰে জনসাধাৰণৰ মনোভাৱৰ ওপৰত।” এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, সম্প্ৰতি ১২৬ জনীয়া অসম বিধানসভাত শাসকীয় বিজেপিৰ হাতত ৬৪ খন, আনহাতে মিত্ৰ দল অগপৰ হাতত ৯ খন আৰু ইউপিপিএলৰ হাতত ৭ খন আসন আছে । এই সকলো আসন মিলাই এনডিএৰ হাতত আছে অসম বিধানসভাৰ ১২৬ আসনৰ ভিতৰত ৮০ খন আসন। ইয়াৰ বিপৰীতে বিৰোধী শিবিৰৰ কংগ্ৰেছৰ হাতত ২৬ খন, এ আই ইউ ডি এফৰ হাতত ১৫ খন, বি পি এফৰ ৩ খন আৰু চি পি আই (এম)ৰ হাতত এখন আৰু এজন নিৰ্দলীয় বিধায়ক আছে ।

চলিত বৰ্ষৰ শেষৰ ফালে হ’বলগীয়া BTR নিৰ্বাচনৰ সন্দৰ্ভত সোধাত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আমি বিটিআৰত অকলে যুঁজিম, কিন্তু আমি সকলো আসনত প্ৰতিদ্বন্দ্বিতা নকৰো। আমি কেৱল সেই আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিম য’ত আমাৰ শক্তি আছে। ইউপিপিএলৰ সৈতে আমাৰ মিত্ৰতা অব্যাহত থাকিব।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে ।