মূৰৰ পৰা ভৰিলৈ ঋণত ডুব গৈছে ড’নাল্ড ট্ৰাম্পৰ আমেৰিকা! পালে ডাঙৰ আঘাত

মুডীজে আমেৰিকাৰ AAA ক্ৰেডিট ৰেংকিং কমাই AA1 কৰি দিছে, যিয়ে বৃদ্ধি পোৱা ঋণ আৰু ৰাজনৈতিক গতিবিধিক দেখুৱায়। ট্ৰাম্পৰ বাণিজ্যিক নীতি আৰু কৰ কৰ্তনৰ ফলত ঋণৰ পৰিমাণ যথেষ্ঠ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

মূৰৰ পৰা ভৰিলৈ ঋণত ডুব গৈছে ড’নাল্ড ট্ৰাম্পৰ আমেৰিকা! পালে ডাঙৰ আঘাত

মূৰৰ পৰা ভৰিলৈ ঋণত ডুব গৈছে ড’নাল্ড ট্ৰাম্পৰ আমেৰিকা!

Updated On: 

18 May 2025 | 08:00 AM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাক পুনৰ বৈশ্বিক মঞ্চ কৰি তুলিবলৈ শুল্ক আৰোপৰ ভাবুকি দি বাণিজ্যক ক্ষেত্ৰ নিজৰ পক্ষলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে, যাতে অৰ্থনীতি বৃদ্ধি পাব পাৰে। কিন্তু আমেৰিকাৰ বৰ্ধিত ঋণ হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। গ্ল’বেল ৰেটিং এজেন্সী মুডীজে আমেৰিকাৰ শীৰ্ষ ক্ৰেডিট ৰেটিং AAA ৰ পৰা AA1 লৈ হ্ৰাস কৰি চৰকাৰৰ ঋণ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ ওপৰত আলোকপাত কৰে। আমেৰিকাৰ অৰ্থনীতি সুস্থিৰ কৰাৰ প্ৰচেষ্টা ৰাজনৈতিক মতানৈক্যৰ বলি হোৱা সময়ত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

মুডীজে জনাই যে, আমেৰিকাৰ অৰ্থনৈতিক শক্তি, ইয়াৰ স্থিতিস্থাপকতা আৰু বিশ্বব্যাপী সংৰক্ষিত মুদ্ৰা হিচাপে ডলাৰৰ মৰ্যাদা এতিয়াও ইয়াৰ আটাইতকৈ ডাঙৰ শক্তি। কিন্তু দ্ৰুতগতিত বৃদ্ধি পোৱা বাজেটৰ ঘাটি আৰু ৰিপাব্লিকান আৰু ডেম’ক্ৰেটৰ মাজত নীতিগত পাৰ্থক্যই দীৰ্ঘম্যাদী অৰ্থনৈতিক স্থিতিশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। মুডীজৰ পূৰ্বে ষ্টেণ্ডাৰ্ড এণ্ড পুৰছে (S&P) ২০১১ আৰু ফিচে ২০২৩ চনত আমেৰিকাৰ ৰেটিং কৰ্তন কৰিছিল। মুডীজ হৈছে এই পদক্ষেপ লোৱা তৃতীয়টো ডাঙৰ সংস্থা। সংস্থাটোৱে সকীয়াই দিছে যে যদিহে পৰিস্থিতিৰ উন্নতি নহয় তেন্তে ২০৩৫ চনৰ ভিতৰত আমেৰিকাৰ বাজেট ঘাটি বৰ্তমানৰ ৬.৪%ৰ পৰা ৯%লৈ বৃদ্ধি পাব পাৰে।

ঋণ বাঢ়িব পাৰে

মুডীজৰ মতে, ২০১৭ চনত ট্ৰাম্পে কাৰ্যকৰী কৰা কৰ কৰ্তনৰ সময় বৃদ্ধি কৰিলে অহা দশকত ঋণ ৪ ট্ৰিলিয়ন ডলাৰ বৃদ্ধি পাব পাৰে। ৰিপাব্লিকানসকলে কৰ কৰ্তনৰ পক্ষত থকাৰ বিপৰীতে ডেম’ক্ৰেটসকলে খৰচ হ্ৰাস কৰিবলৈ সাজু নহয়। এই অচলাৱস্থাৰ কোনো সুনিৰ্দিষ্ট সমাধান যেন নাই। ৰেটিং হ্ৰাস পোৱাৰ বাবে আমেৰিকাই নিজৰ ঋণৰ ওপৰত অধিক সুত দিব লাগিব, যাৰ ফলত চৰকাৰী ব্যয়ৰ ওপৰত হেঁচা বৃদ্ধি পাব। ইয়াৰ ফলত বিশ্ব বিনিয়োগৰ পৰিৱেশ আৰু শ্বেয়াৰ বজাৰতো প্ৰভাৱ পৰিব পাৰে। এতিয়া লক্ষ্যণীয় হ’ব বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি থকা দেশখনে এই প্ৰত্যাহ্বানসমূহৰ সৈতে কেনেদৰে মোকাবিলা কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...