শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বেছি দিনলৈ বিনামূলীয়া হৈ নাথাকে UPI সেৱা, দিব লাগিব চাৰ্জ ! কি ইংগিত দিলে RBI গৱৰ্ণৰে ?

UPI লেনদেনত এতিয়ালৈকে কোনো ধৰণৰ চাৰ্জ দিব নালাগে। কিন্তু শেহতীয়াকৈ এই সেৱা বেছি দিনলৈ যে বিমানমূলীয়া হৈ নাথাকে তাৰে ইংগিত দিলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই।

বেছি দিনলৈ বিনামূলীয়া হৈ নাথাকে UPI সেৱা, দিব লাগিব চাৰ্জ ! কি ইংগিত দিলে RBI গৱৰ্ণৰে ?
UPI সেৱা সন্দৰ্ভত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ
manas-borah
Manas Borah | Published: 06 Aug 2025 18:23 PM

বেছি দিনলৈ UPI সেৱা বিনামূলীয়াকৈ গ্ৰহণ কৰিব নোৱাৰিব। বৰ্তমান সময়ত টকা-পইচাৰ লেনদেন প্ৰায় অনলাইন অৰ্থাৎ UPI সেৱা যেনে-GooglePay, PhonePay আদিৰ দ্বাৰা কৰা হয়। UPI লেনদেনত এতিয়ালৈকে কোনো ধৰণৰ চাৰ্জ দিব নালাগে। কিন্তু শেহতীয়াকৈ এই সেৱা বেছি দিনলৈ যে বিমানমূলীয়া হৈ নাথাকে তাৰে ইংগিত দিলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে, ইউ পি আই (Unified Payment Interface) সেৱা সদায় বিনামূলীয়া হ’ব হৈ নাথাকে। তেওঁ স্পষ্টকৈ কয় যে,এই ডিজিটেল পেমেণ্ট চিষ্টেম চলোৱাৰ সৈতে খৰচ জড়িত হৈ আছে আৰু এই খৰচ কোনোবাই নহয় কোনোবাই বহন কৰিব লাগিব।

মুদ্ৰানীতি সমিতিৰ বৈঠকৰ অন্তত সংবাদমেলত এই মন্তব্য কৰে আৰ বি আইৰ গৱৰ্ণৰগৰাকীয়ে। তেওঁ কয়,”মই কেতিয়াও কোৱা নাছিলো যে, ইউপিআই সদায় বিনামূলীয়া হ’ব। এই সেৱাৰ লগত খৰচ জড়িত হৈ আছে আৰু ইয়াৰ বাবে কোনোবাই নহয় কোনোবাই এই খৰচ বহন কৰিব লাগিব।”

UPI ৰ খৰচৰ বোজা কোনে বহন কৰিব?

RBI ৰ গৱৰ্ণৰগৰাকীয়ে আৰু কয় যে, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ব্যৱস্থাটোক বহনক্ষম কৰি তুলিব লাগিব। খৰচ চৰকাৰে হওক বা আন কোনোবাই বহন কৰক, তাত কোনো কথা নাই। কিন্তু এই সেৱাৰ খৰচ বহন নকৰাকৈ দীৰ্ঘদিনলৈ বিমামূলীয়াকৈ চলাব নোৱাৰি।

ইয়াৰ পূৰ্বে আৰ বি আইৰ গৱৰ্ণৰে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছিল। ২০২৫ চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা ফাইনেন্সিয়েল এক্সপ্ৰেছ বিএফএছআই শীৰ্ষ সন্মিলনত তেওঁ কৈছিল যে, UPI ৰ জিৰ’-কষ্ট মডেল বেছি দিন টিকি থাকিব নোৱাৰে। তেওঁ কয় যে, বৰ্তমান চৰকাৰে এই সেৱাত ৰাজসাহায্য প্ৰদান কৰিছে, যাৰ বাবে বেংক আৰু অন্যান্য কোম্পানীসমূহৰ বাবে কোনো প্ৰত্যক্ষ খৰচ নাই, কিন্তু লেনদেনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে খৰচো বৃদ্ধি পাইছে।

ICICI বেংকে প্ৰথম পদক্ষেপ ল’লে

ইফালে এটা ডাঙৰ খবৰও আহিছে যে ICICI বেংকে ইউপিআইৰ লেনদেনত প্ৰচেছিং মাচুল আৰোপ কৰিবলৈ আৰম্ভ কৰিছে। ET ৰ এক প্ৰতিবেদন অনুসৰি ICICI বেংকে এতিয়া লেনদেনৰ ভিত্তিত পেমেণ্ট এগ্ৰিগেটৰ (পিএ)ৰ পৰা চাৰ্জ ল’ব। যদি পি এৰ ICICI ত এচক্ৰ’ একাউণ্ট আছে, তেন্তে ২ বেচিছ পইণ্ট পৰ্যন্ত মাচুল (১০০ টকাৰ ওপৰত ০.০২ টকা) লোৱা হ’ব। প্ৰতিটো লেনদেনত সৰ্বাধিক ৬ টকা।

যিসকল পিএৰ ICICI ত এচক্ৰ’ একাউণ্ট নাই তেওঁলোকৰ পৰা ৪ বেচিছ পইণ্ট পৰ্যন্ত চাৰ্জ লোৱা হ’ব। প্ৰতিটো লেনদেনত সৰ্বোচ্চ ১০ টকা। যদি ব্যৱসায়ীজনৰ ICICI বেংকত একাউণ্ট থাকে আৰু একেটাৰে লেনদেন হয় তেন্তে কোনো মাচুল লোৱা নহয়।