ভাৰত-আমেৰিকাৰ সম্পৰ্কত নতুন আশা, নৱেম্বৰৰ শেষলৈ আঁতৰিব পাৰে সংঘাতৰ কলীয়া ডাৱৰ
Trump tariff on India: ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা বাণিজ্যিক উত্তেজনাৰ পৰা এতিয়া নতুন আশাৰ আভাস পোৱা গৈছে। ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক শীঘ্ৰে প্ৰত্যাহাৰ কৰিব পাৰে আমেৰিকাই। বৃহস্পতিবাৰে ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে ঘোষণা কৰে যে ৩০ নৱেম্বৰৰ পিছত কিছুমান আমদানিৰ ওপৰত আৰোপ কৰা শাস্তিমূলক শুল্ক উঠাই লোৱা হ’ব।

নৰেন্দ্ৰ মোদীৰ সৈতে ড'নাল্ড ট্ৰাম্প
খুব সোনকালেই এটা ভাল খবৰ লাভ কৰিব ভাৰতে। শেহতীয়া পৰিস্থিতিত এই সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে। আমেৰিকাই অতি সোনকালেই হয়তো ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক প্ৰত্যাহাৰ কৰিব পাৰে। বৃহস্পতিবাৰে ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে এক অনুষ্ঠানত কয় যে ভাৰতৰ পৰা আমেৰিকাৰ কিছুমান আমদানিৰ ওপৰত আৰোপ কৰা ৫০ শতাংশ পৰ্যন্ত গধুৰ শুল্ক অতি সোনকালে প্ৰত্যাহাৰ কৰিব পাৰে। ইয়াৰ পৰা বুজা যায় যে দুয়োখন দেশৰ মাজত চলি থকা আলোচনা সফল হ’ব পাৰে আৰু বাণিজ্যিক বাধাসমূহ শিথিল হোৱাৰো সম্ভাৱনা আছে।
শুল্ক প্ৰত্যাহাৰৰ সম্ভাৱনা
কলকাতাৰ মাৰ্চেণ্টছ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্য অৰ্থনৈতিক উপদেষ্টা নাগেশ্বৰনে কয় যে ভাৰতত প্ৰথমতে ২৫ শতাংশ শুল্ক, তাৰ পিছত ২৫ শতাংশ শাস্তিমূলক শুল্ককে ধৰি মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰা হৈছিল। ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে এই শাস্তিমূলক শুল্ক আৰোপ কৰা হৈছিল। কিন্তু শেহতীয়া পৰিস্থিতি আৰু চলি থকা আলোচনাৰ বাবে ৩০ নৱেম্বৰৰ পিছত এই অতিৰিক্ত শুল্ক প্ৰত্যাহাৰ হ’ব পাৰে বুলি আশা কৰা হৈছে।
লগতে পঢ়ক: অবৈধ উৎপাদনৰ ক্ষেত্ৰত চীন প্ৰথম! ভাৰতো আছে তালিকাত, আমেৰিকাৰ ২৩ খন দেশৰ তালিকা জাৰি…
নাগেশ্বৰনে লগতে কয় যে অহা কেইমাহমানৰ ভিতৰত দুয়োখন দেশৰ মাজত পাৰস্পৰিক শুল্ক সমস্যাৰ সমাধানৰ সম্ভাৱনা আছে। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত বাণিজ্যৰ সুবিধা আৰু অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় হ’ব।
ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ সম্ভাৱনা
ভাৰতৰ ৰপ্তানি ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলিও নাগেশ্বৰনে উল্লেখ কৰে। বৰ্তমান ভাৰতৰ বাৰ্ষিক ৰপ্তানি প্ৰায় ৮৫০ বিলিয়ন মাৰ্কিন ডলাৰ, আগন্তুক কেইবছৰমানৰ ভিতৰত ইয়াক ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য ভাৰতৰ। ইয়াৰ দ্বাৰা ভাৰতৰ শক্তিশালী আৰু মুকলি অৰ্থনীতিৰ প্ৰতিফলন ঘটিছে।
কিয় আমেৰিকাই শুল্ক আৰোপ কৰিছিল?
আমেৰিকাৰ নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থত ৰাষ্ট্ৰপতি ট্ৰাম্পে ১৯৭৭ চনৰ আইন আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক শক্তি আইন (IEEPA)ৰ অধীনত ভাৰতকে ধৰি কেইবাখনো দেশৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিছিল। ভাৰতৰ ওপৰত প্ৰথমে ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছিল, যিটো পৰৱৰ্তী সময়ত ৫০ শতাংশলৈ বৃদ্ধি কৰা হয়। এই শুল্ক আমেৰিকাত বিক্ৰী হোৱা সকলো ভাৰতীয় সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য।