৩০ নৱেম্বৰৰ ভিতৰত কৰক এই কাম, নহ’লে আবদ্ধ হৈ পৰিব আপোনাৰ পেঞ্চন!
সকলো পেঞ্চনাৰক জনোৱা হৈছে যে তেওঁলোকে ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিব লাগিব।৮০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকে ১ অক্টোবৰৰ পৰা লাইফ চাৰ্টিফিকেট জমা দিব পাৰিব। কোনোৱে যদি ডিজিটেল লাইফ চাৰ্টিফিকেট জমা নিদিয়ে, তেন্তে পেঞ্চন লাভ কৰাত পলম হ’ব পাৰে।

যদি আপুনি এজন পেঞ্চনাৰ, তেন্তে আপোনাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। লাইফ চাৰ্টিফিকেট জমা দিয়াৰ ক্ষেত্ৰত ডাঙৰ তথ্য প্ৰকাশ কৰিছে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে। যদি আপুনি নিয়মীয়া পেঞ্চন লাভ কৰিব বিচাৰে তেন্তে ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত লাইফ চাৰ্টিফিকেট জমা দিব লাগিব। দেশৰ ২০০০ খন জিলা আৰু মহকুমা মুখ্য কাৰ্যালয়ক দিয়া হৈছে এই নিৰ্দেশনা।
সকলো পেঞ্চনাৰক জনোৱা হৈছে যে তেওঁলোকে ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিব লাগিব।৮০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকে ১ অক্টোবৰৰ পৰা লাইফ চাৰ্টিফিকেট জমা দিব পাৰিব। কোনোৱে যদি ডিজিটেল লাইফ চাৰ্টিফিকেট জমা নিদিয়ে, তেন্তে পেঞ্চন লাভ কৰাত পলম হ’ব পাৰে।
ডিজিটেল লাইফ চাৰ্টিফিকেট কি?
ডিজিটেল লাইফ চাৰ্টিফিকেট (DLC) হৈছে বায়’মেট্ৰিক আৰু আধাৰ ভিত্তিক প্ৰমাণ পত্ৰ, যিটো প্ৰতিজন পেঞ্চন হিতাধিকাৰীয়ে প্ৰতি বছৰে জমা দিব লাগে। এই প্ৰমাণ পত্ৰই প্ৰমাণ কৰে যে পেঞ্চনাৰজন এতিয়াও জীয়াই আছে। তেওঁৰ পেঞ্চন অব্যাহত থাকিব। এই প্ৰমাণ পত্ৰ জমা দিবলৈ আধাৰ নম্বৰ, নাম, মোবাইল নম্বৰ আৰু পেঞ্চন সম্পৰ্কীয় তথ্য যেনে PPO নম্বৰ আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব।
ডিজিটেল লাইফ চাৰ্টিফিকেট কেনেকৈ জমা দিব?
১৯টা পেঞ্চন বিতৰণ বেংক, ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক (IPPB), পেঞ্চনাৰ ৱেলফেয়াৰ এছ’চিয়েশ্যন (PWA), ৰে’লৱে, টেলিকমিউনিকেচন বিভাগ, ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি (UIDAI) আৰু ইলেক্ট্ৰনিকছ মন্ত্ৰালয়ৰ সহযোগত চৰকাৰে এই কাম কৰি আছে। পেঞ্চনাৰসকলৰ সুবিধাৰ্থে দেশৰ প্ৰধান চহৰসমূহৰ বেংকৰ শাখা আৰু ডাকঘৰত বিশেষ শিবিৰ স্থাপন কৰা হয়। ঘৰতে থকা বৃদ্ধ, অসুস্থ আৰু বিশেষভাৱে সক্ষম পেঞ্চনাৰসকলৰ বাবে ঘৰলৈ যোৱা বা চিকিৎসালয় ভ্ৰমণৰ ব্যৱস্থা কৰা হয়।
পেঞ্চনাৰসকলে বিভিন্ন উপায়েৰে ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিব পাৰিব। লাইফ চাৰ্টিফিকেট পৰ্টেলৰ জৰিয়তে আধাৰ সবিশেষৰ সৈতে অনলাইনযোগে জমা দিব পাৰিব। ডাকঘৰৰ জৰিয়তে বা ঘৰৰ বেংকিং সেৱাৰ জৰিয়তেও জমা দিব পাৰে।
ডিজিটেল লাইফ চাৰ্টিফিকেট তৈয়াৰ কৰিবলৈ আধাৰ নম্বৰ বা ভাৰ্চুৱেল আইডি (VID)ৰ প্ৰয়োজন। ইয়াৰ অবিহনে DLC সৃষ্টি কৰিব নোৱাৰি। গতিকে যদি আপোনাৰ আধাৰ কাৰ্ড এতিয়াও জেনেৰেট বা লিংক হোৱা নাই তেন্তে অতি সোনকালে এই কাম কৰক।