ধনতেৰাচত হ্ৰাস পাব নেকি সোণৰ মূল্য? তাৰ পূৰ্বে জানক গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য
সোণ-ৰূপৰ মূল্যত আহিছে পৰিৱৰ্তন। ২০২৫ চনৰ ১২ অক্টোবৰত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

একেৰাহে সমগ্ৰ দেশতে সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পাই আছে। আকৌ এবাৰ নতুন অভিলেখ গঢ়িলে সোণে। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যনৰ ৱেবছাইট অনুসৰি বৃহস্পতিবাৰে পুৱালৈকে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৬,৭১৪ টকালৈ বৃদ্ধি পাইছে। ইফালে ৰূপৰ মূল্য হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত ১,৭৪,০০০ টকা হয়। অল ইণ্ডিয়া চাৰাফা এছ’চিয়েশ্যনৰ তথ্য অনুসৰি দিল্লীৰ বুলিয়নৰ বজাৰত সোণৰ মূল্য সৰ্বকালৰ সৰ্বোচ্চ ১,৩১,৮০০ টকা প্ৰতি ১০ গ্ৰামলৈ বৃদ্ধি পাইছে। আনহাতে ৰূপৰ মূল্য অভিলেখ স্তৰৰ পৰা ৩,০০০ টকা হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত ১,৮২,০০০ টকা (সকলো কৰকে ধৰি) হৈছে। গুড ৰিটাৰ্ণচৰ তথ্যনুসৰি গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান জানক…
আজি পুৱাৰ ভাগত গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১২,৯৪৪ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১১,৮৬৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৯,৭০৮ টকা। আনহাতে আজি গুৱাহাটীত ৰূপৰ মূল্য ১৮৯ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,৮৯,০০০ টকা।
পূৰ্বে সোণৰ দাম কিমান আছিল?
অল ইণ্ডিয়া চাৰাফা এছ’চিয়েশ্যনৰ তথ্য অনুসৰি বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণৰ মূল্য ১০০০ টকা বৃদ্ধি পাই সৰ্বকালৰ সৰ্বোচ্চ ১,৩১,৮০০ টকা প্ৰতি ১০ গ্ৰামত উপনীত হয়। মঙলবাৰে প্ৰতি ১০ গ্ৰামত ১,৩০,৮০০ টকাত বন্ধ হৈছিল। স্থানীয় বুলিয়নৰ বজাৰত ৯৯.৫ শতাংশ বিশুদ্ধতা অৰ্থাৎ ২৩ কেৰেটৰ সোণ ১০০০ টকা বৃদ্ধি পাই অভিলেখ সৃষ্টি কৰিছে ১,৩১,২০০ টকা প্ৰতি ১০ গ্ৰামত (সকলো কৰ সহ), আনহাতে ইয়াৰ পূৰ্বৰ বন্ধৰ মূল্য আছিল ১,৩০,২০০ টকা প্ৰতি ১০ গ্ৰামত।
পূৰ্বে ৰূপৰ মূল্য কিমান আছিল?
কিন্তু ৰূপৰ মূল্য ১,৮২,০০০ টকা প্ৰতি কেজি (সকলো কৰকে ধৰি)ৰ অভিলেখ সৃষ্টিৰ বিপৰীতে ৩,০০০ টকা হ্ৰাস পায়। মঙলবাৰে ৬ হাজাৰ টকা বৃদ্ধি পাই প্ৰতি কেজিত ১,৮৫,০০০ টকাৰ নতুন শিখৰ স্পৰ্শ কৰিছিল।
বিশেষজ্ঞসকলে কয় যে, ভূ-ৰাজনৈতিক আৰু বাণিজ্যিক উদ্বেগে বিশ্বৰ অৰ্থনৈতিক দৃষ্টিভংগীত নেতিবাচক প্ৰভাৱ পেলোৱাৰ পিছত ব্যৱসায়ীসকলে নিৰাপদ আশ্ৰয়স্থলৰ সম্পত্তিৰ ফালে মুখ কৰিছে।