শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰয়োজনৰ সময়ত মোবাইল নহ’ব অফ, চাৰ্জ ৰাহি কৰাৰ এনে কিটিপ জানিলে আপুনি নপৰে বিপদত

ব্যৱহাৰৰ বাবে মোবাইলত চাৰ্জ থকাটো বাঞ্ছনীয়। যিমানেই দামী মোবাইল ফোন ক্ৰয় নকৰিলেও সকলোৰে ক্ষেত্ৰত কম বেছি পৰিমাণে চাৰ্জিঙৰ সমস্যা দেখা যায়। কিন্তু এই সমস্যাৰ পৰা কিছুমান সহজ উপায়েৰে পৰিত্ৰাণ পোৱা সম্ভৱ।

প্ৰয়োজনৰ সময়ত মোবাইল নহ’ব অফ, চাৰ্জ ৰাহি কৰাৰ এনে কিটিপ জানিলে আপুনি নপৰে বিপদত
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 18 Aug 2025 14:37 PM

বৰ্তমান ডিজিটেল যুগত মোবাইলটো আমাৰ এক এৰাব নোৱাৰা সামগ্ৰীত পৰিণত হৈছে। প্ৰয়োজনীয় কামত ব্যৱহাৰৰ বাদেও আজৰি সময় কটোৱাৰ বাবেও ফোনটো হৈ পৰিছে আপদৰ বন্ধু। বেটাৰীৰ চাৰ্জ শেষ নোহোৱালৈ হাতৰ পৰা প্ৰায় নুগুচেই মোবাইলটো। অৱশ্যে ব্যৱহাৰৰ বাবে মোবাইলত চাৰ্জ থকাটো বাঞ্ছনীয়। যিমানেই দামী মোবাইল ফোন ক্ৰয় নকৰিলেও সকলোৰে ক্ষেত্ৰত কম বেছি পৰিমাণে চাৰ্জিঙৰ সমস্যা দেখা যায়। কিন্তু এই সমস্যাৰ পৰা কিছুমান সহজ উপায়েৰে পৰিত্ৰাণ পোৱা সম্ভৱ।

ইয়াৰ বাবে পৃথক কোনো সামগ্ৰীৰ প্ৰয়োজন নাই। মোবাইলৰ সেৱাসমূহতে উপলব্ধ এনে কিটিপ। এই কিটিপসমূহ ব্যৱহাৰ কৰি অত্যন্ত প্ৰয়োজনীয় সময়ত আপুনি মোবাইল চাৰ্জ শেষ হৈ অফ হোৱাৰ সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰিব। জানো আহক এনে কিছুমান টিপছ-

অপ্ৰয়োজনীয়ভাৱে ডিছপ্লে’ৰ ব্ৰাইটনেছ বৃদ্ধি নকৰিব। ডিছপ্লে’ৰ ব্ৰাইটনেছ যিমান পাৰে কম কৰক। সহজ ভাষাত ক’বলৈ গ’লে Auto-Brightness বন্ধ কৰি নিজেই হ্ৰাস কৰক। ডাৰ্ক মোড ব্যৱহাৰ কৰিলে চাৰ্জ ৰাহি হয়। বিশেষকৈ AMOLED ডিছপ্লেৰ ক্ষেত্ৰত এয়া ফলপ্ৰসূ।

বহু সময়ত আমাৰ ফোনত বহুতো অপ্ৰয়োজনীয় এপ সোমাই থাকে। গতিকে, প্ৰথমে ফোনটোৰ পৰা সেইবোৰ আনইনষ্টল কৰাটো প্ৰয়োজনীয়। আনহাতে, আমি দিনটোত এবাৰ ব্যৱহাৰ কৰিলেও বহু এপ গোটেই দিনটো বেকগ্ৰাউণ্ডত চলি থাকে। গতিকে বেকগ্ৰাউণ্ডত কোনো এপ চলি আছে নেকি পৰীক্ষা কৰী বন্ধ কৰক।

ইয়াৰ উপৰিও লোকেচন, ব্লুটুথ, ৱাই-ফাই, মোবাইল ডাটা যিমান কম ব্যৱহাৰ কৰিব, সিমানেই দিনটোৰ ভিতৰত বেটাৰীৰ চাৰ্জ্য দীৰ্ঘসময়লৈ থাকিব। বিশেষকৈ যদি Location (GPS) সদায় অন থাকে, তেতিয়া বেটাৰী সোনকালে শেষ হৈ যায়। বহু ক্ষেত্ৰত, আপুনি বেটাৰী পাৱাৰ চেভাৰ অন কৰিব পাৰে। এই সুবিধাই স্বয়ংক্ৰিয়ভাৱে বেটাৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে।

এণ্ড্ৰইড আৰু আইফোন দুয়োটাতে বেটাৰী চেভাৰৰ সুবিধা আছে। একে সময়তে অপ্ৰয়োজনীয় এপৰ নটিফিকেশ্যন বন্ধ কৰিব পাৰিব। আনহাতে লাইভ ৱালপেপাৰ বা হেভি এনিমেচন দেখাত ভাল লাগে যদিও ইয়াৰ বাবে বহুত চাৰ্জ লাগে। এপৰ ক্ষেত্ৰত আকৌ এপৰ বহু পুৰণি সংস্কৰণে প্ৰায়ে অধিক চাৰ্জ খৰচ কৰে। গতিকে সেইবোৰ আপডেট কৰা হৈছে নে নাই সেইটোৰ ওপৰত চকু ৰাখক।

ইয়াৰ উপৰিও যদি নেটৱৰ্ক সংকেত বেয়া হয়, সম্ভৱ হ’লে এৰ’প্লেন মোড ব্যৱহাৰ কৰক। যদি চিগনেল কম হয় তেতিয়া ফোনটোৱে নেটৱৰ্ক ধৰিবলৈ অধিক শক্তি ব্যৱহাৰ কৰে। ই বেটাৰী সোনকালে শেষ কৰি দিয়ে। সেই সময়ত ইচ্ছা কৰিলে এৰ’প্লেন মোড ব্যৱহাৰ কৰিব পাৰিব।