অনলাইনযোগে খাদ্য অৰ্ডাৰ কৰে নেকি? Jio-এ দিছে ৬০০ টকা ৰাহি কৰাৰ সুযোগ, এনেদৰে সুবিধা লওক…

যদি আপুনিও অনলাইনত খাদ্য অৰ্ডাৰ কৰে, তেন্তে ৰিলায়েন্স জিঅ’ৰ ওচৰত আপোনাৰ বাবে এটা ডাঙৰ প্লেন আছে যিটোৱে কেৱল কেছবেক প্ৰদান কৰাই নহয় ৬০০ টকাৰ সুবিধাও প্ৰদান কৰিছে।এই প্লেনৰ মূল্য কিমান, ইয়াৰ বৈধতা কি আৰু এই প্লেনৰ দ্বাৰা আপুনি কি লাভ পাব? সকলো জানক।

অনলাইনযোগে খাদ্য অৰ্ডাৰ কৰে নেকি? Jio-এ দিছে ৬০০ টকা ৰাহি কৰাৰ সুযোগ, এনেদৰে সুবিধা লওক...

Jioৰ অফাৰ

Edited By: 

Raj Saikia | Updated On: 21 May 2025 | 04:02 PM

যদি আপুনি অনলাইনত খাদ্য অৰ্ডাৰ দি ভাল পায় তেন্তে ৰিলায়েন্স জিঅ’ৰ পৰা ৬০০ টকাৰ সুবিধা লাভ কৰিব পাৰিব। জিঅ’ৰ প্লেন এটা বিশেষ পৰিকল্পনা আছে যাৰ সহায়ত কেৱল ডাটা, কলিং আৰু এছএমএছেই নহয় কেছবেক আৰু ৬০০ টকাৰ বেনিফিটো দিয়া হৈছে। এই প্লেনৰ দাম কিমান আৰু এই Jio recharge plan ৰ দ্বাৰা আপোনাৰ কি লাভ হ’ব? সবিশেষ জানক।

এই জিঅ’ প্লেনৰ মূল্য ১০২৮ টকা, এই প্লেনৰ সৈতে ৰিলায়েন্স জিঅ’ই প্ৰতিদিনে ২ জিবি হাই স্পীড ডাটা, আনলিমিটেড কলিং আৰু প্ৰতিদিনে ১০০ এছএমএছৰ সুবিধা প্ৰদান কৰে। কেৱল এয়াই নহয়, এই প্লেনৰ জৰিয়তে জিঅ’ আনলিমিটেড অফাৰৰ অধীনত আপুনি ৯০ দিনৰ বাবে জিঅ’ হটষ্টাৰ (টিভি আৰু মোবাইল এক্সেছ) পাব, কিন্তু মাহিলী প্লেন চলোৱা ব্যৱহাৰকাৰীসকলে প্লেন শেষ হোৱাৰ ৪৮ ঘণ্টাৰ আগতে পৰৱৰ্তী প্লেনটো ৰিচাৰ্জ কৰিব লাগিব, তেতিয়াহে আপুনি দ্বিতীয় আৰু তৃতীয় মাহৰ বাবে জিঅ’ হটষ্টাৰৰ সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও এই প্লেনত ৫০ জিবি এআই ক্লাউড ষ্ট’ৰেজৰ সুবিধাও দিয়া হৈছে।

অতিৰিক্ত সুবিধা

এই জিঅ’ প্ৰিপেইড প্লেনৰ সৈতে Swiggy One Lite subscription ৰ ব্যৱস্থাও কৰা হৈছে, যাৰ অধীনত Jio ব্যৱহাৰকাৰীয়ে ৬০০ টকাৰ সুবিধা লাভ কৰিব।১৪৯ টকাৰ ওপৰৰ অৰ্ডাৰত ১০ টা বিনামূলীয়া হোম ডেলিভাৰী, ইনষ্টামাৰ্টৰ পৰা ১৯৯ টকাৰ ওপৰত অৰ্ডাৰ কৰিলে ১০ টা বিনামূলীয়া হোম ডেলিভাৰী, খাদ্য আৰু ইনষ্টামাৰ্টৰ অৰ্ডাৰত কোনো চাৰ্জ মাচুল লোৱা নহয়, ২০ হাজাৰতকৈ অধিক ফুড ডেলিভাৰী ৰেষ্টুৰেণ্টত ৩০% পৰ্যন্ত অতিৰিক্ত ৰেহাই  আৰু ছুইগি জিনিৰ পৰা ৬০ টকাৰ ওপৰৰ ডেলিভাৰীত ১০% ৰেহাই উপলব্ধ। ইয়াৰ উপৰিও ১০২৮ টকীয়া প্লেন ৰিচাৰ্জ কৰিলে জিঅ’ৰ পৰা ৫০ টকা কেছবেক লাভ কৰিব।

Jio 1028 পৰিকল্পনাৰ বৈধতা

আপুনি ১০২৮ টকীয়া পৰিকল্পনাৰ সুফলৰ বিষয়ে জানিলে, এতিয়া এই পৰিকল্পনাৰ বৈধতাৰ বিষয়ে কওঁ। এই Jio প্লেনৰ জৰিয়তে কোম্পানীয়ে ৮৪ দিনৰ বৈধতা প্ৰদান কৰে। বৰ্তমান এয়াৰটেলৰ কোনো ৰিচাৰ্জ প্লেন নাই যিয়ে খাদ্য ডেলিভাৰীৰ সুবিধা প্ৰদান কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...