অন্ত পৰিব ডলাৰৰ আধিপত্য! কি হ’ব আমেৰিকাৰ ভৱিষ্যৎ? সতৰ্কবাণী…

আমেৰিকান ডলাৰৰ দখল হ্ৰাস পোৱাৰ বিষয়ে সকীয়াই দিছে এক নতুন প্ৰতিবেদনত। অৰ্থনীতিবিদ কেনেথ ৰগফৰ মতে, বিশ্ব এতিয়া ইউৰো, ইউয়ান আৰু ক্ৰিপ্টোকাৰেন্সীৰ দিশে আগবাঢ়িছে। ইয়াৰ ফলত ডলাৰৰ শক্তি হ্ৰাস পোৱাই নহয়, আমেৰিকাৰ বিশ্বব্যাপী আধিপত্য নীতিতো প্ৰভাৱ পৰিব। এইটো ট্ৰাম্পৰ বাবে চিন্তাৰ বিষয় হ’ব পাৰে।

অন্ত পৰিব ডলাৰৰ আধিপত্য! কি হব আমেৰিকাৰ ভৱিষ্যৎ? সতৰ্কবাণী...

অন্ত পৰিব ডলাৰৰ আধিপত্য!

Published: 

25 Aug 2025 08:26 AM

বিশ্ব অৰ্থনীতিৰ বৃহৎ পৰিৱৰ্তনৰ লক্ষণ দেখা গৈছে। এক নতুন প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকান ডলাৰৰ আধিপত্য এতিয়া আগৰ দৰে নাই। লাহে লাহে বহু দেশে ডলাৰৰ পৰা আঁতৰি আহিছে আৰু ইউৰো, ইউয়ান আৰু ক্ৰিপ্টোকাৰেন্সীৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাইছে। আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ কেনেথ ৰ’গফৰ (Kenneth Rogoff)  এই সতৰ্কবাণীৰ পিছত ড’নাল্ড ট্ৰাম্পৰ উদ্বেগ বৃদ্ধি পাব পাৰে। যিয়ে ডলাৰৰ শক্তিক আমেৰিকাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হিচাপে বিবেচনা কৰি আহিছে। কেনেথ ৰ’গফে স্পষ্টকৈ কৈছে যে এতিয়া বিশ্বই ক্ৰমান্বয়ে ডলাৰৰ পৰা আঁতৰি আহিছে আৰু আন মুদ্ৰাৰ ওপৰত আস্থা বাঢ়িছে।

ইউৰো, ইউয়ান আৰু ক্ৰিপ্টোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে মানুহে

ইকনমিক্স টাইমছৰ প্ৰতিবেদন অনুসৰি ৰ’গফে কয় যে এতিয়া মানুহে কেৱল ডলাৰৰ ওপৰত নিৰ্ভৰ হৈ থাকিব বিচৰা নাই। এতিয়া ইউৰো, চীনৰ মুদ্ৰা ইউয়ান  (Renminbi) আনকি ক্ৰিপ্টোকাৰেন্সীৰ দৰে ডিজিটেল ধনৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে। তেওঁ কয়, ডলাৰ এতিয়াৰ বাবে থাকিব, কিন্তু  ই প্ৰতিযোগিতাৰ সন্মুখীন হৈছে। তেওঁৰ মতে এই পৰিৱৰ্তনে আমেৰিকাৰ শক্তিও ক্ৰমান্বয়ে দুৰ্বল কৰি তুলিব পাৰে। এতিয়া যদি আমেৰিকাই যিকোনো দেশৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা (sanction)  আৰোপ কৰিব বিচাৰে তেন্তে ই আগৰ দৰে ফলপ্ৰসূ নহ’ব।

আমেৰিকান অৰ্থনীতিবিদ কেনেথ ৰগফ

ৰগ’ফে সকীয়াই দিছে যে যদিহে অধিক দেশে ডলাৰৰ পৰা নিজকে আঁতৰাই ৰাখে তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমেৰিকাৰ অৰ্থনীতিত পৰিব। সুতৰ হাৰ বৃদ্ধি হ’ব পাৰে, যাৰ ফলত তাত ঋণ লোৱা আৰু পৰিশোধ কৰাত অসুবিধা হ’ব। তেওঁ কয় যে বহু দেশে এতিয়া আমেৰিকাৰ ডলাৰৰ মজুত হ্ৰাস কৰাৰ কথা ভাবিছে। তেওঁলোকে আমেৰিকাৰ ট্ৰেজাৰী বিলত বিনিয়োগ হ্ৰাস কৰিব পাৰে। ইয়াৰ ফলত আমেৰিকাৰ বাবে বাহিৰৰ পৰা ধন সংগ্ৰহ কৰাটো ব্যয়বহুল হ’ব।

ইতিমধ্যে বৃহৎ ঋণত পৰিছে আমেৰিকা

ৰগ’ফে কয় যে আমেৰিকাৰ ইতিমধ্যে বহুত ঋণ আছে। যদি সুতৰ হাৰও বৃদ্ধি পায়, তেন্তে সমস্যা আৰু বৃদ্ধি পাব। তেওঁ ড’নাল্ড ট্ৰাম্পৰ পৰিকল্পনাকো সমালোচনা কৰে য’ত ভাৰতৰ পৰা অহা সামগ্ৰীৰ ওপৰত ৫০% কৰ (টেৰিফ) আৰোপ কৰা বুলি কোৱা হৈছে। ৰগ’ফে কয় যে এই পদক্ষেপ আমেৰিকাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। অৱশ্যে তেওঁ লগতে কয় যে বৰ্তমান কোনো ডাঙৰ সংকট নাই যদিও বিপদ নিশ্চিতভাৱে বৃদ্ধি পাইছে। প্ৰকৃত সংকট তেতিয়াহে আহে যেতিয়া ঋণ অতি বেছি হয়, ৰাজনীতিত অস্থিৰতা থাকে আৰু হঠাতে এটা ডাঙৰ আঘাত পাব বুলি ৰগ’ফে কয়।

ভাৰতৰ লাভ

এই খবৰটো নিশ্চিতভাৱে কেৱল আমেৰিকাৰ বাবে বেয়া কিন্তু ভাৰতৰ দৰে দেশৰ বাবে ভাল। যদি ডলাৰ দুৰ্বল হয় আৰু ইউয়ান বা ইউৰোৰ দৰে মুদ্ৰা শক্তিশালী হয়, তেন্তে বিশ্বৰ অৰ্থনৈতিক ছবিখন সলনি হ’ব পাৰে। ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বাবেও ইয়াত সুযোগ থাকিব পাৰে। বৰ্তমান ডলাৰৰ বিপৰীতে টকা বেয়া স্তৰত আছে। বৰ্তমান এক ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮৭.৩১ টকা। এনে পৰিস্থিতিত যদি ভৱিষ্যতে ৰগফৰ বক্তব্য শুদ্ধ বুলি প্ৰমাণিত হয় তেন্তে ডলাৰৰ বিপৰীতে টকাৰ মূল্য উন্নত হ’ব পাৰে।

বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক
আপোনাৰ ঘৰতো আছে নেকি লাফিং বুদ্ধৰ মূৰ্তি? পিছে শুভ নে অশুভ এয়া!