শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Women’s Day 2025: নাৰী দিৱসৰ প্ৰাকক্ষণত চৰকাৰে মহিলাৰ বাবে চলাই থকা কেইখনমান আঁচনিৰ বিষয়ে জানক …

ভাৰত চৰকাৰে মহিলাসকলৰ কল্যাণ আৰু উন্নয়নৰ বাবে বহু আঁচনি চলাই আছে। এই আঁচনিসমূহৰ উদ্দেশ্য হৈছে মহিলাসকলক অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক দিশত শক্তিশালী কৰা। আহক, নাৰী দিৱসৰ আগতেই জনাওক চৰকাৰে মহিলাৰ বাবে কি আঁচনি হাতত লৈছে...

Women’s Day 2025: নাৰী দিৱসৰ প্ৰাকক্ষণত চৰকাৰে মহিলাৰ বাবে চলাই থকা কেইখনমান আঁচনিৰ বিষয়ে জানক …
মহিলাৰ বাবে আঁচনি
trishna-kalita
Trishna Kalita | Updated On: 07 Mar 2025 10:12 AM

মহিলাৰ অধিকাৰ, সমতা আৰু সৱলীকৰণৰ প্ৰসাৰৰ লক্ষ্যৰে প্ৰতি বছৰে ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। ভাৰত চৰকাৰে মহিলাসকলৰ কল্যাণ আৰু উন্নয়নৰ বাবে বহু আঁচনি চলাই আছে। এই আঁচনিসমূহৰ উদ্দেশ্য হৈছে মহিলাসকলক অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক দিশত শক্তিশালী কৰা। আহক, নাৰী দিৱসৰ আগতেই জনাওক চৰকাৰে মহিলাৰ বাবে কি আঁচনি হাতত লৈছে…

বেটি বচাও বেটি পঢ়াও আঁচনি

এই আঁচনি ২০১৫ চনত অনা হৈছিল। বেটি বচাও, বেটি পঢ়াও আঁচনি ভাৰতৰ মহিলাৰ উত্থানৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ই কেৱল সমাজত কন্যাৰ অধিকাৰ শক্তিশালী কৰাই নহয়, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ ভেটিও স্থাপন কৰে। ইয়াৰ উদ্দেশ্য হৈছে নাৰী ভ্ৰুণহত্যা বন্ধ কৰা, ছোৱালীৰ শিক্ষাৰ প্ৰসাৰ কৰা আৰু নাৰীক আত্মনিৰ্ভৰশীল কৰা।

প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা

প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ আঁচনি। যাৰ উদ্দেশ্য হৈছে গৰ্ভৱতী মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰা। এই আঁচনি ২০১৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছিল। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে মাতৃ হোৱা মহিলাসকলক ৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য দিয়া হয়।

এই ধনৰাশি তিনিটা কিস্তিত দিয়া হয়: গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত পঞ্জীয়নৰ সময়ত ১০০০ টকাৰ প্ৰথম কিস্তি। প্ৰসৱৰ পূৰ্বে পৰীক্ষা সম্পূৰ্ণ হ’লে দ্বিতীয় কিস্তিৰ ২০০০ টকা। সন্তান জন্মৰ পিছত প্ৰথম টিকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ২০০০ টকাৰ তৃতীয় কিস্তি। এই ধনৰাশি পোনপটীয়াকৈ মহিলাগৰাকীৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা গৰ্ভৱতী মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰি স্বাস্থ্য আৰু পুষ্টিৰ অৱস্থা উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

উজ্জ্বলা যোজনা

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (পিএমইউৱাই) ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ আঁচনি। যাৰ লক্ষ্য হৈছে দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক বিনামূলীয়াকৈ ৰন্ধন গেছ সংযোগ প্ৰদান কৰা। এই আঁচনিখন ২০১৬ চনৰ ১ মে’ত উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল। এই আঁচনিৰ উদ্দেশ্য হৈছে গ্ৰাম্য আৰু দৰিদ্ৰ পৰিয়ালক স্বচ্ছ শক্তি প্ৰদান কৰা। ধোঁৱাৰ ফলত হোৱা ৰোগৰ পৰা মহিলাসকলক সুৰক্ষা দিয়াৰ লগতে ৰন্ধা-বঢ়া কৰাৰ সময়ত মহিলাসকলৰ সুৰক্ষা আৰু সুবিধা নিশ্চিত কৰাই এই আঁচনিৰ উদ্দেশ্য।

সুকন্যা সমৃদ্ধি যোজনা

কন্যা সন্তানৰ শিক্ষা আৰু বিবাহৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰা দীৰ্ঘম্যাদী সঞ্চয় আঁচনি হৈছে সুকন্যা সমৃদ্ধি যোজনা। কন্যা সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সঞ্চয় কৰিবলৈ অভিভাৱকসকলক প্ৰেৰণা যোগাবলৈ ২০১৫ চনৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল।

অৰুণোদয় আঁচনি

অৰুণোদয় আঁচনি হৈছে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন নতুন আঁচনি। এই আঁচনিখনে ৰাজ্যত বাস কৰা প্ৰায় ১৯.১০ লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণ আঁচনিৰ মাধ্যমেৰে প্ৰতি মাহে ১০০০ টকাৰ বিত্তীয় অনুদান প্ৰদান কৰিব। ২০২০ চনৰ অক্টোবৰ মাহৰ আৰম্ভনিৰ পৰা প্ৰতি মাহৰ প্ৰথম দিনা তেওঁলোকে ধন লাভ কৰিব। পৰিয়ালৰ মুখ্য তত্বাৱধায়ক মহিলা গৰাকীক আঁচনিৰ হিতাধিকাৰী হিচাপে গণ্য কৰা হ’ব। আঁচনিগত সুবিধা ৮৩০/-ৰ পৰা ১০০০/ টকালৈ বৃদ্ধি কৰা হৈছে।

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি

বিগত সময়চোৱাত অসম চৰকাৰে বহু আঁচনি ৰূপায়ন কৰি শিশু- মহিলা তথা সমাজৰ উন্নতৰি বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে। মহিলাক আৰ্থিক সাহাৰ্য প্ৰদানৰ অৰ্থে ৰূপায়ন কৰা এনে এখন আঁচনি হ’ল Mukhyamantri Mahila Udyamita Abhiyan (MMUA) অৰ্থাৎমুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। এই আঁচনিখন চৰকাৰে  মহিলাসকলৰ আৰ্থিক সহায়ৰ বাবে আৰম্ভ কৰিছিল। চৰকাৰী তথ্য অনুসৰি এই আঁচনিৰ ফলত ৰাজ্যৰ প্ৰায় ৩৯ লাখ মহিলা উপকৃত হ’ব। এই আঁচনিৰ দ্বাৰা কোনসকল মহিলা উপকৃত হ’ব আৰু কেনেকৈ আবেদন কৰিব পাৰিব, এই সকলো তথ্য লেখাটোত উল্লেখ কৰা হৈছে।