Railways: ৰে’ল যাত্ৰা হ’ব এতিয়া সহজ, ভাৰতীয় ৰে’লৱে আনিছে নতুন সুবিধা
Indian Railways: ৰে'ল যাত্ৰাৰ সময়ত আসনৰ পৰা খাদ্যলৈকে, যদি যাত্ৰীসকলে কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে আপুনি হোৱাটছএপৰ জৰিয়তে পোনপটীয়াকৈ সমস্যাৰ খবৰ দিব পাৰিব।

ৰে’লযোগে যাত্ৰা কৰিলে কেতিয়াবা কিছুমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যাৰ বাবে যাত্ৰীসকলে জি আৰ পি বা ৰে’লৱে আৰক্ষীৰ কাষ চাপে। যদি তেওঁলোকক ওচৰত নাপায় তেন্তে কি কৰিব? এতিয়া ভাৰতীয় ৰে’লৱেই সেই সমস্যা সমাধান উলিয়াইছে। এতিয়া হোৱাটছএপৰ জৰিয়তে দিব পাৰিব অভিযোগ।
ভাৰতীয় ৰে’লৱে আনিছে হোৱাটছএপ চেটবট অপচন। ইয়াৰ জৰিয়তে আপুনি পোনপটীয়াকৈ ৰে’লৱেৰ ওচৰত অভিযোগ কৰিব পাৰিব। যাত্ৰাৰ সময়ত চিটৰ পৰা আৰম্ভ কৰি খাদ্য বা সহযাত্ৰী সকলৰ সৈতে যদি কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে হোৱাটছএপৰ জৰিয়তে পোনপটীয়াকৈ অভিযোগ কৰিব পাৰে। কেৱল সংৰক্ষিত ডবাৰ যাত্ৰীসকলৰ বাবেই নহয়, সাধাৰণ ডবাত যাত্ৰা কৰাসকলেও অভিযোগ কৰিব পাৰে।
বৰ্তমান ৰে’লযোগে যাত্ৰা কৰাৰ সময়ত যাত্ৰীসকলে যদি কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে তেওঁলোকে এক্স হেণ্ডেলত অভিযোগ কৰে। এতিয়া এক্সৰতো অভিযোগ কৰিব নালাগে। মাত্ৰ হোৱাটছএপ মেছেজ এটা পঠাওক আৰু অভিযোগ পোনপটীয়াকৈ ৰে’লৱেত দাখিল কৰিব পাৰিব। আপোনাৰ অভিযোগ ৰে’লৱে তৎক্ষণাত সমাধানৰ কৰি দিব।
আজিকালি সকলোৱে হোৱাটছএপ ব্যৱহাৰ কৰে, সেয়েহে অভিযোগৰ ৰিপ’ৰ্টৰ বাবে এই মাধ্যমটো বাছি লোৱা হৈছে। যাত্ৰীসকলে ৰে’লৱে হেল্পলাইন ১৩৯তো অভিযোগ দাখিল কৰিব পাৰিব।
WhatsApp ত কেনেকৈ অভিযোগ দাখিল কৰিব?
- আপুনি WhatsApp ত এই নম্বৰ ৭৯৮২১৩৯১৩৯ ত অভিযোগ কৰিব লাগিব। আপুনি Hi, Hello বা Namaste লিখিব লাগিব।
- লগে লগে Welcome to Rail মেছেজ আহিব। সংৰক্ষিত ডবাত থকা যাত্ৰীসকলে তেওঁলোকৰ পিএনআৰ নম্বৰ ব্যৱহাৰ কৰি অভিযোগ পঞ্জীয়ন কৰিব পাৰিব।
- অসংৰক্ষিত টিকট লৈ যাত্ৰা কৰাসকলে সাধাৰণ টিকটৰ ইউটিএছ নম্বৰ ব্যৱহাৰ কৰি অভিযোগ দাখিল কৰিব পাৰিব।
- আপোনাক সুধিব যে আপুনি ষ্টেচনত বা ৰে’লত যাত্ৰা কৰাৰ সময়ত কোনো সমস্যাৰ সন্মুখীন হৈছে নেকি। অভিযোগ দাখিল কৰিলে পঞ্জীয়ন কৰা হ’ব।
হোৱাটছএপত অভিযোগ দাখিল কৰিলেও কেইবাটাও সুবিধা লাভ কৰিব, যেনে-
- আপোনাৰ অভিযোগৰ ষ্টেটাচ চাব পাৰিব।
- যাত্ৰীসকলেও নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব পাৰে।
- একে সময়তে আপোনাৰ কিবা পৰামৰ্শ থাকিলেও দিব পাৰে।
- স্বাস্থ্য বা সুৰক্ষাৰ কোনো সমস্যা হ’লে হোৱাটছএপ চেটবটে আপোনাক পোনপটীয়াকৈ জৰুৰীকালীন হেল্পলাইনৰ সৈতে সংযোগ কৰিব।