তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰত ১ জুলাইৰ পৰা ৰে’লৱেৰ নতুন নিয়ম…

Indian railway: তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰত নতুন নিয়ম ৰে'লৱেৰ।আই আৰ চি টি চিৰ অফিচিয়েল ৱেবছাইট আৰু মোবাইলত তৎকাল টিকট বুকিংৰ বাবে আধাৰ প্ৰমাণীকৰণ কৰিব লাগিব।

তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰত ১ জুলাইৰ পৰা ৰেলৱেৰ নতুন নিয়ম...

ৰে'লৱেত চাকৰি কৰাৰ সুযোগ!

Published: 

12 Jun 2025 | 12:17 PM

তৎকাল টিকট সন্দৰ্ভত ৰে’লৱে লৈছে এটা ডাঙৰ সিদ্ধান্ত। তৎকাল টিকট বুকিঙত প্ৰৱঞ্চনা ৰোধ কৰিবলৈ এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ ই-প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে। এই কথা ঘোষণা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ইয়াৰ লগতে ৰে’লৱে এজেণ্টৰ সন্দৰ্ভতো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি তৎকাল টিকটত জালিয়াতিৰ অভিযোগ উত্থাপন হৈ আহিছে। যাত্ৰীসকলে অভিযোগ কৰে যে তৎকালৰ টিকট একেবাৰেই পোৱা নাযায়। যেতিয়াই বুকিঙৰ চেষ্টা কৰে চাৰ্ভাৰ ডাউন হৈ পৰে, আৰু সেই সময়তে সকলো টিকট বিক্ৰী হৈ যায়।

যাত্ৰীৰ পৰা দীৰ্ঘদিন ধৰি এই অভিযোগসমূহ লাভ কৰাৰ পিছত ভাৰতীয় ৰে’লৱেই সিদ্ধান্ত লয় যে তৎকাল বুকিঙৰ বাবে আধাৰ ভিত্তিক ই-প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হ’ব। অৰ্থাৎ আধাৰৰ তথ্য পৰীক্ষা নকৰাকৈ তৎকালৰ টিকট বুকিং কৰিব নোৱাৰিব।

এই নিয়ম ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব বুলি ৰে’লৱে অৱগত কৰিছে।আই আৰ চি টি চিৰ অফিচিয়েল ৱেবছাইট আৰু মোবাইলত তৎকাল টিকট বুকিংৰ বাবে আধাৰ প্ৰমাণীকৰণ কৰিব লাগিব। ইয়াৰোপৰি অহা ১৫ জুলাইৰ পৰা অ’টিপি ভিত্তিক আধাৰ পৰীক্ষণ বাধ্যতামূলক হ’ব।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে পি আৰ এছৰ কাউণ্টাৰ বা অনুমোদিত এজেণ্টেও যদি তৎকাল টিকট বুকিং কৰিব বিচাৰে তেন্তে তেওঁলোকেও অ’টিপি ভেৰিফিকেচন কৰিব লাগিব।

 

সাধাৰণ ৰাইজে যাতে তৎকাল টিকট বুক কৰিব পাৰে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এতিয়াৰে পৰা তৎকাল টিকট বুকিং আৰম্ভ হোৱাৰ পিছত প্ৰথম ৩০ মিনিটৰ বাবে এজেণ্টসকলে টিকট বুকিং কৰিব নোৱাৰিব। আধা ঘণ্টাৰ পিছৰ পৰা টিকট বুকিং কৰিব পাৰিব।

মন কৰিবলগীয়া যে তৎকাল বুকিঙৰ ক্ষেত্ৰত যাত্ৰাৰ আগদিনা পুৱা ১০ বজাৰ পৰা এ চি কম্পাৰ্টমেণ্টৰ বুকিং আৰম্ভ হয়। শ্লীপাৰ ক্লাছৰ বাবে বুকিং আৰম্ভ হয় পুৱা ১১ বজাৰ পৰা। ৰে’লৱেৰ এই নিয়ম অনুসৰি এতিয়াৰ পৰা এজেণ্টে পুৱা ১০:৩০ বজাৰ আগতে এচি টিকট আৰু ১১:৩০ বজাৰ আগতে শ্লীপাৰ ক্লাছৰ টিকট বুকিং কৰিব নোৱাৰিব। ইয়াৰ দ্বাৰা সাধাৰণ যাত্ৰীসকল উপকৃত হ’ব।

 

অন্য খবৰ পঢ়কঃ আমেৰিকাৰ আদালতৰ এক সিদ্ধান্তৰ বাবে হুৰমূৰকৈ বাঢ়িছে সোণৰ দাম…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...