তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰত ১ জুলাইৰ পৰা ৰে’লৱেৰ নতুন নিয়ম…

Indian railway: তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰত নতুন নিয়ম ৰে'লৱেৰ।আই আৰ চি টি চিৰ অফিচিয়েল ৱেবছাইট আৰু মোবাইলত তৎকাল টিকট বুকিংৰ বাবে আধাৰ প্ৰমাণীকৰণ কৰিব লাগিব।

তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰত ১ জুলাইৰ পৰা ৰেলৱেৰ নতুন নিয়ম...

ভাৰতীয় ৰে'লৱেৰ নিয়ম সলনি

Published: 

12 Jun 2025 12:17 PM

তৎকাল টিকট সন্দৰ্ভত ৰে’লৱে লৈছে এটা ডাঙৰ সিদ্ধান্ত। তৎকাল টিকট বুকিঙত প্ৰৱঞ্চনা ৰোধ কৰিবলৈ এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ ই-প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে। এই কথা ঘোষণা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ইয়াৰ লগতে ৰে’লৱে এজেণ্টৰ সন্দৰ্ভতো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি তৎকাল টিকটত জালিয়াতিৰ অভিযোগ উত্থাপন হৈ আহিছে। যাত্ৰীসকলে অভিযোগ কৰে যে তৎকালৰ টিকট একেবাৰেই পোৱা নাযায়। যেতিয়াই বুকিঙৰ চেষ্টা কৰে চাৰ্ভাৰ ডাউন হৈ পৰে, আৰু সেই সময়তে সকলো টিকট বিক্ৰী হৈ যায়।

যাত্ৰীৰ পৰা দীৰ্ঘদিন ধৰি এই অভিযোগসমূহ লাভ কৰাৰ পিছত ভাৰতীয় ৰে’লৱেই সিদ্ধান্ত লয় যে তৎকাল বুকিঙৰ বাবে আধাৰ ভিত্তিক ই-প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হ’ব। অৰ্থাৎ আধাৰৰ তথ্য পৰীক্ষা নকৰাকৈ তৎকালৰ টিকট বুকিং কৰিব নোৱাৰিব।

এই নিয়ম ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব বুলি ৰে’লৱে অৱগত কৰিছে।আই আৰ চি টি চিৰ অফিচিয়েল ৱেবছাইট আৰু মোবাইলত তৎকাল টিকট বুকিংৰ বাবে আধাৰ প্ৰমাণীকৰণ কৰিব লাগিব। ইয়াৰোপৰি অহা ১৫ জুলাইৰ পৰা অ’টিপি ভিত্তিক আধাৰ পৰীক্ষণ বাধ্যতামূলক হ’ব।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে পি আৰ এছৰ কাউণ্টাৰ বা অনুমোদিত এজেণ্টেও যদি তৎকাল টিকট বুকিং কৰিব বিচাৰে তেন্তে তেওঁলোকেও অ’টিপি ভেৰিফিকেচন কৰিব লাগিব।

 

সাধাৰণ ৰাইজে যাতে তৎকাল টিকট বুক কৰিব পাৰে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এতিয়াৰে পৰা তৎকাল টিকট বুকিং আৰম্ভ হোৱাৰ পিছত প্ৰথম ৩০ মিনিটৰ বাবে এজেণ্টসকলে টিকট বুকিং কৰিব নোৱাৰিব। আধা ঘণ্টাৰ পিছৰ পৰা টিকট বুকিং কৰিব পাৰিব।

মন কৰিবলগীয়া যে তৎকাল বুকিঙৰ ক্ষেত্ৰত যাত্ৰাৰ আগদিনা পুৱা ১০ বজাৰ পৰা এ চি কম্পাৰ্টমেণ্টৰ বুকিং আৰম্ভ হয়। শ্লীপাৰ ক্লাছৰ বাবে বুকিং আৰম্ভ হয় পুৱা ১১ বজাৰ পৰা। ৰে’লৱেৰ এই নিয়ম অনুসৰি এতিয়াৰ পৰা এজেণ্টে পুৱা ১০:৩০ বজাৰ আগতে এচি টিকট আৰু ১১:৩০ বজাৰ আগতে শ্লীপাৰ ক্লাছৰ টিকট বুকিং কৰিব নোৱাৰিব। ইয়াৰ দ্বাৰা সাধাৰণ যাত্ৰীসকল উপকৃত হ’ব।

 

অন্য খবৰ পঢ়কঃ আমেৰিকাৰ আদালতৰ এক সিদ্ধান্তৰ বাবে হুৰমূৰকৈ বাঢ়িছে সোণৰ দাম…

সঘনাই গেছৰ সমস্যা হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ এটা ভুলৰ বাবেই দূৰ্বল হৈ পৰিব পাৰে আপোনাৰ দাঁত!
বাৰিষাৰ সময়ত বাৰে বাৰে পেটৰ সমস্যাত ভুগে নেকি? ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায় জানক
হাড়ত কৰ্কট ৰোগ হ'লে দেখা দিয়ে এইসমূহ লক্ষণ, চিকিৎসকৰ পৰা জানক...