আমেৰিকালৈ ডাকসেৱা বন্ধ কৰিব ভাৰতে, ইয়াৰ আঁৰত কি?
আমেৰিকা চৰকাৰে ঘোষণা কৰা নতুন নিয়মৰ পিছত আমেৰিকালৈ ডাকযোগে যোৱা সামগ্ৰীসমূহ সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে। এই সিদ্ধান্ত ২০২৫ চনৰ ২৫ আগষ্টৰ পৰা বেছিভাগ সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

আমেৰিকা চৰকাৰে ঘোষণা কৰা নতুন নিয়মৰ পিছত আমেৰিকালৈ ডাকযোগে যোৱা সামগ্ৰীসমূহ সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে। এই সিদ্ধান্ত ২০২৫ চনৰ ২৫ আগষ্টৰ পৰা বেছিভাগ সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।অৱশ্যে উপহাৰৰ সামগ্ৰী আৰু ১০০ ডলাৰ পৰ্যন্ত চিঠি / নথি-পত্ৰ আগৰ দৰেই গ্ৰহণ কৰা হ’ব।
আমেৰিকাই ২০২৫ চনৰ ৩০ জুলাইত Executive Order No. 14324 জাৰি কৰিছিল, যাৰ অধীনত ৮০০ ডলাৰ পৰ্যন্ত আমদানিকৃত সামগ্ৰীৰ ওপৰত শুল্কমুক্ত ৰেহাই বিলুপ্ত কৰা হৈছে। ২৯ আগষ্টৰ পৰা আমেৰিকালৈ অহা সকলো সামগ্ৰীৰ ওপৰত ৰাজহ শুল্ক আৰোপ কৰা হ’ব। যিটো আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক শক্তি আইন (International Emergency Economic Power Act) অনুসৰি হ’ব। অৱশ্যে ১০০ ডলাৰ পৰ্যন্ত উপহাৰৰ সামগ্ৰীসমূহ শুল্কমুক্ত হৈ থাকিব।
Temporary Suspension of Postal Services to the United States of America
Read here: https://t.co/rGBjH4fXcW@PIB_India @IndiaPostOffice @JM_Scindia @PemmasaniOnX
— PIB_INDIA Ministry of Communications (@pib_comm) August 23, 2025
এই নতুন নিয়ম অনুসৰি US CBP অনুমোদিত পৰিবহণ কোম্পানী বা “কোৱালিফাইড পাৰ্টিছ”-এ ডাকযোগে প্ৰেৰণ কৰা সামগ্ৰীৰ ওপৰত শুল্ক সংগ্ৰহ কৰি জমা কৰিব লাগিব। ১৫ আগষ্টত CBPয়ে কিছু নিৰ্দেশনা জাৰি কৰিছিল যদিও এতিয়াও স্পষ্ট হোৱা নাই যে “কোৱালিফাইড পাৰ্টিছ” কোন হ’ব আৰু শুল্ক সংগ্ৰহৰ ব্যৱস্থা কি হ’ব।
মাত্ৰ এইকেইটা বস্তুহে প্ৰেৰণ কৰা হ’ব
এই অনিশ্চয়তাৰ বাবেই আমেৰিকালৈ যোৱা বিমান পৰিবহণসমূহে কয় যে, তেওঁলোকে ২৫ আগষ্টৰ পিছত ডাকযোগে সামগ্ৰী গ্ৰহণ নকৰে, কিয়নো তেওঁলোকে কাৰ্য্যকৰী আৰু কাৰিকৰী অসুবিধাৰ সন্মুখীন হৈছে। গতিকে ডাক বিভাগে ঘোষণা কৰিছে যে পৰৱৰ্তী জাননী নিদিয়ালৈকে আমেৰিকাৰ বাবে কেৱল ১০০ ডলাৰ পৰ্যন্ত চিঠি, নথি-পত্ৰ আৰু উপহাৰৰ সামগ্ৰীহে গ্ৰহণ কৰা হ’ব। বাকী সকলো ধৰণৰ ডাক সেৱা বন্ধ থাকিব।
ডাক বিভাগে চিবিপি আৰু ইউনাইটেড ষ্টেটছ পৰ্টেল চাৰ্ভিচেছ (ইউএছপিএছ)ৰ সহযোগত এই সমস্যা সমাধানৰ চেষ্টা কৰিছে যাতে সম্পূৰ্ণ সেৱাসমূহ অতি সোনকালে পুনৰুদ্ধাৰ কৰিব পৰা যায়। ইতিমধ্যে পঠিয়াব নোৱাৰা বুকিং কৰা বস্তুৰ বাবে গ্ৰাহকে ডাক খৰচ ঘূৰাই পাব পাৰে। বিভাগটোৱে কয় যে গ্ৰাহকৰ বাবে হোৱা অসুবিধাৰ বাবে আমি অতিশয় দুখ প্ৰকাশ কৰিছো আৰু আমি আমেৰিকাৰ বাবে সকলো ডাক সেৱা অতি সোনকালে আৰম্ভ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছো।