শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ডাকঘৰৰ এই আঁচনিয়ে আপোনাক দিব পাৰে বিপুল লাভ, কোনো ৰিস্ক অবিহনেই পাব পাৰে ৭ লাখ টকা!

এই আঁচনিখন চৰকাৰৰ দ্বাৰা পৰিচালিত, গতিকে ই সম্পূৰ্ণ নিৰাপদ আৰু নিৰ্ভৰযোগ্য। ইয়াত প্ৰতি ত্ৰিমাসিকত সুত বৃদ্ধি কৰা হয়, যাৰ ফলত আপোনাৰ ধন দ্ৰুতগতিত বৃদ্ধি পায়। আটাইতকৈ ভাল কথাটো হ’ল মাহে মাত্ৰ ১০০ টকাৰে এই আঁচনিখন আৰম্ভ কৰিব পাৰি।

ডাকঘৰৰ এই আঁচনিয়ে আপোনাক দিব পাৰে বিপুল লাভ, কোনো ৰিস্ক অবিহনেই পাব পাৰে ৭ লাখ টকা!
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 22 Aug 2025 16:38 PM

সঞ্চয় এক সু-অভ্যাস। প্ৰতিগৰাকী ব্যক্তিয়েই ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাটো অত্যন্ত প্ৰয়োজনীয়। সন্তানৰ দায়িত্বৰ বাবেই হওক বা পৰিয়াললৈ নামি আহিব পৰা কোনো অতি গুৰুতৰ সমস্যাৰ ক্ষেত্ৰতে হওক- সঞ্চয়ৰ ধন এটি পৰিয়ালৰ বাবে এক বৃহৎ সকাহ হৈ পৰে। সেয়ে আমাক জ্যেষ্ঠজনে সদায়েই উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰিবলৈ উপদেশ আগবঢ়ায়। বৰ্তমান সময়ত সঞ্চয়ৰ লগতে বিনিয়োগৰো বহু স্থান তথা আঁচনি উপলব্ধ। কিন্তু অধিকাংশ লোকে নিজৰ সঞ্চয়ৰ ধন ৰিস্কহীন আৰু ভাল ৰিটাৰ্ণ পাব পৰা স্থানত বিনিয়োগ কৰিব বিচাৰে।

এনে কম ৰিস্ক থকা আৰু চৰকাৰী নিশ্চয়তা থকা সঞ্চয়ৰ বাবে পৰিকল্পনা কৰিছে যদি আপোনাৰ বাবে তেনে এক সঠিক আঁচনি আছে ডাকঘৰত। ডাকঘৰৰ আৰ ডি আঁচনি (Recurring Deposit) আপোনাৰ বাবে এনে এক সুন্দৰ সুযোগ হ’ব পাৰে। এই আঁচনিখনত মাত্ৰ পাঁচ বছৰত ৭ লাখ টকা পৰ্যন্ত সঞ্চয় কৰিব পাৰিব।

ডাকঘৰৰ এই আৰ ডি আঁচনি হৈছে এক সঞ্চয় আঁচনি, ইয়াত আপুনি প্ৰতিমাহে এক নিৰ্দিষ্ট ধন জমা কৰিব পাৰে। এই আঁচনিখন চৰকাৰৰ দ্বাৰা পৰিচালিত, গতিকে ই সম্পূৰ্ণ নিৰাপদ আৰু নিৰ্ভৰযোগ্য। ইয়াত প্ৰতি ত্ৰিমাসিকত সুত বৃদ্ধি কৰা হয়, যাৰ ফলত আপোনাৰ ধন দ্ৰুতগতিত বৃদ্ধি পায়।

আটাইতকৈ ভাল কথাটো হ’ল মাহে মাত্ৰ ১০০ টকাৰে এই আঁচনিখন আৰম্ভ কৰিব পাৰি। আপুনি যদি প্ৰতিমাহে ১০,০০০ টকা জমা কৰে, তেতিয়া পাঁচ বছৰৰ ভিতৰত মুঠ ৭,১৩,৬৫৯ টকা লাভ কৰিব। ইয়াত আপোনাৰ মুঠ জমা ধনৰাশি ৬ লাখ টকা হ’ব আৰু সুতৰ ৰূপত আপুনি ১,১৩,৬৫৯ টকাৰ সুবিধা লাভ কৰিব।

এই আঁচনি প্ৰথম অৱস্থাত পাঁচ বছৰৰ বাবে থাকে। অৱশ্যে আপুনি ইচ্ছা কৰিলে আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিব পাৰে। অৰ্থাৎ মুঠ ১০ বছৰ এই আঁচনিত বিনিয়োগ কৰি এক বৃহৎ পুঁজি জমা কৰিব পাৰি। বৰ্তমান ২০২৫ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে ত্ৰিমাসিকৰ বাবে ডাকঘৰৰ আৰ ডি আঁচনিৰ বাৰ্ষিক ৬.৭% সুত দিয়া হৈছে।

এই আঁচনিৰ আন এক ভাল দিশ হ’ল হঠাৎ টকাৰ প্ৰয়োজন হ’লে এবছৰৰ পাছত জমা ধনৰ ওপৰত ৫০% পৰ্যন্ত ঋণ ল’ব পাৰিব। কিন্তু এই ঋণৰ সুতৰ হাৰ আৰ ডিৰ সুতৰ হাৰৰ তুলনাত ২% অধিক হ’ব। এই আঁচনি সন্দৰ্ভত অধিক তথ্যৰ বাবে আপুনি সমীপৰ ডাকঘৰৰ সৈতে যোগাযোগ কৰিব পাৰে।