শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এটিএমৰ ‘Cancel’ বুটাম দুবাৰ টিপিলে আপুনি প্ৰৱঞ্চনাৰ হাত সাৰিব পাৰিবনে?

বৰ্তমান প্ৰৱঞ্চনাৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। বহুতৰে এই ধাৰণা আছে যে, কেনচেল বুটাম দুবাৰ টিপিলে ATM PIN সুৰক্ষিত হয়। এই কথা কিমান সঁচা ?

এটিএমৰ ‘Cancel’ বুটাম দুবাৰ টিপিলে আপুনি প্ৰৱঞ্চনাৰ হাত সাৰিব পাৰিবনে?
এটিএমImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 22 Aug 2025 17:13 PM

কেনচেল বুটামটো দুবাৰ টিপিলে আপোনাৰ ATM PIN সুৰক্ষিত হ’বনে? বহুতৰে এই ধাৰণা আছে যে, কেনচেল বুটাম দুবাৰ টিপিলে ATM PIN সুৰক্ষিত হয়। এই কথা কিমান সঁচা ? বৰ্তমান সময়ত ATM ৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে একাউণ্টৰ পৰা ধন উলিয়াবলৈ বেংকলৈ যোৱাৰ সময়ত গ্ৰাহকে সন্মুখীন হোৱা সমস্যাবোৰ।

কেতিয়াবা বেংকৰ শাখাবোৰত ইমানেই ভিৰ হয় যে, টকা উলিয়াবলৈ বৰ কষ্টকৰ হৈ পৰে। আৰু সেইবাবেই মানুহে টকা উলিয়াবলৈ ATM লৈ লৰালৰিকৈ যায়। কিন্তু যিমানে ATM ৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা বৃদ্ধি পাইছে,ইয়াৰ লগে লগে প্ৰৱঞ্চনাৰ ঘটনাও বৃদ্ধি পাবলৈ ধৰিছে।

ATM জালিয়াতিৰ জৰিয়তে PIN চুৰি কৰি ধন উলিয়াব পৰা লোকৰ সংখ্যা দিনক দিনে বাঢ়িছে। আৰু সেইবাবেই ATM PIN সুৰক্ষিত ৰখাটো প্ৰয়োজনীয়। বহুতে ভাবে যে, টকা উলিওৱাৰ পিছত কেনচেলৰ বুটামটো দুবাৰ টিপিলে ATM PIN সুৰক্ষিত হ’ব। কিন্তু এই ধাৰণাটো একেবাৰেই সঁচা নহয়।

ভাৰতীয় ৰিজাৰ্ভ বেংকে কি কয়? পিআইবি বা প্ৰেছ ইনফৰ্মেচন ব্যুৰোৱে কয় যে, এই দাবী একেবাৰে সঁচা নহয়। তেওঁলোকে কয় যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে এনে কোনো পৰামৰ্শ দিয়া নাই।

আচলতে ATM ৰ কেনচেলৰ বুটামটোৱে কোনো ধৰণৰ হেক বা কেলেংকাৰী ৰোধ কৰিব নোৱাৰে। এই বুটামটো টিপিলে কেৱল লেনদেন বাতিল কৰিবলৈহে ব্যৱহাৰ কৰা হয়।