ইউৰোপীয়ান গাড়ীৰ ওপৰত ১০০% শুল্ক হ্ৰাস, ভাৰতত সস্তা হ’ব বিলাসী গাড়ী
এই চুক্তিৰ অধীনত ইউৰোপীয় গাড়ীৰ শুল্ক ক্ৰমান্বয়ে ১১০ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰা হ’ব, এই ৰেহাই বছৰি ২ লাখ ৫০ হাজাৰ বাহনৰ সীমাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এখন মুক্ত বাণিজ্য চুক্তি (FTA) চূড়ান্ত কৰা হৈছে। এই চুক্তিৰ অধীনত ইউৰোপত নিৰ্মিত গাড়ীৰ শুল্ক ১১০ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰা হ’ব। অৱশ্যে এই সকাহ বছৰি ২ লাখ ৫০ হাজাৰ বাহনৰ নিৰ্দিষ্ট সীমাৰ ভিতৰতহে উপলব্ধ হ’ব। প্ৰায় দুটা দশক ধৰি চলি থকা আলোচনাৰ পিছত এই চুক্তি চূড়ান্ত হৈছে।
এই চুক্তিৰ অধীনত ইউৰোপীয় গাড়ীৰ শুল্ক ক্ৰমান্বয়ে ১১০ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰা হ’ব, এই ৰেহাই বছৰি ২ লাখ ৫০ হাজাৰ বাহনৰ সীমাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। বৰ্তমান ৪০ হাজাৰ ডলাৰৰ তলৰ মূল্যৰ আমদানিকৃত যাত্ৰীবাহী গাড়ীত ৭০ শতাংশ মৌলিক শুল্ক আৰোপ কৰা হয়, আনহাতে ৪০ হাজাৰ ডলাৰৰ ওপৰৰ মূল্যৰ গাড়ীত মুঠ ১১০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰা হয়।
এই বাণিজ্যিক চুক্তিৰ অধীনত ২৫ লাখ টকাৰ ওপৰৰ গাড়ীৰ দামহে হ্রাস কৰা হ’ব ৷ গাড়ীৰ শুল্ক এটা নিৰ্দিষ্ট সংখ্যালৈকেহে হ্ৰাস কৰা হ’ব, প্ৰতি বছৰে ২.৫ লাখ ইউনিটৰ সীমা নিৰ্ধাৰণ কৰা হ’ব। ভাল খবৰটো হ’ল যে, ইউৰোপীয় ইউনিয়নে ভাৰতত গাড়ীৰ বাবে ইউৰোপীয় ইউনিয়নৰ কোটাৰ আঢ়ৈ গুণ যোগান ধৰিব। ইউৰোপৰ পৰা বাছ আমদানিৰ ক্ষেত্ৰত ভাৰতে ৰেহাই নিদিয়ে। ইউৰোপৰ পৰা আমদানি কৰা ট্ৰাক কোটাৰ অধীনত ৰেহাই দিয়া হ’ব। দামী গাড়ীক অধিক কোটা দিয়া হৈছে। ইভি, পেট্ৰ’ল, ডিজেলৰ সকলো ধৰণৰ কৰত ২.৫ লাখ টকাৰ সীমা আৰোপ কৰা হৈছে। যাৰ ফলত সস্তা গাড়ীয়ে শুল্ক কৰ্তনৰ সুবিধা লাভ কৰিব নোৱাৰিব।
এই চুক্তিৰ অধীনত ইউৰোপীয় সংঘত নিৰ্মিত গাড়ীৰ ওপৰত শুল্ক প্ৰায় ১০ শতাংশলৈ হ্ৰাস কৰা হ’ব। ইয়াৰ ফলত Volkswagen, BMW, Mercedes-Benz, Audi, Porsche, Maserati, Skoda আৰু Volvo দৰে কোম্পানীয়ে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা গাড়ীৰ বজাৰখনত নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ লাভ কৰিব। এই চুক্তিৰ পিছত জাৰ্মানীৰ তিনিটা আগশাৰীৰ গাড়ী কোম্পানীৰ উচ্চ কাৰ্যক্ষম আৰু বিলাসী মডেল পূৰ্বতকৈ অধিক সুলভ হ’ব পাৰে।
ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য ২০২৪-২৫ চনত মুঠ বাণিজ্যৰ পৰিমাণ ১৯০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিব পাৰে। ভাৰতে ইউৰোপীয় ইউনিয়নলৈ ৭৫.৯ বিলিয়ন ডলাৰৰ সামগ্ৰী আৰু ৩০ বিলিয়ন ডলাৰৰ সেৱা ৰপ্তানি কৰাৰ বিপৰীতে ইউৰোপীয় ইউনিয়নে ভাৰতলৈ ৬০.৭ বিলিয়ন ডলাৰৰ সামগ্ৰী আৰু ২৩ বিলিয়ন ডলাৰৰ সেৱা ৰপ্তানি কৰিছিল। গাড়ী বিক্ৰীৰ ক্ষেত্ৰত আমেৰিকা আৰু চীনৰ পিছতে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম গাড়ী বজাৰ। অৱশ্যে ইয়াৰ ঘৰুৱা অটো উদ্যোগক আটাইতকৈ নিৰাপদ বুলি গণ্য কৰা হয়। বৰ্তমান ভাৰতে আমদানিকৃত গাড়ীৰ ওপৰত ৭০ শতাংশৰ পৰা ১১০ শতাংশৰ ভিতৰত শুল্ক আৰোপ কৰে। এই উচ্চ শুল্কক টেছলাৰ চিইঅ’ ইলন মাস্ককে ধৰি উদ্যোগৰ শীৰ্ষ বিষয়াসকলে সঘনাই সমালোচনা কৰি আহিছে।