শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

GST Cut: বীমাৰ প্ৰিমিয়ামত GST আঁতৰালে নকমে খৰচ , বিপৰীতে অধিক বৃদ্ধি পাব!

GST Reform: স্বাস্থ্য বীমা আৰু জীৱন বীমাৰ প্ৰিমিয়ামৰ জি এছ টি আঁতৰোৱা বা জি এছ টি হ্ৰাস কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। এতিয়া কেবিনেটেও জি এছ টি পৰিষদক এই প্ৰস্তাৱ দিছে।

GST Cut: বীমাৰ প্ৰিমিয়ামত GST আঁতৰালে নকমে খৰচ , বিপৰীতে অধিক বৃদ্ধি পাব!
GST আঁতৰিব নেকি বীমাৰ প্ৰিমিয়ামত?
barasha-misra
Barasha Misra | Published: 24 Aug 2025 14:02 PM

দীপাৱলীৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ উপহাৰ। তেওঁ জি এছ টিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন হ’ব বুলি জনায়। শুনা গৈছে যে, জি এছ টি কাউন্সিলে স্বাস্থ্য বীমা আৰু জীৱন বীমাৰ প্ৰিমিয়ামৰ জি এছ টি প্ৰত্যাহাৰ কৰিব পাৰে। এই খবৰটোক লৈ বহুতে উৎফুল্লিত হৈ পৰিছে। কিন্তু বহু বিশেষজ্ঞই কয় যে, এইটো কোনো লাভ নহয়, বৰঞ্চ শেষত বীমা গ্ৰাহকৰ বাবে ক্ষতিহে। তেওঁলোকৰ খৰচ আৰু বৃদ্ধি পাব। কিয় এইদৰে ক’লে আৰু ইয়াৰ আঁৰৰ যুক্তি কি?

দীৰ্ঘদিন ধৰি স্বাস্থ্য বীমা আৰু জীৱন বীমাৰ প্ৰিমিয়ামৰ জি এছ টি আঁতৰোৱা বা জি এছ টি হ্ৰাস কৰাৰ দাবী উত্থাপন হৈ আহিছে। এইবাৰ কেবিনেটেও এই প্ৰস্তাৱ দিছে জি এছ টি পৰিষদক। অনুমান কৰা হৈছে যে কেন্দ্ৰৰ এই প্ৰস্তাৱৰ পিছতে জি এছ টি কাউন্সিলে জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ১৮ শতাংশ জি এছ টি আঁতৰাব পাৰে। জীৱন বীমাৰ ক্ষেত্ৰত সকলো গ্ৰাহকক জি এছ টিৰ পৰা সম্পূৰ্ণ ৰেহাই দিয়া দিব পাৰে।

বজাৰ বিশেষজ্ঞসকলে অনুমান কৰিছে যে ইয়াৰ ফলত বীমা গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব। মধ্যবিত্ত আৰু জ্যেষ্ঠ নাগৰিকেও লাভ কৰিব বীমা। কিন্তু জি এছ টি বাতিল হ’লে প্ৰিমিয়ামৰ খৰচ কমি যোৱাৰ পৰিৱৰ্তে বৃদ্ধি হ’ব পাৰে।

কিন্তু প্ৰিমিয়ামৰ খৰচ কিমান বৃদ্ধি পাব? বিশেষজ্ঞসকলে কয় যে, বীমাত প্ৰিমিয়ামৰ খৰচ ৬ৰ পৰা ১০ শতাংশ বৃদ্ধি পাব পাৰে। সম্পূৰ্ণ জি এছ টি আঁতৰাই দিলে ইনপুট টেক্সৰ ব্যৱস্থাও নাইকিয়া হ’ব, যাৰ ফলত বীমাৰ প্ৰিমিয়াম বৃদ্ধি পাব।