25 Aug 2025
TV9 ASSAM
তেজৰ কৰ্কট ৰোগ এক গুৰুতৰ অৱস্থা, এই ৰোগত আক্ৰান্ত হ'লে কিছুমান লক্ষণে দেখা দিয়ে। সেই লক্ষণবোৰ জানক।
সকলো সময়তে ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰিব পাৰে। শৰীৰত ৰক্তকণিকা হ্ৰাস পোৱাৰ ফলত অক্সিজেনৰ যোগান কমি যায়। ফলত এই সমস্যা হয়।
সঘনাই জ্বৰ হ'ব পাৰে। ব্লাড কেন্সাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। যাৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।
নাকৰ পৰা সঘনাই তেজ ওলাব পাৰে। ব্লাড কেন্সাৰৰ ফলত প্লেটলেটৰ সংখ্যা কমি যায় আৰু কোনো কাৰণ নোহোৱাকৈ ৰক্তক্ষৰণ হয়।
দ্ৰুত ওজন কমি যোৱাৰ লগতে ভোক কমি যাব পাৰে। ব্লাড কেন্সাৰৰ ফলত ভোক কমি যায় আৰু ওজন দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰে।
হাড় আৰু গাঁঠিৰ বিষ হ'ব পাৰে। ব্লাড কেন্সাৰে হাড়ৰ ভিতৰৰ মজ্জাত প্ৰভাৱ পেলায়, যাৰ ফলত গাঁঠি আৰু হাড়ৰ বিষ হ’ব পাৰে।
এই লক্ষণবোৰে দেখা পালে অতি সোনকালে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক। লগতে প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা কৰক।
পঢ়িবলৈ ক্লিক কৰক