শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰত-পাকিস্তান ক্ৰিকেট মেচৰ বিৰোধিতা গৌৰৱ গগৈৰ, BCCI লৈ পত্ৰ…

গৌৰৱ গগৈয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক আহ্বান জনাইছে যে, ভাৰতে যাতে পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলত অংশগ্ৰহণ নকৰে। যদি অংশগ্ৰহণ কৰে তেন্তে সেয়া ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিপৰীত হ’ব বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে।

ভাৰত-পাকিস্তান ক্ৰিকেট মেচৰ বিৰোধিতা গৌৰৱ গগৈৰ,  BCCI লৈ পত্ৰ…
গৌৰৱ গগৈ
manas-borah
Manas Borah | Published: 25 Aug 2025 22:50 PM

১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু এই ঘটনাকলৈ দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা শেহতীয়া উত্তেজনাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত অংশগ্ৰহণ কৰিব। কিন্তু এই মেচখনত ভাৰতীয় ক্ৰিকেট দলে অংশগ্ৰহণ কৰাটো বিচৰা নাই একাংশই। এই চৰ্চাৰ মাজতে মেচখনৰ পৰা বিৰত থকাৰ আহ্বান জনাই বিচিচিআইলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক আহ্বান জনাইছে যে, ভাৰতে যাতে পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলত অংশগ্ৰহণ নকৰে। যদি অংশগ্ৰহণ কৰে তেন্তে সেয়া ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিপৰীত হ’ব বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। তেওঁ কয় যে, পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুয়োখন চুবুৰীয়া দেশৰ মাজত উত্তেজনা অব্যাহত আছে। এই সময়ত পাকিস্তানৰ সৈতে ক্ৰিকেট খেলাটো “জাতীয় স্বাৰ্থৰ বিপৰীত”।

১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ গ্ৰুপ ষ্টেজৰ মেচত পাকিস্তানৰ বিৰুদ্ধে খেলিব ভাৰতে। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়ালৈ লিখা পত্ৰত গগৈয়ে কয় যে, ক্ৰিকেট সদায় মানুহৰ মাজত আনন্দ কঢ়িয়াই অনা খেল হৈ আহিছে যদিও বৰ্তমান ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ এনে সংযোগক অগ্ৰাধিকাৰ দিয়া উচিত নহয়। তেওঁ কয় যে, “সীমা অতিক্ৰম কৰি উত্তেজনা এতিয়াও অব্যাহত আছে আৰু আমি সকলোৱে আমাৰ সশস্ত্ৰ বাহিনীৰ ত্যাগৰ বিষয়ে সচেতন।”

Gaurav Gogoi Letter

গৌৰৱ গগৈৰ পত্ৰ

২৩ আগষ্টৰ পত্ৰখনত তেওঁ কয় যে, এনে পৰিস্থিতিত পাকিস্তানৰ সৈতে দ্বিপাক্ষিক ক্ৰিকেট মেচত অংশগ্ৰহণ কৰাটো ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিপৰীত যেন লাগে। অসম কংগ্ৰেছৰ সভাপতি গগৈয়ে উল্লেখ কৰে যে, ভাৰতে বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰি পহলগাম আক্ৰমণৰ আঁৰত পাকিস্তান আছে বুলি বিশ্ববাসীক সজাগ কৰিছিল। এপ্ৰিল মাহত জম্মু-কাশ্মীৰত সংঘটিত আক্ৰমণৰ লগে লগে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, “আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীয়েও উল্লেখ কৰিছিল যে পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে।”

তেওঁ কয় যে, এনে পৰিস্থিতিত ভাৰত-পাকিস্তানৰ খেলখনে এনে এক বাৰ্তা প্ৰেৰণ কৰিব পাৰে, যিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত যিকোনো আপোচৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়া ভাৰতৰ জনসাধাৰণৰ আৱেগক ভেঙুচালি কৰাক বুজাব পাৰে। তেওঁ লগতে ভাৰতত হকী খেলাৰ পৰা পাকিস্তানে পিছুৱাই যোৱাৰ কথাও আঙুলিয়াই দিয়ে।

গগৈয়ে বিচিচিআইক “স্পষ্ট স্থিতি” ল’বলৈ আহ্বান জনায় আৰু পৰিস্থিতি অনুকূল নোহোৱালৈকে পাকিস্তানৰ সৈতে ক্ৰিকেট খেলাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।