ভাৰতৰ শীৰ্ষ ১০টা ধনী পৰিয়ালৰ তালিকা প্ৰকাশ, প্ৰথম স্থানত কোন? কাৰ হাতত কিমান সম্পত্তি?
ভাৰতবৰ্ষত এনে বহু পৰিয়াল ব্যৱসায়িক প্ৰতিষ্ঠানে দেশৰ অৰ্থনীতিত ডাঙৰ অৱদান আগবঢ়াইছে। হুৰুণ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি এইবাৰ আম্বানী পৰিয়াল পুনৰ Most Valuable Family Business ৰ তালিকাত প্ৰথম স্থানত আছে। এই তালিকাত আৰু কোন কোন পৰিয়াল অন্তৰ্ভুক্ত হৈছে জানো আহক।

Hurun India Most Valuable Family Business 2025 Ambani Family Is On See Full List
ভাৰতত পাৰিবাৰিক ব্যৱসায়ৰ শক্তি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। Hurun India’s report 2025 Hurun India Most Valuable Family Business ত এনে এক তালিকা প্ৰকাশ কৰা হৈছে, যিসকলে কেৱল নিজৰ ব্যৱসায়ক উচ্চতালৈ লৈ যোৱাই নহয়, ভাৰতৰ অৰ্থনীতিলৈও ডাঙৰ অৱদান আগবঢ়াইছে। বিশেষ কথাটো হ’ল এইবাৰ পুনৰ আম্বানী পৰিয়ালে এই তালিকাত প্ৰথম স্থান দখল কৰিছে।
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালে একেৰাহে দ্বিতীয় বছৰৰ বাবে এই তালিকাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ মুঠ সম্পত্তি এতিয়া ২৮.২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। যিটো সমগ্ৰ ভাৰতৰ অৰ্থনীতিৰ প্ৰায় এক দ্বাদশ। এই কোম্পানীয়ে শক্তি, ডিজিটেল আৰু খুচুৰা খণ্ডত ডাঙৰ ভূমিকা পালন কৰি আছে। ১৯৫৭ চনত আৰম্ভ হোৱা এই ব্যৱসায় এতিয়া দ্বিতীয় প্ৰজন্মই চলাই আছে।
দ্বিতীয় স্থানত বিৰলা পৰিয়ালে
কুমাৰ মংগলম বিৰলাৰ নেতৃত্বত আদিত্য বিৰলা গ্ৰুপে ৬.৫ লাখ কোটি টকাৰ সম্পত্তিৰে এই তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে। চিমেণ্ট আৰু ধাতু উদ্যোগত তেওঁলোকৰ ডাঙৰ নাম। ১৮৫০ চনত আৰম্ভ হোৱা এই ব্যৱসায়ক এতিয়া চতুৰ্থ প্ৰজন্মই আগুৱাই লৈ গৈছে।
তৃতীয় স্থানত জিন্দল পৰিয়াল
জে এছ ডব্লিউ গ্ৰুপৰ সজ্জন জিন্দলৰ নেতৃত্বত জিন্দল পৰিয়ালে ৫.৭ লাখ কোটি টকাৰ সম্পত্তিৰে তৃতীয় স্থান দখল কৰিছে। ধাতু আৰু খননৰ ক্ষেত্ৰত তেওঁলোকৰ দৃঢ় দখলে তেওঁলোকক দেশৰ অন্যতম শীৰ্ষ তীখা উৎপাদক হিচাপে গঢ়ি তুলিছে।
ভাৰতৰ ১০টা ধনী পৰিয়াল (২০২৫ চনৰ হুৰুণ তালিকা) আৰু তেওঁলোকৰ ধন-সম্পত্তি
আম্বানীঃ ২৮.২ লাখ কোটি টকা
বিৰলাঃ ৬.৫ লাখ কোটি
জিন্দলঃ ৫.৭ লাখ কোটি
বাজাজঃ ৫.৬ লাখ কোটি
মহিন্দ্ৰাঃ ৫.৪ লাখ কোটি
নাদৰঃ ৪.৭ লাখ কোটি
মুৰুগপ্পাঃ ২.৯ লাখ কোটি
প্ৰেমজীঃ ২.৮ লাখ কোটি
অনিল আগৰৱালঃ ২.৬ লাখ কোটি
ডানি, চোকচি, ৱাকিল (এছিয়ান পেইণ্টছ): ২.২ লাখ কোটি
লগতে পঢ়ক: আমেৰিকান ব্ৰেণ্ডৰ বিৰুদ্ধে ভাৰতীয়ৰ বিপ্লৱ! ট্ৰাম্পক প্ৰত্যুত্তৰ দিবলৈ ব্যৱহাৰ কৰিব এই অস্ত্ৰ…
হুৰুণৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ পৰিয়াল ব্যৱসায়ত সৰ্বাধিক উপাৰ্জনকাৰী খণ্ড হৈছে শক্তি, বিত্তীয় সেৱা, চফটৱেৰ আৰু আই টি।