আমেৰিকাই চলাইছে অৰ্থনৈতিক সন্ত্ৰাস! ট্ৰাম্পৰ নীতিক কঠোৰ সমালোচনা বাবা ৰামদেৱৰ
বাণিজ্যিক সম্পৰ্কক কেন্দ্ৰ কৰি সম্প্ৰতি আমেৰিকাৰ সৈতে দূৰত্ব বৃদ্ধি পাইছে ভাৰতৰ। দুয়ো দেশৰ মাজত শেহতীয়া সময়ছোৱাত দেখা গৈছে বাণিজ্যকেন্দ্ৰিক উত্তেজনা। এই বিষয়তে এতিয়া পতঞ্জলি আয়ুৰ্বেদৰ সহ-প্ৰতিষ্ঠাপক তথা যোগ গুৰু বাবা ৰামদেৱে আমেৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

মাৰ্কিন বাণিজ্য নীতিক সমালোচনা বাবা ৰামদেৱৰ
আমেৰিকাৰ বাণিজ্য নীতি এতিয়া বিশ্বজুৰি এক আলোচিত বিষয়। বাণিজ্যিক সম্পৰ্কক কেন্দ্ৰ কৰিয়ে সম্প্ৰতি আমেৰিকাৰ সৈতে দূৰত্ব বৃদ্ধি পাইছে ভাৰতৰ। দুয়ো দেশৰ মাজত শেহতীয়া সময়ছোৱাত দেখা গৈছে বাণিজ্যকেন্দ্ৰিক উত্তেজনা। এই বিষয়তে এতিয়া পতঞ্জলি আয়ুৰ্বেদৰ সহ-প্ৰতিষ্ঠাপক তথা যোগ গুৰু বাবা ৰামদেৱে আমেৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিক পোনপটীয়াকৈ ‘সন্ত্ৰাসবাদ’ বুলি অভিহিত কৰিছে বাবা ৰামদেৱে।
এই ‘অৰ্থনৈতিক যুদ্ধ’ক তেওঁ লগতে তৃতীয় বিশ্বযুদ্ধৰ সৈতে তুলনা কৰিছে। তেওঁ স্পষ্টকৈ আমেৰিকাৰ বাণিজ্য নীতিক শুল্ক সন্ত্ৰাসবাদ বুলি অভিহিত কৰি এয়া অতি বিপজ্জনক আখ্যা দিয়ে। “দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যদি তৃতীয় বিশ্বযুদ্ধ হয়, তেন্তে সেয়া হৈছে এই অৰ্থনৈতিক যুদ্ধ।”- বাবা ৰামদেৱে এইদৰে কয়।
বাবা ৰামদেৱে আমেৰিকাৰ বৰ্তমানৰ নীতিসমূহক ‘সাম্ৰাজ্যবাদী’ বুলি অভিহিত কৰিছে। দুই এজন ব্যক্তিয়ে বিশ্বৰ শক্তি আৰু সমৃদ্ধি নিয়ন্ত্ৰণ কৰা ব্যৱস্থাটোক তেওঁ তীব্ৰ সমালোচনা কৰে। এনে ব্যৱস্থাই সমগ্ৰ বিশ্বতে বৈষম্য, অন্যায়, শোষণ আৰু সংঘাতৰহে সৃষ্টি কৰিব বুলি আশংকা প্ৰকাশ কৰিছে বাবা ৰামদেৱে।
স্পষ্ট ভাষাৰে তেওঁ কয়, “প্ৰত্যেকেই নিজৰ নিজৰ সীমাৰ ভিতৰত থাকিব লাগে আৰু সকলোৰে সৈতে আগবাঢ়ি যোৱাৰ পৰম্পৰাক শক্তিশালী কৰিব লাগে। যদিহে এমুঠিমান মানুহে বিশ্বৰ শক্তি, ধন-সম্পত্তি, সমৃদ্ধি, শক্তি নিয়ন্ত্ৰণ কৰে, তেতিয়া কেৱল বৈষম্য, অন্যায়, শোষণ, সংঘাত আৰু ৰক্তপাত সমগ্ৰ বিশ্বতে বিয়পি পৰিব।”
অৰ্থনৈতিক যুদ্ধৰ উত্তৰ ‘স্বদেশী’ মন্ত্ৰ
‘স্বদেশী’ সামগ্ৰীৰ ব্যৱহাৰ এনে অৰ্থনৈতিক যুদ্ধৰ উত্তৰ হ’ব পাৰে নেকি বুলি বাবা ৰামদেৱক প্ৰশ্ন কৰা হয় আৰু এই প্ৰশ্নৰ উত্তৰত তেওঁ ইতিবাচক সঁহাৰি আগবঢ়ায়। স্বদেশী দৰ্শনৰ ওপৰত গভীৰভাৱে আলোকপাত কৰি বাবা ৰামদেৱে এই স্বদেশী দৰ্শন কেৱল ঘৰুৱা সামগ্ৰী ক্ৰয়তে সীমাবদ্ধ নহয় বুলি উল্লেখ কৰে।
তেওঁ কয়, “স্বদেশী হৈছে আত্মনিৰ্ভৰশীলতা আৰু সমাজৰ অন্তিমজন ব্যক্তিৰ উত্থানৰ দৰ্শন।” অৰ্থাৎ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উত্থান স্বদেশীৰ মূল মন্ত্ৰ বুলি বাবা ৰামদেৱে দোহাৰে। তেওঁ লগতে মহৰ্ষি দয়ানন্দৰ পৰা আৰম্ভ কৰি স্বামী বিবেকানন্দলৈকে বহু মহান ভাৰতীয় ব্যক্তিয়ে ‘স্বদেশী’ৰ ধাৰণাটোৰ পোষকতা কৰিছে বুলিও সোঁৱৰাই দিয়ে।
কিয় ভাৰত-আমেৰিকাৰ মাজত এই বিবাদ?
বৰ্তমান আমেৰিকাই ভাৰতীয় আমদানিৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। আমেৰিকাই উল্লেখ কৰা মতে এই বৃহৎ শুল্কৰ মূল কাৰণ দুটা– এটা হৈছে বাণিজ্যিক ভাৰসাম্য আৰু আনটো হৈছে ৰাছিয়াৰ পৰা ভাৰতৰ তেল আমদানি। অৱশ্যে আমেৰিকাৰ এনে হেঁচাৰ পিছতো ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি ৰাখিছে।
দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে শক্তি সুৰক্ষাৰ স্বাৰ্থত ভাৰতে নিজাকৈ আমদানি নীতি নিৰ্ধাৰণ কৰিব বুলি স্পষ্ট কৰি দিয়ে। বিশ্বৰ অস্থিৰতাৰ মাজত ভাৰতীয় গ্ৰাহকৰ স্বাৰ্থ ৰক্ষা কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। বৰ্তমান দুয়োখন দেশৰ মাজত নতুন বাণিজ্যিক চুক্তিৰ আলোচনা চলি আছে, যাৰ ফলত এই ৫০ শতাংশ শুল্ক ১৫ শতাংশলৈ হ্ৰাস পাব পাৰে।
আগুৱাই যোৱাৰ পথ
ভাৰতে আমেৰিকাৰ এনে শুল্ক ভাবুকি প্ৰতিহত কৰিবলৈ বস্ত্ৰ, ৰত্ন আৰু গহনা আদি মূল ৰপ্তানি খণ্ডৰ বিকল্প বজাৰৰ দিশত চকু ৰাখিছে। আত্মনিৰ্ভৰশীলতা আৰু বজাৰ বৈচিত্ৰ্যৰ দৰ্শনেৰে ভাৰত দুয়ো দিশতে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু।