শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাজনৈতিক যুঁজৰ আহিলা হ’ব নেকি জুবিন? ৰাজ্যৰ ৰাজনীতিত জুবিন গাৰ্গক লৈ শাসক-বিৰোধীয়ে কিদৰে চলাইছে যুঁজ?

পলিটিক্স নকৰিবা বন্ধু বুলি কোৱা জুবিন গাৰ্গক লৈও এতিয়া পলটিক্স চলিছে নেকি ৰাজ্যত? ৰাজনৈতিক বক্তব্যবোৰে কি ইংগিত দিয়ে? জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীক তল পেলাই ৰাজনৈতিক বাক-যুদ্ধহে যেন চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে। চাওক এই সন্দৰ্ভত এক প্ৰতিবেদন-

ৰাজনৈতিক যুঁজৰ আহিলা হ’ব নেকি জুবিন? ৰাজ্যৰ ৰাজনীতিত জুবিন গাৰ্গক লৈ শাসক-বিৰোধীয়ে কিদৰে চলাইছে যুঁজ?
ৰাজনৈতিক আহিলা হ'ব নেকি জুবিন গাৰ্গ?Image Credit source: PTI
raj-saikia
Raj Saikia | Published: 07 Oct 2025 18:25 PM

‘প’লিটিক্স নকৰিবা বন্ধু…’, জুবিন গাৰ্গৰ এটি বহু সমাদৃত গীত। এই গীতটিত ৰাজনৈতিক নেতাৰ স্বৰূপ উদঙা দিছিল জুবিন গাৰ্গে। কিন্তু সেই জুবিন গাৰ্গক লৈয়ে এতিয়া দেখা গৈছে ৰাজনৈতিক যুদ্ধ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু, অন্ত্যেষ্টিক্ৰিয়া, মৃত্যুৰ তদন্ত, অভিযুক্তৰ সৈতে বিভিন্ন ব্যক্তিৰ সম্পৰ্ক আদি প্ৰতিটো বিষয়ক লৈয়ে ৰাজনৈতিক টনা-আঁজোৰা দেখা গৈছে।

জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ পৰা বৰ্তমানলৈকে বিতৰ্কৰ ওৰ পৰা নাই। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই কিয় অসুস্থ জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল, মেনেজাৰ সিদ্ধাৰ্থই কিয় জুবিন গাৰ্গক পানীত নামিবলৈ দিছিল, শেখৰজ্যোতি গোস্বামীয়ে কি জুবিন গাৰ্গক পানীত নমাত বাধা দিয়া নাছিল আদি অনেক প্ৰশ্ন উত্থাপন হৈছিল।

তাৰ পাছতেই জুবিন গাৰ্গক অসমলৈ অনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বিমানকলৈও প্ৰশ্ন উত্থাপন হ’ল। দিল্লীৰ পৰা প্ৰথমে চাৰ্টাড বিমানযোগে অনাৰ কথা আছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ। কিন্তু কফিনৰ আকাৰ ডাঙৰ হোৱাৰ বাবে এয়াৰ ইণ্ডিয়াৰ এখন বিমানত তেওঁৰ নশ্বৰ দেহ আনিব লগীয়া হোৱা বুলি জনালে চৰকাৰী পক্ষই। তাক লৈও বিৰোধী একাংশ নেতাই প্ৰশ্ন উত্থাপন কৰিলে।

জুবিন গাৰ্গৰ নশ্বৰ দেহ অসম আহি পোৱাৰ পাছত আন এক বিষয়ক লৈ বিতৰ্ক চলিল। সেয়া হ’ল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ক’ত হ’ব? বহু সংখ্যক লোকে যোৰহাটত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে দাবী তোলে। কিন্তু পৰিয়ালৰ লোকৰ ইচ্ছা মৰ্মে সোণাপুৰতেই জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ নিশ্চিত কৰা হয়। সেই সময়ত অখিল গগৈ আৰু আন কেবাজনো নেতাই যোৰহাটত অন্ত্যেষ্টিক্ৰিয়াৰ দাবী তুলিছিল। লগতে এদিনৰ বাবে বিমানযোগে জুবিন গাৰ্গৰ নশ্বৰ যোৰহাটলৈ নিব নোৱাৰিলে বুলি চৰকাৰক সমালোচনাও কৰিছিল অখিল গগৈয়ে। সামাজিক মাধ্যমত পোষ্টযোগে চৰকাৰক কটাক্ষ কৰিছিল তেওঁ।

জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ পাছত আৰম্ভ হ’ল তদন্ত প্ৰক্ৰিয়াক লৈ বিতৰ্ক। অসম চৰকাৰে তদন্তৰ বাবে চিআইডিক দায়িত্ব অৰ্পন কৰি এছ আই টি গঠন কৰি দিয়ে। কিন্তু বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে একাংশ বিৰোধী নেতাই অসন্তুষ্টি প্ৰকাশ কৰি চিবিআই তদন্তৰ দাবী কৰে। তাৰ সমান্তৰালভাৱে অখিল গগৈ, লুৰীণজ্যোতি গগৈ আদি নেতাই চৰকাৰক সমালোচনা অব্যাহত ৰাখে। এইখিনিলৈকে চৰকাৰ কিছু নীৰৱ আছিল।

তাৰ পাছতেই সামাজিক মাধ্যমত শ্যামকানু মহন্তৰ কেতবোৰ ব্যক্তিগত আপত্তিজনক ছবি। সামাজিক মাধ্যমত বহুতেই অভিযোগ তোলে যে অসমীয়া সাংস্কৃতিক জগতৰ একাংশৰ শ্যামকানুৰ সৈতে আছিল বিশেষ সম্পৰ্ক। ইফালে বিভিন্ন মন্ত্ৰী-বিধায়ক, চৰকাৰী উচ্চ পদস্থ বিষয়া, অন্যান্য ৰাজনীতিকৰ সৈতে থকা শ্যামকানু মহন্তৰ ছবিও ভাইৰেল হ’বলৈ ধৰে।

সামাজিক মাধ্যমত একাংশই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী তুলি থকাৰ সময়তে অন্য এখন যুঁজ আৰম্ভ হ’ল। এটা পক্ষই আনটো পক্ষক শ্যামকানুৰ সৈতে সাঙুৰি লোৱাৰ যুদ্ধ। এইবাৰ মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়ক, নেতা-পালি নেতাও সৰব হৈ পৰিল বোকা চটিয়াবলৈ। কংগ্ৰেছে শ্যামকানুৰ চৰকাৰী পক্ষৰ সৈতে সু-সম্পৰ্ক থকাৰ অভিযোগ তোলাৰ বিপৰীতে শাসকীয় পক্ষই বিৰোধী নেতাৰ সৈতে শ্যামকানুৰ কি সম্পৰ্ক সেয়া প্ৰচাৰ কৰাত ব্যস্ত হৈ পৰিল।

মুখ্য়মন্ত্ৰীয়ে নিজেও এই বিষয়ত মন্তব্য কৰি বিতৰ্কৰ সূত্ৰপাত ঘটোৱা দেখা গ’ল। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত অখিল গগৈয়ে দিয়া হাতৰ ভংগীমাক লৈও সমালোচনা মুখ্যমন্ত্ৰীৰ। ইফালে গৌৰৱ গগৈৰ সৈতে শ্যামকানু মহন্তৰ বুন্দিয়া-ভুজিয়াৰ দৰে সম্পৰ্ক বুলি অভিযোগ কৰিলে মুখ্যমন্ত্ৰীয়ে। তাৰোপৰি সামাজিক মাধ্যমত অনেক ছবি প্ৰচাৰ হৈ থকাৰ সত্বেও শ্যামকানু মহন্তৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক নাই বুলি সজোৰেৰে দাবী কৰিলে ডঃ শৰ্মাই। কেৱল মুখ্যমন্ত্ৰী বা অখিল গগৈয়েই নহয়। গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, লুৰীণজ্যোতি গগৈ, পীযুষ হাজৰীকা আদি সকলো ব্যস্ত জুবিন মৃত্যুক কেন্দ্ৰ কৰি ৰাইজৰ মাজত নিজৰ স্থিতি প্ৰকাশ কৰাত।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ পত্নীৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে সম্পৰ্কক লৈও বিতৰ্কৰ সূত্ৰপাত ঘটে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰিণিকি ভূঞা শৰ্মাৰ উদ্যোগত ছিংগাপুৰত ফেশ্বন শ্ব’ চলা বুলি দাবী কৰে একাংশই। অৱশ্যে এই সন্দৰ্ভত তেওঁ কোনো মতামত প্ৰকাশ কৰা নাই।

জুবিন গাৰ্গৰ মৃত্য়ুৰ ন্যায়ৰ দাবী কৰ’বাতে থাকিল। কথা গৈ ২০২৬ ৰ নিৰ্বাচন পালেগৈ। জুবিন গাৰ্গক ন্যায় দিব নোৱৰা বিজেপি চৰকাৰক ৰাইজে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত উত্তৰ দিব বুলি বিৰোধীয়ে দাবী তুলিছে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়েও জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে ২০২৬ ত ভোট নিদিব বুলি এক মন্তব্য কৰে। চাবলৈ গ’লে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো এতিয়া ৰাজ্যিক শোকৰ বিষয় হৈ থকা নাই। ৰাজনৈতিক ক্ষেত্ৰৰ ব্য়ক্তিৰ বাবে ই যেন হৈ পৰিছে ৰাইজৰ চকুত নিজকে শ্ৰেষ্ঠ প্ৰমাণিত কৰি ৰাজনৈতিক শক্তি বৃদ্ধি কৰাৰ এক সুযোগ।

ইয়াৰ মাজত জুবিন গাৰ্গে ন্যায় পাব নে, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য পোহৰলৈ আহিবনে? এইবোৰ প্ৰশ্ন বুকুত লৈ উত্তৰলৈ বাট চাই ৰৈছে জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে লাখ লাখ অসমীয়াই। জুবিন গাৰ্গক যাতে ৰাজনীতিৰ আহিলা হিচাপে ব্যৱহাৰ কৰা নহয়, তাৰ বাবেও বাৰে বাৰে আহ্বান জনাইছে অসংখ্য অনুৰাগীয়ে।