বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ৯ জনক গ্ৰেপ্তাৰ, আৰক্ষীয়ে দিলে বহু বিস্ফোৰক তথ্য…
সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "আমি এতিয়ালৈকে ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছো। আৰু অধিক লোকক চিনাক্ত কৰা হৈছে। অভিযুক্তৰ কিছুমান পলাতক হৈ আছে যদিও আমি তেওঁলোকক অতি সোনকালে আটক কৰিম। আমি এই তদন্তক অতি গুৰুত্বসহকাৰে লৈছোঁ আৰু এটা দলে ইয়াক আগুৱাই লৈ গৈছে।"

বাক্সাৰ নিকাছিস্থিত জিলা কাৰাগাৰৰ সমীপত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাক লৈ অব্যাহত আছে আৰক্ষীৰ তদন্ত । ১৮ অক্টোবৰ শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, এই হিংসাত্মক প্ৰতিবাদৰ সৈতে জড়িত ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাক্সাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই লগতে কয় যে, ইয়াৰ লগত জড়িত আন কেইবাজনো লোক চিনাক্ত কৰা হৈছে, আৰু এতিয়াও পলাতকসকলক বিচাৰি অভিযান অব্যাহত আছে।
সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “আমি এতিয়ালৈকে ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছো। আৰু অধিক লোকক চিনাক্ত কৰা হৈছে। অভিযুক্তৰ কিছুমান পলাতক হৈ আছে যদিও আমি তেওঁলোকক অতি সোনকালে আটক কৰিম। আমি এই তদন্তক অতি গুৰুত্বসহকাৰে লৈছোঁ আৰু এটা দলে ইয়াক আগুৱাই লৈ গৈছে। সংবাদ মাধ্যম, স্থানীয় লোক, সকলোৱে আমাক সহায় কৰিছে।”
উল্লেখ্য যে, চিআইডিৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত ১৫ অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ ৫ অভিযুক্তক শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দিপন গাৰ্গ আৰু দুই জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। বাক্সা জিলাৰ নিকাছিস্থিত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আটাইকেইজনকে।
নিৰাপত্তাজনিত কাৰণত আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু বাক্সা গৈ পোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীয়ে অভিযুক্তক কঢ়িয়াই নিয়া বাহনসমূহত শিলগুটি নিক্ষেপ কৰাৰ লগতে আন কেইবাখনো বাহন জ্বলাই দিয়ে। আহত হয় আৰক্ষী জোৱান আৰু সংবাদ মাধ্যমৰ লোক। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে আৰক্ষীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। এজন লোক গুলীবিদ্ধ হয় এই ঘটনাত।
এই ঘটনাৰ পিছত জিলাখনত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয় যদিও পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগে লগে শুকুৰবাৰে পুনৰ এই সেৱা সংস্থাপন কৰা হয়। লগতে জাৰি কৰা হয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা (BNSS 163)। বৰ্তমানো কাৰাগাৰৰ আশে-পাশে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।
এছ এছ পি বৰুৱাই জনসাধাৰণক আশ্বস্ত কৰি কয় যে, “ জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীৰ চিন্তাৰ কোনো কাৰণ নাই কিয়নো অনুৰাগীৰ বেশত হিংসাৰ উচটনি দিয়াসকলক চিনাক্ত কৰা হৈছে।” তেওঁ কয়, “জুবিন অনুৰাগী বুলি একাংশই কৰিছিল বাক্সাৰ ভয়ংকৰ ঘটনা। ৩ ঘণ্টা সময়ত ৰচা হৈছিল বাক্সা কাণ্ডৰ ব্লু প্ৰিণ্ট। সামাজিক মাধ্যমৰ গ্ৰুপত চলিছিল ঘটনাৰ পৰিকল্পনা।”
ইফালে বাক্সাৰ কাৰাগাৰত বন্দী হৈ থকা ৫ অভিযুক্তৰ উপৰিও এই গোচৰৰ সৈতে জড়িত আন দুজন — শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক শুকুৰবাৰে কামৰূপ (মেট্ৰ’)ৰ মুখ্য ন্যায়িক দণ্ডাধীশে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বৰ্তমান দুয়োকে ডিমা হাচাও জিলাৰ হাফলং কাৰাগাৰত ৰখা হৈছে।