শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল, কি আছে এই PILত?

Zubeen Garg death: অভিজিৎ শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা আবেদনত এই গোচৰৰ সৈতে জড়িত কথিত অনিয়ম, সম্ভাৱ্য অপৰাধমূলক ষড়যন্ত্ৰ, চৰকাৰী পদৰ অপব্যৱহাৰ আদিৰ ওপৰত আলোকপাত কৰা হৈছে।

জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল, কি আছে এই PILত?
জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবীImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 07 Oct 2025 12:11 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ উপযুক্ত তদন্ত বিচাৰি এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। অভিজিৎ শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা আবেদনত এই গোচৰৰ সৈতে জড়িত কথিত অনিয়ম, সম্ভাৱ্য অপৰাধমূলক ষড়যন্ত্ৰ, চৰকাৰী পদৰ অপব্যৱহাৰ আদিৰ ওপৰত আলোকপাত কৰা হৈছে।

এই পদক্ষেপৰ ফলত তেওঁৰ মৃত্যুৰ পৰিস্থিতিৰ সম্পূৰ্ণ আৰু নিৰপেক্ষ তদন্তৰ আহ্বান তীব্ৰতৰ হৈ পৰিছে। আৰক্ষীৰ কৰ্তব্যৰ সৈতে সম্পৰ্কহীন ব্যৱসায়িক আৰু সাংস্কৃতিক অনুষ্ঠান নৰ্থ ইষ্ট ফেষ্টিভেলত অসম আৰক্ষীৰ ডি এছ পি সন্দিপন গাৰ্গ জড়িত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

বিষয়াজনৰ এই অনুষ্ঠানত অংশগ্ৰহণৰ কোনো আনুষ্ঠানিক অনুমোদন আছিল নেকি আৰু যদি আছিল তেন্তে কি আইনী বা প্ৰশাসনিক কৰ্তৃত্বৰ অধীনত আছিল সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে। পৰ্যবেক্ষকসকলে স্বাৰ্থৰ সম্পৰ্ক আৰু চৰকাৰী পদবীৰ সম্ভাৱ্য অপব্যৱহাৰৰ আশংকাৰ ওপৰত আলোকপাত কৰিছে, তেওঁৰ অংশগ্ৰহণৰ বাবে চৰকাৰী অনুমোদন লাভ কৰিছিল নে নাই সেই সন্দৰ্ভত স্পষ্টতাৰ দাবী জনাইছে।

বিষয়টোক আৰু জটিল কৰি তুলিছে অসমৰ ৰাজনৈতিক আৰু প্ৰশাসনিকভাৱে প্ৰভাৱশালী ব্যক্তি শ্যাম কানু মহন্ত প্ৰাক্তন ডিজিপি তথা ৰাজ্যৰ বৰ্তমানৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তৰ কনিষ্ঠ ভাতৃ হোৱাৰ অভিযোগে।

সূত্ৰসমূহে ইংগিত দিয়ে যে মহন্তৰ সংযোগে জুবিন গাৰ্গৰ মৃত্যুৰ চলি থকা তদন্তত সম্ভাৱ্যভাৱে প্ৰভাৱিত বা বাধাৰ সৃষ্টি কৰিব পাৰে। অযথা হেঁচা বা হস্তক্ষেপে তদন্তকাৰী কৰ্তৃপক্ষৰ নিৰপেক্ষতা আৰু স্বাধীনতাৰ সৈতে আপোচ কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰা হৈছে।

জুবিন গাৰ্গৰ ঘনিষ্ঠ শেখৰজ্য়োতি গোস্বামীয়ে অভিযোগ কৰে যে শিল্পীগৰাকীক পানীৰ পৰা উঠাই অনাৰ সময়ত তেওঁৰ ওঁঠ আৰু আঙুলি নীলা হোৱা দেখা গৈছিল, যাৰ ফলত মৃত্যুৰ পূৰ্বে বিষাক্ত পদাৰ্থৰ সংস্পৰ্শলৈ অহাৰ সন্দেহৰ সৃষ্টি হৈছিল।

প্ৰতিবেদনসমূহে এইটোও প্ৰকাশ কৰিছে যে অত্যধিক মদ্যপানে হয় প্ৰত্যক্ষভাৱে তেওঁৰ মৃত্যুত অৰিহণা যোগাইছিল, নহয় এনে পৰিস্থিতিৰ সৃষ্টি কৰিছিল যিয়ে ইয়াৰ অন্যতম কৰাক হৈ পৰিছিল। এনে পৰিস্থিতিয়ে মৃত্যুৰ তাৎক্ষণিক কাৰণ আৰু তৃতীয় পক্ষৰ সম্ভাৱ্য জড়িততা দুয়োটাৰে বিশদ তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

গোচৰটোত আন এক মাত্ৰা যোগ কৰি সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে জুবিন গাৰ্গৰ মোবাইল ফোন আৰু ছ’চিয়েল মিডিয়া একাউণ্ট অকৰ্তৃত্বশীলভাৱে লগত ৰখাৰ অভিযোগ উত্থাপন হৈছে, য’ৰ পৰা তেওঁ সন্মতি অবিহনে মৃতকৰ নামত ভিডিঅ’ আৰু মেছেজ আপলোড কৰাৰ অভিযোগ উত্থাপন হৈছে। এনে কাৰ্যই জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ লগতে গাৰ্গৰ পৰিয়ালক প্ৰভাৱিত কৰা বুলি জানিব পৰা গৈছে। বিশেষকৈ তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সিদ্ধাৰ্থৰ বিৰুদ্ধে এফআইআৰ প্ৰত্যাহাৰ কৰাৰ বাবে আবেদন জনাইছিল।

অভিযোগসমূহে জুবিন গাৰ্গৰ মৃত্যুক লৈ সম্ভাৱ্য পূৰ্ব পৰিকল্পিত আৰু সমন্বিত ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰিছে, য’ত প্ৰমাণ ধ্বংস কৰা, ন্যায়ত বাধা দিয়া, কৰ্তৃপক্ষক বিপথে পৰিচালিত কৰাৰ লগতে জনসাধাৰণৰ ধাৰণাৰ সৈতে হেতালি খেলাৰ ইচ্ছাকৃত প্ৰচেষ্টা আদিও আছে। সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত আৰু জড়িত আন ব্যক্তিসকলৰ সমন্বিত কাৰ্যক শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত পৰিস্থিতি লুকুৱাই ৰখাৰ পদ্ধতিগত প্ৰচেষ্টাৰ প্ৰমাণ হিচাপে উল্লেখ কৰা হৈছে।

অভিযোগ কৰা অপৰাধৰ ধাৰাসমূহৰ ভিতৰত আছে: সন্দেহজনক মৃত্যু/হত্যা (ধাৰা ১০৫ বিএনএছ), অপৰাধমূলক ষড়যন্ত্ৰ (ধাৰা ৬১ বিএনএছ), অপব্যৱহাৰ বা আত্মসাৎ (ধাৰা ৩১৪/৩১৬ বিএনএছ), তদন্তত বাধা দিয়া (ধাৰা ২২১ বিএনএছ), ছ’চিয়েল মিডিয়া একাউণ্টৰ জালিয়াতি আৰু অকৰ্তৃত্বশীল ব্যৱহাৰ (ধাৰা ৩৩৬/৩৫৬ বিএনএছ), আৰু আই টি আইন উলংঘা (ধাৰা ৬৬চি আৰু ৬৬ডি)।

তদন্তৰ বাবে প্ৰাৰ্থনা: কৰ্তৃপক্ষক আহ্বান জনোৱা হৈছে যে

  • জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতি সন্দৰ্ভত এক সম্যক তদন্ত
  • সিদ্ধাৰ্থ শৰ্মাই মৃতকৰ সম্পত্তি অবৈধভাৱে ৰখা আৰু অকৰ্তৃত্বশীলভাৱে ডিজিটেল কন্টেন্ট পোষ্ট কৰাৰ অভিযোগৰ তদন্ত
  • সম্ভাৱ্য গাফিলতি, জোৰ-জবৰদস্তি, বা অপৰাধমূলক ষড়যন্ত্ৰৰ বাবে শ্যাম কানু মহন্ত আৰু অন্যান্য সকলৰ ভূমিকা পৰীক্ষা
  • নৰ্থ ইষ্ট ফেষ্টিভেলত ডি এছ পি সন্দিপন গাৰ্গৰ অংশগ্ৰহণ আৰু ৰাজহুৱা ধনৰ সম্ভাৱ্য অপব্যৱহাৰৰ তদন্ত
  • আৰ্থিক অপব্যৱহাৰৰ তদন্তৰ বাবে বলবৎকাৰী সঞ্চালকালয় (ইডি)ক জড়িত কৰা
  • ইলেক্ট্ৰনিক ডাটা, ভিডিঅ’, ছ’চিয়েল মিডিয়াৰ বিষয়বস্তু, আৰু বিত্তীয় লেনদেনকে ধৰি সকলো প্ৰমাণ সংগ্ৰহ আৰু সংৰক্ষণ

আবেদনকাৰীয়ে অনুৰোধ জনাইছে যে আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰি ব্যাপক তদন্ত আৰম্ভ কৰি স্বচ্ছতা নিশ্চিত কৰি সকলো দোষী পক্ষক ন্যায়ৰ কাঠগড়ালৈ আনিব লাগে।

এই গোচৰটোৱে জড়িতসকলৰ হাই-প্ৰফাইল স্বভাৱ আৰু ষড়যন্ত্ৰৰ গুৰুতৰ অভিযোগৰ বাবে ব্যাপক দৃষ্টি আকৰ্ষণ কৰিছে, যিয়ে চলি থকা তদন্তত স্বচ্ছতা, জবাবদিহিতা আৰু আইনী পদ্ধতিৰ কঠোৰ আনুগত্যৰ জৰুৰী প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিছে।