Zubeen Garg Case Hearing: সকলো আছিল পৰিকল্পনা! কাইলৈ আদালতত জুবিন গাৰ্গ হত্যাকাণ্ডৰ প্ৰথম শুনানি, কোৰ্টলৈ নাহে অভিযুক্ত…

Zubeen Garg Case: জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীটত বহু বিস্ফোৰক তথ্য সন্নিবিষ্ট কৰা হৈছে। য'ত ৪ অভিযুক্তৰ বিৰুদ্ধে আছে হত্যাৰ গোচৰ। ইয়াৰ মাজতে কাইলৈ আদালতত হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডৰ প্ৰথমটো শুনানি।

Zubeen Garg Case Hearing: সকলো আছিল পৰিকল্পনা! কাইলৈ আদালতত জুবিন গাৰ্গ হত্যাকাণ্ডৰ প্ৰথম শুনানি, কোৰ্টলৈ নাহে অভিযুক্ত...

অভিযুক্ত

Published: 

15 Dec 2025 21:32 PM

দীৰ্ঘদিনীয়া তদন্তৰ অন্তত ১২ ডিচেম্বৰত এছ আই টিয়ে দাখিল কৰিলে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট। CJM আদালতত দাখিল কৰা চাৰ্জশ্বীটত ৭ অভিযুক্তৰ বিৰুদ্ধে আছে বহু বিস্ফোৰক তথ্য। চাৰ্জশ্বীট সন্দৰ্ভত SDGP মুন্না প্ৰসাদ গুপ্তাই উল্লেখ কৰা অনুসৰি, জুবিন গাৰ্গ হত্যাকাণ্ডত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। ইফালে সন্দীপন শৰ্মাৰ বিৰুদ্ধে অনিচ্ছাকৃত হত্যাৰ গোচৰ আৰু দুই পি এছ অ’ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈছে।

কাইলৈ (১৩ ডিচেম্বৰ) আদালতত হ’ব জুবিন গাৰ্গৰ হত্যাৰ ১৮/২০২৫ গোচৰৰ প্ৰথমটো শুনানি। প্ৰাপ্ত খবৰ অনুসৰি, এই শুনানিৰ বাবে আদালতলৈ অনা নহয় ৭ অভিযুক্তক। নিৰাপত্তাজনিত কাৰণত এই শুনানি ভাৰ্চুৱেলী অনুষ্ঠিত হ’ব। বৰ্তমান শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত হাফলঙৰ কাৰাগাৰত বন্দী হৈ থকাৰ বিপৰীতে বাক্সাৰ কাৰাগাৰত বন্দী হৈ আছে সিদ্ধাৰ্থ, শ্যামকানু আৰু সন্দীপন গাৰ্গ।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, জুবিন গাৰ্গৰ হত্যাৰ ১২,২৭০ পৃষ্ঠা চাৰ্জশ্বীটত বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, পৰিকল্পনা অনুসৰিয়েই জুবিনক হত্যা কৰা হৈছিল। সাগৰৰ পাৰত ৭৫ মিনিট সময় ধৰি অচেতন অৱস্থাত পৰি আছিল জুবিন গাৰ্গ। তাৰ পাছত এম্বুলেন্সৰ দ্বাৰা লৈ যোৱা হৈছিল হাস্পাতাললৈ।

ইয়াৰ আগনিশা অভিযুক্ত শ্যামকানু মহন্তই জুবিনক পান কৰাবলৈ যোগান ধৰিছিল সুৰা। সেই সুৰা দিয়া হৈছিল অমৃতপ্ৰভাৰ হাতত। গোটেই নিশা সুৰাপান কৰাৰ পাছত পাছদিন তেওঁলোক গৈছিল য়াট পাৰ্টীলৈ। যেতিয়া জুবিনে মৃত্যুৰ ক্ষণ গণি আছিল তেতিয়াও ভিডিঅ’ কৰাত ব্যস্ত আছিল অমৃতপ্ৰভা। জুবিনৰ মৃত্যুৰ শেষৰখন ফটো আছে অমৃতপ্ৰভাৰ ফোনত।

ইফালে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও বহু অভিযোগ উত্থাপন হৈছে। সিদ্ধাৰ্থই জুবিনৰ পৰা সৰকাইছিল কোটি কোটি টকা। অক্টোবৰ মাহত এই টকাৰ হিচাপ লোৱাৰ কথা আছিল জুবিনে। খবৰ অনুসৰি, জুবিনৰ দুটাকৈ একাউন্টত আছিল মাত্ৰ ১০ লাখ টকা। গতিকে এইবোৰ বিষয়ে কাল হৈ পৰিছিল জুবিনৰ বাবে।

এতিয়াও এছ আই টিয়ে ১৯/২০২৫ গোচৰৰ তদন্ত কৰি আছে। গতিকে তদন্তৰ অন্তত আৰু বহু ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি আদালতৰ শুনানিক কাইলৈ কি কি হয় সেয়া হব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গৰ চাৰ্জশ্বীটত ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ, জানক আৰু কি আছে…

শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...