শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নতুন বৰ অসম গঢ়াৰ লক্ষ্য কংগ্ৰেছৰ, ২০ ডিচেম্বৰৰ পৰা ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী

গগৈয়ে কয়, 'তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি অসমৰ প্ৰায়বোৰ উচ্চ শিক্ষাৰ অনুষ্ঠানত বিজেপি আৰু আৰএছএছে নিজৰ মানুহ সুমুৱাই দি ঐতিহ্য আৰু গৰিমাৰ লগতে নৱপ্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিবলৈ উদ্যত হৈছে।'

নতুন বৰ অসম গঢ়াৰ লক্ষ্য কংগ্ৰেছৰ, ২০ ডিচেম্বৰৰ পৰা  ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী
barasha-misra
Barasha Misra | Updated On: 16 Dec 2025 22:31 PM

২০ ডিচেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যত পূৰ্ণগতিত আৰম্ভ হ’ব ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচী। নতুন বৰ অসম গঢ়াৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ প্ৰতিখন গাঁৱলৈ যাব কংগ্ৰেছ নেতৃত্ব। আজি সংবাদ মাধ্যমৰ আগত এই বিষয়ে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অধ্যক্ষ গৌৰৱ গগৈয়ে।

তেওঁ কয়,’সংসদৰ শীতকালীন অধিৱেশন শেষ হোৱাৰ লগে লগে আমি হাতে-কামে লাগিবলৈ সিদ্ধান্ত লৈছোঁ। আমি ৰাইজৰ মনৰ কথা বুজ ল’ম। ইয়াৰ বাবে https://natunaxom.com/ শীৰ্ষক এটি ৱেবছাইটো মুকলি কৰিছোঁ। এই ৱেবছাইটৰ জৰিয়তে আমি ৰাইজৰ পৰা ডিজিটেল মাধ্যমেৰে পৰামৰ্শ ল’বলৈ সমৰ্থ হ’ম।’

গগৈয়ে কয়, ‘তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি অসমৰ প্ৰায়বোৰ উচ্চ শিক্ষাৰ অনুষ্ঠানত বিজেপি আৰু আৰএছএছে নিজৰ মানুহ সুমুৱাই দি ঐতিহ্য আৰু গৰিমাৰ লগতে নৱপ্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিবলৈ উদ্যত হৈছে।’

কংগ্ৰেছৰ এই ৱেবছাইটৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰখনত যিসকলে পৰামৰ্শ আগবঢ়াব সেইসকলৰ সৈতে পৰৱৰ্তী সময়ত পোনপটীয়াকৈ মত-বিনিময় কৰি অধিক পৰামৰ্শ গ্ৰহণ কৰিব বুলিও জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইফালে বিৰোধী ঐক্য সন্দৰ্ভত গগৈয়ে কয় যে, ‘এই কথাবোৰ কেমেৰাৰ সমুখত নহয়, অফ কেমেৰাহে আলোচনাৰ মাধ্যমেৰে সম্পন্ন কৰা হ’ব। আলোচনা সম্পূৰ্ণ হ’লেহে মিত্ৰতা বিষয়ক সকলো কথা আনুষ্ঠানিকভাৱে ক’ব পৰা যাব। আগন্তুক নিৰ্বাচন বিজেপিৰ বাবে সহজ নহ’ব। তেওঁলোকে দেখিছেই যে বৰ্তমানৰ নেতৃত্বৰ হাতত বিজেপিৰ অৱস্থা ইমান ভাল নহয়। বিজেপি দলৰ ভিতৰত প্ৰকৃত বিজেপি কৰ্মীসকলৰ দলৰ প্ৰতি মোহভংগ হৈছে বুলিও শীৰ্ষ নেতৃত্বই গম পাইছে। মন্ত্ৰী আৰু মন্ত্ৰীৰ লগত থকা একাংশৰ লাভ হৈছে। কিন্তু কৰ্মীসকলৰ একো লাভ হোৱা নাই। বিজেপি দলৰ কৰ্মীৰ ঘৰৰ সমুখৰ ৰাস্তাবোৰৰ কাম সম্পূৰ্ণ হোৱা নাই। বিজেপি দলৰ কৰ্মী য’ত থাকে তাত মানুহবোৰে খোৱাপানী পোৱা নাই। বিজেপি দলৰ কৰ্মীসকল থকা গাঁওবোৰত চৰকাৰী বিদ্যালয়ৰ অৱস্থা শোচনীয় হৈ পৰিছে।’’

আনহাতে, জুবিন গাৰ্গৰ হত্যাৰ গোচৰত যি চাৰ্জশ্বিট দাখিল কৰিলে সেই সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, চাৰ্জশ্বিট যুগুত কৰোতে এছআইটিয়ে যি তদন্ত কৰিছে সেই প্ৰক্ৰিয়াক লৈ অসমৰ সৰ্বত্ৰে চৰ্চা চলিছে। আইনৰ বিষয়ে ভালদৰে জনাবুজা অধিবক্তাসকলেও এই লৈ উত্থাপন কৰা প্ৰশ্নসমূহৰ কথাও উল্লেখ কৰে গগৈয়ে। তদন্ত সঠিকভাৱে হৈছে নে নাই সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব বুলিও কয়। তেওঁ কয় যে, ‘এই মুহূৰ্তত কেৱল তদন্ত ভালকৈ কৰা হৈছে বুলি আশাহে কৰিব পৰা যায়।’

ইফালে, এআইইউডিএফৰ সৈতে কংগ্ৰেছ দলৰ মিত্ৰতা কোনো কাৰণতে নহয় বুলিও স্পষ্ট কৰি দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইয়াৰোপৰি কংগ্ৰেছ দলৰ মিঞাপ্ৰীতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ‘অসমক ভালপোৱা, অসমৰ বায়ু-মাটি-পানীক ভালপোৱা লোকসকলে যোৱা এপ্ৰিল মাহৰ পৰা কংগ্ৰেছ দলত যোগ দি আহিছে। এই সময়ছোৱাত কংগ্ৰেছ দলত কেনেধৰণৰ লোকে যোগদান কৰিছে তালৈ চালেই সেই অভিযোগ যে হাস্যকৰ আৰু ভিত্তিহীন সেয়া স্পষ্ট হৈ পৰিব।’