কাইলৈ অসম জাতীয় পৰিষদৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস…
বুধবাৰে শদিয়াৰ ছপাখোৱাত অনুষ্ঠিত হ'ব অসম জাতীয় পৰিষদৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাই আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ দলৰ নেতা-কৰ্মীসকলে অনুষ্ঠানত ভাগ ল'ব।
অসম জাতীয় পৰিষদৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বুধবাৰে শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ছপাখোৱাত অনুষ্ঠিত হ’ব। কা আন্দোলনৰ পাছতে ২০২০ চনৰ ১৭ ডিচেম্বৰত শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত জন্ম হৈছিল অসম জাতীয় পৰিষদৰ। প্ৰতিষ্ঠা দিৱসৰ দিনটোৰ পৰাই ২০২৬ৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিব দলটোৱে। এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে অসম জাতীয় পৰিষদে।
উল্লেখ্য যে, কা’ আন্দোলনৰ গৰ্ভৰ পৰাই দুই প্ৰধান আন্দোলনকাৰী সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বই ‘অসমত জাতীয়তাবাদী নতুন আঞ্চলিক দল গঠনৰ প্ৰয়োজনীয়তা’ বিষয়টো অধ্যয়ন আৰু বিশ্লেষণ কৰিবলৈ ২০২০ চনৰ ১৯ আগষ্টত এখন পৰামৰ্শদাতা সমিতি গঠন কৰি দিছিল।
উক্ত সমিতিত উপদেষ্টা হিচাপে আছিল বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়া আৰু ড০ অৰূপ কুমাৰ দত্ত। আহ্বায়ক হিচাপে আছিল ৰঞ্জিত শেখৰ মুছাহাৰী, জাহ্নু বৰুৱা, ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য, বসন্ত ডেকা। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু পলাশ চাংমাইক সমন্বয়কৰ দায়িত্ব দিয়া হৈছিল।
সমিতিৰ সদস্য হিচাপে আছিল ধীৰেণ শইকীয়া, আলী হাইদৰ লস্কৰ, ৰাণা চাংমাই, ৰফিকুদ্দিন আহমেদ, সঞ্জয় কুমাৰ তাঁতী, পৃথিৰাজ ৰাভা, সূৰ্য্য থাওচেন, হুছেইন আহমেদ লস্কৰ, প্ৰণৱজ্যোতি শইকীয়া আৰু প্ৰদীপ ঘোষ। এমাহজোৰা অধ্যয়নৰ অন্তত সমিতিয়ে নতুন আঞ্চলিক দল গঠনৰ পৰামৰ্শ দিছিল।
উক্ত পৰামৰ্শৰ ভিত্তিত সেই বছৰৰ ১৬ আৰু ১৭ ডিচেম্বৰত শিৱসাগৰত জাতীয় অভিৱৰ্তন অনুষ্ঠিত হয়। অভিৱৰ্তনত সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়াৰ সভাপতি দীপাংক কুমাৰ নাথ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেতিয়াৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা প্ৰমুখ্যে বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দৰ লগতে প্ৰয়াত বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞি সহ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল।
১৭ ডিচেম্বৰৰ দিনা ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি সভাত লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখন ঘোষণা কৰা হয়।
১৭ অক্টোবৰ, বুধবাৰে দলটোৱে পাঁচ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে শদিয়াৰ ছপাখোৱা খেলপথাৰত উদযাপন অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাই আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ দলৰ নেতা-কৰ্মীসকলে অনুষ্ঠানত ভাগ ল’ব।
প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী তথা শদিয়াৰ সন্তান ৰাজীৱ শদিয়াৰ নামেৰে দলটোৱে উদযাপন ক্ষেত্ৰখনক নামাঙ্কিত কৰিছে। দিনজোৰা কাৰ্য্যসূচীৰ অন্তত সন্ধিয়া ৰাকেশ ৰিয়ান, নিলাক্ষী নেওগ, ৰোহিত সোণাৰ আৰু বিৰুজ গগৈ সমন্বিতে শিল্পীসকলৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।