Shyamkanu Mahanta Writ petition: সংবাদ মাধ্যম, ৰাজ্য চৰকাৰক দোষাৰোপ কৰি উচ্চতম ন্যায়ালয়ত শ্যামকানুৰ লেখ আবেদন দাখিল…
Shyamkanu Mahanta Writ petition: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্তই ইতিমধ্যেই উচ্চতম ন্যয়ালয়ত লেখ আবেদন দাখিল কৰিছে। এই আবেদনত তেওঁ উল্লেখ কৰিছে যে সংবাদমাধ্যম, ৰাজ্য চৰকাৰৰ মন্তব্যৰ বাবে ৰাইজ বিপথে পৰিচালিত হৈছে।

গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল ক্ৰিমিনেল লেখ আবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খাই পৰা শ্যামকানুৰ লেখ আবেদনে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৭৪ পৃষ্ঠাৰ এই লেখ আবেদনত শ্যামকানুৱে নিজৰ পৰা দোষ আঁতৰ কৰাৰ সকলো চেষ্টায়ে কৰিছে। ইমানেই নহয়, তেওঁ সংবাদ মাধ্যম, সামাজিক মাধ্যম আৰু মুখ্যমন্ত্ৰীকো দোষাৰোপ কৰিছে। আবেদনত তেওঁৰ এছ আই টি (SIT)ৰ ওপৰত বিশ্বাস নথকাৰ কথা উল্লেখ কৰি এই গোচৰ NIA অথবা CBI লৈ হস্তান্তৰ কৰাৰ দাবী জনায়।
এই লেখ আবেদন শ্যামকানুৱে ছিংগাপুৰৰ পৰাই অনলাইনৰ জৰিয়তে ২৯ ছেপ্টেম্বৰত দাখিল কৰিছিল। শ্যামকানুৰ হৈ ওকালতি কৰিছে অধিবক্তা ৰাজ কমলে। এই আবেদনত শ্যামকানুৱে ছ’চিয়েল মিডিয়াৰ লগতে প্ৰিন্ট আৰু ডিজিটেল মিডিয়াৰ সকলো প্লেটফৰ্মক প্ৰমাণহীন ঘৃণনীয় আৰু পক্ষপাতিত্বমূলক বাতৰি চলোৱাৰ পৰা বিৰত থাকিবলৈ আদেশ দিবলৈ অনুৰোধ জনায়। লগতে জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পাছত কোনোৱে যাতে আবেদনকাৰী বা পৰিয়ালৰ লোকৰ ক্ষতি নকৰে তাৰ বাবে নিৰাপত্তাৰ দাবী জনায়।
এই আবেদনত শ্যামকানুৱে কৈছে যে, জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো সংবাদমাধ্যমে অতিৰঞ্জিত বাতৰি দি তেওঁক অভিযুক্ত সজোৱা বাবেহে অসমৰ ৰাইজ বিপথে গৈছে। সামাজিক মাধ্যম, সংবাদ মাধ্যমৰ বাবে তেওঁৰ ৰাইজৰ ৰোষৰ বলি হোৱা বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত তেওঁ আবেদনত সুশান্ত সিঙৰ গোচৰত ৰিয়া চক্ৰৱৰ্তীৰ উদাহৰণ দিছে। তেওঁ কৈছে যে তেওঁ এজন নিৰ্দোষী।
ইয়াৰোপৰি শ্যামকানুৱে কৈছে যে, তেওঁ ১৭ ছেপ্টেম্বৰতহে জুবিনক লগ পাইছিল। আবেদনত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কৈছে যে, মোৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ৰাজহুৱা মন্তব্য কৰিছে, গতিকে চৰকাৰে গঠন কৰা এছ আই টিয়ে মোৰ পক্ষত নাযায়। গতিকে এই বিষয়টো আন সংস্থাক হস্তান্তৰ কৰিবলৈ দাবী জনায়।
লগতে ৰাজ্য চৰকাৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি উল্লেখ কৰিছে। প্ৰশাসনে তেওঁৰ বেংক একাউন্ট ফ্ৰীজ কৰি জীয়াই থকাৰ অধিকাৰ কাঢ়ি লোৱা বুলি উল্লেখ কৰিছে আবেদনত। সামাজিক মাধ্যমত প্ৰকাশ হোৱা ভিডিঅ’সমূহ ভিত্তিহীন বুলি তেওঁ কয়। লগতে কৈছে যে, জুবিনৰ মৃত্যুৰ সময়ত তেওঁ সেই স্থানত উপস্থিত নাছিল। তাৰ পাছতো তেওঁ ঘৰত ৰেইড কৰিছে এছআইটিয়ে।
শ্যামকানুৱে যে গণৰোষৰ আশংকাত ভুগিছে তাৰ কথাও আবেদনত উল্লেখ কৰিছে। উদাহৰণ হিচাপে তেওঁ উল্লেখ কৰিছে যে তেওঁক কোনোবাই জীৱন্তে জ্বলাই দিয়াৰ ভাবুকি, গুলীওৱাৰ ভাবুকি আনকি মৃত্যুৰ পাছতো শাস্তিৰ ভাবুকি দিব বুলি ভাবুকি দিছে। এনে ক্ষেত্ৰত তেওঁ নিৰাপত্তা বিচাৰিছে।
এই দীঘলীয়া আবেদনত তেওঁ এটা কথাই জনাব বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুত তেওঁৰ কোনো হাত নাই। জুবিন পূৰ্বৰ পৰাই অসুস্থ হৈ আছিল বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত জুবিনৰ পূৰ্বৰ মেডিকেল ৰিপোৰ্ট পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। এক কথাত, শ্যামকানুৱে এই গোটেই বিষয়টোৰ পৰা হাত এৰা দি ৰাজ্য চৰকাৰ আৰু সংবাদ মাধ্যমক তেওঁক প্ৰতিচ্ছবি বেয়া কৰা বুলি দোষাৰোপ কৰাৰ চেষ্টা কৰিছে।
অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত হত্যাৰ ধাৰা সংযোজন, কি এই BNS 103 ধাৰা, ইয়াৰ অধীনত শাস্তি কি? জানক সকলো…