জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ সহায় বিচাৰি ছিংগাপুৰ উচ্চায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক…
Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুক লৈ উত্তপ্ত হৈ আছে সমগ্ৰ ৰাজ্য। ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্তৰ সৈতে আলোচনাত মিলিত হয়। তদন্তৰ ক্ষেত্ৰত চৰকাৰে ছিংগাপুৰ চৰকাৰৰ সহায় বিচাৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি উত্তপ্ত হৈ আছে সমগ্ৰ অসম। ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত এলিচ চেঙক। নতুন দিল্লীত চেঙৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰ চৰকাৰৰ সহায় বিচাৰে। শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উচ্চায়ুক্তগৰাকীয়ে সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে যে, “আজি নতুন দিল্লীত ছিংগাপুৰৰ মাননীয় ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত এলিচ চেঙৰ সৈতে এক সাক্ষাতত মিলিত হওঁ। আজিৰ এই বৈঠকত ছিংগাপুৰ চৰকাৰক অসম আৰক্ষীলৈ পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আমি পুনৰবাৰ অনুৰোধ কৰিলোঁ, যাতে আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰাৰ প্ৰচেষ্টাক আগুৱাই লৈ যাব পাৰোঁ৷ এই বিষয়ত ছিংগাপুৰৰ পৰা সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে” ৷
১৯ ছেপ্টেম্বৰত হেঁপাহৰ শিল্পী জুবিন গাৰ্গে ছিংগাপুৰত ৰহস্যজনক মৃত্যুক সাৱতি লৈছিল। পানীত সাঁতুৰি থকা অৱস্থাত জুবিনৰ মৃত্যু হৈছিল। কিন্তু এতিয়ালৈকে কোনোৱে নাজানে কেনেকৈ, কিয় মৃত্যু হ’ল জুবিন গাৰ্গৰ। বৰ্তমান সমগ্ৰ বিষয়টো সন্দৰ্ভত এছ আই টিয়ে তদন্ত কৰি আছে। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ৫ জন লোক। এছ আই টিয়ে বিষয়টোত হত্যাৰ গোচৰো ৰুজু কৰিছে। যাৰ বাবে জনতাই জুবিনৰ মৃত্যুৰ সত্য প্ৰকাশ কৰিবলৈ দাবী জনাই আহিছে।
জুবিন গাৰ্গৰ প্ৰথমে ছিংগাপুৰত আৰু পাছত গুৱাহাটীত মৰণোত্তৰ পৰীক্ষা কৰা হয়। কিন্তু এতিয়ালৈকে ৰাইজৰ হাতত পৰা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। সকলোৱে এই প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী কৰিছে। ইফালে অসম চৰকাৰে ছিংগাপুৰ চৰকাৰৰ সৈতে মিলি বিষয়টো তদন্ত কৰাৰ চেষ্টা কৰি আছে। যিহেতু ঘটনাটো ছিংগাপুৰত সংঘটিত হৈছে তাৰ বাবে ছিংগাপুৰ চৰকাৰৰ সহায় বিচাৰিছে অসম চৰকাৰে। বিষয়টো সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ো তদন্ত কৰি আছে।
অন্য খবৰ পঢ়কঃ বাক্সাত ১৬৩ ধাৰা জাৰি প্ৰশাসনৰঃ কৰিব নোৱাৰে প্ৰতিবাদ, দিব নোৱাৰে শ্লোগান…বিভিন্ন দিশত নিষেধাজ্ঞা…