শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাক্সাত ইণ্টাৰনেট সেৱা কৰ্তনৰ পৰা ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকলৈ, দিনটোৰ খবৰ…

Top9: আজি বাক্সাত উত্তপ্ত পৰিস্থিতৰ সৃষ্টি হয়। জুবিন গাৰ্গৰ মৃত্যুৰ অভিযক্তক বাক্সাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সময়তে আৰক্ষী-জনতাৰ মাজত হতাহতি হয়। য'ত বহুতো আহত হয়।

বাক্সাত ইণ্টাৰনেট সেৱা কৰ্তনৰ পৰা ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকলৈ, দিনটোৰ খবৰ…
বাক্সা
barasha-sarma
Barasha Sarma | Updated On: 15 Oct 2025 19:33 PM

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১. বাক্সাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি প্ৰশাসনৰ। জিলা কাৰাগাৰৰ সমুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাচতেই এই নিৰ্দেশনা জাৰি। কাৰাগাৰৰ ৫০০ মিটাৰ ব্যাসাৰ্ধত পাঁচজনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব। লগতে জলনশীল সামগ্ৰী আৰু অস্ত্ৰ আদিও কঢ়িয়াব নোৱাৰিব। সমদল, প্ৰতিবাদ আদিতো বাধা-নিষেধ আৰোপ।

২. আজি বাক্সাত জিলাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতৰ। নিকাছিস্থিত জিলা কাৰাগাৰলৈ শ্যামকানু মহন্তসহ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পাঁচ অভিযুক্তক লৈ যোৱা সময়তে একাংশ লোকে বাহনলৈ শিলগুটি নিক্ষেপ কৰে। লগতে আৰক্ষীৰ বাহনতো অগ্নিসংযোগ কৰে একাংশই। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠিচালনা আৰু শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে।

৩. বাক্সা জিলাত সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ অসম চৰকাৰৰ। অৱশ্যে এই সময়চোৱাত ভইচ কল আৰু লেণ্ড লাইন ইণ্টাৰনেট সেৱা অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।

৪. আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পাঁচ অভিযুক্তক। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দিপন গাৰ্গ আৰু দুই দেহৰক্ষী ক্ৰমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। পাঁচোগৰাকীকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ। বাক্সাৰ নিকাছিস্থিত নৱনিৰ্মিত কাৰাগাৰত ৰখা হৈছে তেওঁলোকক। কাৰাগাৰলৈ নিয়াৰ সময়তেই সংঘটিত হয় অনাকাংক্ষিত ঘটনা।

৫. কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জত যোৱা নিশা সংঘটিত হয় গুলীচালনাৰ ঘটনা। বনকৰ্মীৰ গুলীত নিহত হয় এটা চোৰাং চিকাৰী। মাইতা টাপু অঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ। ঘটনাস্থলীৰ পৰা এটা থ্ৰী নট থ্ৰী ৰাইফল আৰু হেণ্ড বেগ উদ্ধাৰ।

৬. আজি নতুন দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্ত এলিছ চেঙৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ ছিংগাপুৰ চৰকাৰক অনুৰোধ মুখ্যমন্ত্ৰীৰ। ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা সহযোগিতাৰ আশ্বাস।

৭. কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তত নিষেধাজ্ঞা জাৰি। সাম্ভাব্য চোৰাং সৰবৰাহ আৰু সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ বিভাগীয় কৰ্তৃপক্ষৰ। সমগ্ৰ সীমান্ত অঞ্চলত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা আৰোপ কাছাৰ জিলা আয়ুক্তৰ।

৮. সামাজিক মাধ্যমত ভাইৰেল হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত এছ আই টিৰ মূৰব্বী মুন্ন প্ৰসাদ গুপ্তাৰ। এই প্ৰতিবেদন ভুৱা আৰু তাত ডাক্তৰৰ কোনো হস্তাক্ষৰ নাই বুলি কয় শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে।

৯. ব্যাপক প্ৰতিবাদৰ সন্মুখীন হোৱাৰ দিশে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প। প্ৰায় দুই সহস্ৰাধিক স্থানত ন’ কিংছ নামেৰে কৰা হ’ব এই প্ৰতিবাদ। ট্ৰাম্পৰ দমনমূলক নীতিৰ বিৰুদ্ধে কেবাটাও শ্ৰমিক সংঘই গ্ৰহণ কৰিছে এই যৌথ সিদ্ধান্ত।

 

অন্য খবৰ পঢ়কঃ বাক্সাত ১৬৩ ধাৰা জাৰি প্ৰশাসনৰঃ কৰিব নোৱাৰে প্ৰতিবাদ, দিব নোৱাৰে শ্লোগান…বিভিন্ন দিশত নিষেধাজ্ঞা…