শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাক্সাত সাময়িকভাৱে কৰ্তন ইণ্টাৰনেট সেৱা, সাম্ভাৱ্য হিংসাত্মক পৰিস্থিতি ৰোধৰ বাবে সিদ্ধান্ত চৰকাৰৰ

চৰকাৰে বাক্সা জিলাত ইণ্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তনৰ নিৰ্দেশ দিয়ে। ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা সম্পূৰ্ণৰূপে নিষ্ক্ৰীয় হৈ পৰিছে জিলাখনত। আজি সৃষ্টি হোৱা আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবেই গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

বাক্সাত সাময়িকভাৱে কৰ্তন ইণ্টাৰনেট সেৱা, সাম্ভাৱ্য হিংসাত্মক পৰিস্থিতি ৰোধৰ বাবে সিদ্ধান্ত চৰকাৰৰ
সাময়িকভাৱে ইণ্টাৰনেট কৰ্তন
raj-saikia
Raj Saikia | Published: 15 Oct 2025 19:46 PM

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্তক কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বাক্সা জিলা। যাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা (BNSS 163) জাৰি কৰিবলৈ বাধ্য হৈছে প্ৰশাসন। শেহতীয়াকৈ জিলাখনত সাময়িকভাৱে কৰ্টন কৰা হৈছে ইণ্টাৰনেট সেৱা।

আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পাঁচ অভিযুক্তৰ চি আই ডিৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছত তেওঁলোকক প্ৰেৰণ কৰা হয় ন্যায়িক জিম্মালৈ। কিন্তু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত নাৰাখি তেওঁলোকক লৈ যোৱা হয় বাক্সাৰ নিকাছিত নতুনকৈ স্থাপন কৰা বাক্সা জিলা কাৰাগাৰলৈ। নিৰাপত্তাৰ খাতিৰতে তেওঁলোকক সেই কাৰাগাৰলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে। উক্ত কাৰাগাৰত নাই কোনো অন্য কয়দী।

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দিপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী ক্ৰমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ যোৱা হয় নিকাছিৰ কাৰাগাৰলৈ। কিন্তু তেওঁলোকক লৈ যোৱা বাহনখন কাৰাগাৰৰ সমুখত উপস্থিত হোৱাৰ সময়তেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। একাংশ লোকে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হয়। তাৰ মাজতে একাংশ উত্তেজিত লোকে শিলগুটি, জোতা-ছেণ্ডেল আদি নিক্ষেপ কৰে আৰক্ষীৰ লগতে শ্যামকানু মহন্তসহ পাঁচ অভিযুক্তক লৈ যোৱা বাহনলৈ।

শিলাবৰ্ষণৰ ঘটনাত আৰক্ষী আৰু সাংবাদিকৰ লগতে কেবাজনো লোক আহত হয়। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠীচালনা আৰু শূন্যলৈ গুলীচালনাও কৰিবলগীয়া হয়। তাৰ পাছতেই কাৰাগাৰৰ ৫০০ মিটাৰ এলেকাত জাৰি কৰা হয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা। ইয়াৰ অধীনত সেই স্থানত পাঁচজনতকৈ অধিক লোক একগোট হ’ব নোৱাৰিব। কঢ়িয়াব নোৱাৰিব কোনো অস্ত্ৰ আৰু জ্বলনশীল সামগ্ৰী। তাৰোপৰি যিকোনো সমদল, প্ৰতিবাদ আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Internet Suspended In Baksa

ইণ্টাৰনেট কৰ্তনৰ নিৰ্দেশ

পৰিস্থিতিৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বাক্সা জিলাত ইণ্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তনৰ নিৰ্দেশ দিয়ে। ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা সম্পূৰ্ণৰূপে নিষ্ক্ৰীয় হৈ পৰিছে জিলাখনত। অৱশ্যে ভইচ কল আৰু লেণ্ড লাইন ইণ্টাৰনেট সেৱা অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।