শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই…সামাজিক মাধ্যমত গৰিমা গাৰ্গৰ বিশেষ পোষ্ট

আজিও সোণাপুৰৰ কমাকুছিত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ। এবাৰ সকলোৱে নিস্তব্ধ হৈ চাই ৰৈছে তেওঁৰ চিতাখনলৈ। আৰু কৈছে- তুমি আমাৰ হৃদয়ত সদায় থাকিবা জুবিন দা। জুবিনৰ কাহিলীপাৰা ঘৰখনলৈ এতিয়া ভিৰ কমি আহিছে। প্ৰতিমুহূৰ্ততে মৰমৰ স্বামী গ'ল্ডিক সুঁৱৰিছে গৰিমাই। সামাজিক মাধ্যমত পুনৰ আৱেগৰে ভৰা পোষ্ট শ্বেয়াৰ কৰিছে গৰিমা শইকীয়া গাৰ্গে।

মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই…সামাজিক মাধ্যমত গৰিমা গাৰ্গৰ বিশেষ পোষ্ট
সামাজিক মাধ্যমত গৰিমা গাৰ্গৰ বিশেষ পোষ্টImage Credit source: Facebook
trishna-kalita
Trishna Kalita | Updated On: 16 Oct 2025 09:16 AM

১৯ ছেপ্তেম্বৰ, অসমীয়াৰ বাবে এটা অভিশপ্ত দিন। কেতিয়াও হয়তো কোনেও পাহৰিব নোৱাৰিব সেই দিনটো। তেওঁ অবিহনে চৌদিশে কেৱল শূন্যতা। প্ৰায় এমাহ হ’ব হ’ল, কিন্তু এতিয়া অসমীয়াৰ বুকুত উমি উমি জ্বলি আছে হিয়াৰ আমঠুৰ চিতাৰ জুইকুৰা। সকলোৰে কেৱল এটাই দাবী-মানুহজনক ঘূৰাই নাপাও, কিন্তু আমাক ন্যায় লাগিবই। জাতি-বৰ্ণ-ধৰ্ম ভেদি ওলাই আহিছে সকলোৱে। কাৰণৰ এয়া অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় যুঁজ। কোনেও ভাগৰি পৰা নাই, থমকি ৰোৱা নাই।

আজিও সোণাপুৰৰ কমাকুছিত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ। এবাৰ সকলোৱে নিস্তব্ধ হৈ চাই ৰৈছে তেওঁৰ চিতাখনলৈ। আৰু কৈছে- তুমি আমাৰ হৃদয়ত সদায় থাকিবা জুবিন দা। জুবিনৰ কাহিলীপাৰা ঘৰখনলৈ এতিয়া ভিৰ কমি আহিছে। প্ৰতিমুহূৰ্ততে মৰমৰ স্বামী গ’ল্ডিক সুঁৱৰিছে গৰিমাই। সামাজিক মাধ্যমত পুনৰ আৱেগৰে ভৰা পোষ্ট শ্বেয়াৰ কৰিছে গৰিমা শইকীয়া গাৰ্গে।

গৰিমাই লিখিছে, “মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই ..প্ৰতিঘৰ অসমীয়াই নিজৰ এজন পুত্ৰ/ভাতৃ/বন্ধু/অভিভাৱক হেৰুৱাইছে । বিশ্বজুৰি তেওঁক ভালপোৱা বহুজনে আপোন এজনক হেৰুৱাইছে । সকলোৰে মন-মগজু,বিবেক,,, দুখ, কষ্ট আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে।”

তেওঁ লিখিছে, “এনে সময়ত সকলোৱে সকলোৰে মনঃস্তত্ব ভালদৰে বুজিবলৈ চেষ্টা কৰাটো আটাইতকৈ জৰুৰী কথা । কৃত্ৰিমতা আৰু মেৰপেচবোৰ এৰি সৰল , পোনপটীয়া কথাৰে সময়ক সহযোগ কৰাটো অত‌্যন্ত জৰুৰী ।‌ শান্তিৰ আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত থাকক ,, আৰু কোনো হানি- বিঘিনিৰ খবৰ নালাগে প‌্ৰভু।”

উল্লেখ্য যে, বুধবাৰে বাক্সা জিলা কাৰাগাৰৰ সমুখত সৃষ্টি হয় তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৫ অভিযুক্তক কঢ়িয়াই অনা বাহনসমূহৰ ওপৰত একাংশ ক্ষুব্ধ ৰাইজে আক্ৰমণ কৰাৰ পিছতেই উত্তেজনাৰ সৃষ্টি হয়। একাংশ লোকে প্ৰতিবাদৰ অচিলাৰে শিলগুটি, জোতা-ছেণ্ডেল আজি নিক্ষেপ কৰে বাহনলৈ। এই সংঘৰ্ষত আৰক্ষী, স্থানীয় সাংবাদিক আৰু কেইবাজনো বাসিন্দা আহত হয়।

তাৰ পিছতে বাক্সা জিলাত BNSS ৰ ১৬৩ ধাৰা জাৰি কৰে প্ৰশাসনে। ইয়াৰ অধীনত কাৰাগাৰৰ ৫০০ মিটাৰৰ আশে পাশে ৫ বা তাতকৈ বেছি মানুহ সমবেত হ’ব নোৱাৰিব। লগত জলন্ত সামগ্ৰী বা পদাৰ্থ,অস্ত্ৰ আদি ৰাখিব নোৱাৰিব। ইয়াৰ লগতে জিলা কাৰাগাৰৰ ৫০০ মিটাৰৰ আশে-পাশে ৰেলী, প্ৰতিবাদ, শ্লোগান আদি দিব নোৱাৰিব। শিলগুটি দলিওৱা, অন্য আক্ৰমণ আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হয়।  জিলাখনত সাময়িকভাৱে কৰ্টন কৰা হয় ইণ্টাৰনেট সেৱা।