শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আমিও জুবিনৰ ন্যায় বিচাৰিছো, তদন্তৰ শেষত সকলো ক’ম: অভিমন্যু তালুকদাৰ

তেওঁ কয়, "আমি একাধিকবাৰ ছিংগাপুৰ আৰক্ষীৰ আগত আমাৰ বিবৃতি প্ৰদান কৰিছোঁ। ফোন ৰেকৰ্ড জমা দিছো। তদন্তৰ প্ৰাৰম্ভিক পৰ্যায়ত সাক্ষ্য দিছো। পিছলৈ আমিও চলি থকা অসম তদন্তত সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি ছিংগাপুৰ আৰক্ষীৰ যথাযথ অনুমতি লৈ ইয়ালৈ আহিছো।”

আমিও জুবিনৰ ন্যায় বিচাৰিছো, তদন্তৰ শেষত সকলো ক’ম: অভিমন্যু তালুকদাৰ
ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰ
trishna-kalita
Trishna Kalita | Updated On: 16 Oct 2025 11:06 AM

বুধবাৰে নিশা CID কাৰ্যালয়ত উপস্থিত হয় ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰ। সংবাদ মাধ্যমৰ আগত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ছিংগাপুৰ অসম এছ’চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰে। SITয়ে ভাষ্য গ্ৰহণ কৰিলে অভিমন্যুৰ।  জুবিনৰ মৃত্যুৰ সময়ত অভিমন্যু ছিংগাপুৰত য়ট পাৰ্টীত উপস্থিত আছিল।

তেওঁ কয়, “আমি একাধিকবাৰ ছিংগাপুৰ আৰক্ষীৰ আগত আমাৰ বিবৃতি প্ৰদান কৰিছোঁ। ফোন ৰেকৰ্ড জমা দিছো। তদন্তৰ প্ৰাৰম্ভিক পৰ্যায়ত সাক্ষ্য দিছো। পিছলৈ আমিও চলি থকা অসম তদন্তত সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি ছিংগাপুৰ আৰক্ষীৰ যথাযথ অনুমতি লৈ ইয়ালৈ আহিছো।” তেওঁ লগতে কয়, আমিও জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো। তদন্তৰ শেষত সকলো ক’ম।”

লগতে পঢ়ক: মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই…সামাজিক মাধ্যমত গৰিমা গাৰ্গৰ বিশেষ পোষ্ট

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তালুকদাৰে  অসম এছ’চিয়েচন আৰু য়টৰ মাজত কোনো ধৰণৰ সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰে। তালুকদাৰে স্পষ্ট কৰি দিয়ে, ‘মই বা অসম এছ’চিয়েশ্যনৰ কোনো সদস্যই য়টখন বুকিং কৰা নাছিলো। তন্ময় ফুকনে কৰিছিল। জুবিনৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকিল নে নাই সেই বিষয়ে মই অৱগত নহয়। উত্তৰ-পূবৰ আন ৰাজ্যৰ অংশগ্ৰহণকাৰীসকলো এই অনুষ্ঠানৰ অংশ আছিল, গতিকে তেওঁলোকৰ কথা মই ক’ব নোৱাৰো।”

অসমীয়া প্ৰবাসীসকলে ভাষ্য দিয়াত পলমক লৈ হোৱা সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তালুকদাৰে কয় যে, গোটটোৱে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয়, ‘জুবিনৰ মৃতদেহ ২০ তাৰিখে ভাৰতলৈ অনা হৈছিল।২১ তাৰিখে আমি প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি ইনষ্টাগ্ৰামত দুটা বিবৃতি প্ৰকাশ কৰিছিলো।’

আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে তেওঁলোকৰ সহযোগিতাৰ ওপৰত আলোকপাত কৰি তালুকদাৰে কয় যে, সংস্থাটোৱে ছিংগাপুৰ আৰক্ষীৰ তদন্তক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে। লগতে তেওঁ সত্য আৰু স্বচ্ছতাৰ প্ৰতি সন্থাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। ইয়াৰ উপৰিও তেওঁ নিজকে এজন অসমীয়া বুলি উল্লেখ কৰে। ভুল তথ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনাই তেওঁ জোৰ দি কয়, “আমি আৰম্ভণিৰে পৰাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছো আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায্য আৰু স্বচ্ছ তদন্তৰ সমৰ্থনত থিয় হৈ আছো।” অৱশ্যে সাংবাদিকৰ আগত জুবিনৰ অন্তিম ক্ষণৰ কোনো কথা উল্লেখ নকৰিলে অভিমন্যু তালুকদাৰে।