শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এইবাৰ দীপাৱলী কেতিয়া? পোহৰৰ উৎসৱ হিচাপে প্ৰথম কেতিয়া দীপাৱলী উদযাপন হৈছিল? পুৰাণ-উপনিষদত কিদৰে আছে ইয়াৰ উল্লেখ?

Diwali 2025: দীপাৱলী, দেৱালী, দীপান্বিতা আদি বিভিন্ন নামেৰে এই উৎসৱ পালন কৰা হয়। কাতি মাহৰ অমাৱস্যাৰ দিনটোত সকলোৱে ঘৰে ঘৰে চাকি জ্বলাই এই উৎসৱ পালন কৰে। মহাকাব্য আৰু উপনিষদ, পুৰাণ আদিত দীপাৱলী উদযাপনৰ কেতবোৰ কাৰণ উল্লেখ কৰা আছে। জানক সবিশেষ-

এইবাৰ দীপাৱলী কেতিয়া? পোহৰৰ উৎসৱ হিচাপে প্ৰথম কেতিয়া দীপাৱলী উদযাপন হৈছিল? পুৰাণ-উপনিষদত কিদৰে আছে ইয়াৰ উল্লেখ?
দীপাৱলী উদযাপনৰ কিছু তথ্যImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 13 Oct 2025 13:36 PM

সমাগত পোহৰৰ উৎসৱ দীপাৱলী। সমগ্ৰ দেশৰ লগতে বহুকেইখন বহিঃৰাষ্ট্ৰতো এই দিনটো পোহৰৰ দিন হিচাপে পালন কৰা হয়। দীপাৱলীক পোহৰৰ দিন হিচাপে উদযাপনৰ আঁৰত বিভিন্ন লোককাহিনী জড়িত হৈ আছে। দেশৰ বিভিন্ন ৰাজ্য়ত ইয়াক লক্ষ্মীপূজা হিচাপেও পালন কৰা দেখা যায়। অৱশ্যে অসম, পশ্চিম বংগ আদি কেইখনমান ৰাজ্যত কালীপূজা আৰু দীপাৱলী একেলগে উদযাপন কৰা হয়। এই বিষয়ে কিছু কথা জানো আহক।

দীপাৱলী, দেৱালী, দীপান্বিতা আদি বিভিন্ন নামেৰে এই উৎসৱ পালন কৰা হয়। কাতি মাহৰ অমাৱস্যাৰ দিনটোত সকলোৱে ঘৰে ঘৰে চাকি জ্বলাই এই উৎসৱ পালন কৰে। ঘৰখন আলোকেৰে সুসজ্জিত কৰি উপাস্য দেৱতাৰ আশিস কামনা কৰে সকলোৱে। মহাকাব্য আৰু উপনিষদ, পুৰাণ আদিত দীপাৱলী উদযাপনৰ কেতবোৰ কাৰণ উল্লেখ কৰা আছে। ঠাইভেদে ইয়াৰ উদযাপন শৈলী পৃথক যদিও উদ্দেশ্য সকলোৰে একেই বুলিব পাৰি।

দীপাৱলী আৰু লক্ষ্মী-গণেশ পূজা

সনাতন ধৰ্মৰ দুটা মহান উৎসৱৰ ভিতৰত অন্যতম দীপাৱলী আৰু ইয়াৰ বিশেষ তাৎপৰ্য আছে। এই উৎসৱত কেৱল ধনৰ দেৱী লক্ষ্মী দেৱীক পূজা কৰাই নহয়, স্বাস্থ্যৰ দেৱতা কুবেৰ আৰু ধনন্তৰিকো পূজা কৰা হয়। অকাল মৃত্যুক প্ৰতিহত কৰিবলৈ যম পূজাও এই উৎসৱত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আপোনাৰ মনত প্ৰশ্ন উত্থাপন হ’ব পাৰে যে প্ৰথমবাৰৰ বাবে কেতিয়া আৰু কিয় দীপাৱলী উদযাপন কৰা হৈছিল, আৰু তাৰ শাস্ত্ৰীয় প্ৰমাণ কি?

এই প্ৰশ্নৰ কোনো সুনিৰ্দিষ্ট উত্তৰ নাই। উত্তৰটো সহজে পোৱা নাযায় যদিও স্কন্ধ পুৰাণ আৰু পদ্ম পুৰাণত দীপাৱলী উৎসৱৰ বিষয়ে যথেষ্ট তথ্য আছে। কিছু প্ৰমাণ শ্ৰীমদ্ভাগৱত আৰু মনু স্মৃতিতো পোৱা যায়। কিন্তু এই গ্ৰন্থসমূহত কেৱল দীপাৱলীৰ তাৎপৰ্য, ইয়াক কেনেকৈ পালন কৰিব লাগে, ইয়াৰ দ্বাৰা পোৱা উপকাৰৰ কথাহে উল্লেখ কৰা হৈছে।

ৰাৱণক বধি সীতা সহিতে ৰামৰ অযোধ্যালৈ আগমন

এই উৎসৱৰ ঐতিহাসিকতাৰ কথা ক’বলৈ গ’লে দীপাৱলীৰ প্ৰথম উল্লেখ মহৰ্ষি বাল্মিকীৰ ৰচনা ৰামায়ণত পোৱা যায়। ইয়াত মহৰ্ষি বাল্মিকীয়ে লিখিছে যে লংকা জয় কৰাৰ পিছত ভগৱান ৰাম কাৰ্তিক অমাৱস্যাৰ দিনা অযোধ্যালৈ উভতি আহিছিল। অযোধ্যাত উপস্থিত হোৱাৰ আগতে তেওঁ হনুমানৰ জৰিয়তে অযোধ্যাত থকা তেওঁৰ সৰু ভাই ভৰতলৈ খবৰ পঠিয়াইছিল। এই তথ্য লাভ কৰাৰ লগে লগে ভৰতে সমগ্ৰ অযোধ্যা নগৰখনক কইনাৰ ঘৰৰ দৰে সজাই তোলা হৈছিল।

সমগ্ৰ ৰাজ্যখনক প্ৰদীপেৰে আলোকিত কৰিবলৈ আদেশ দিলে ভৰতে। ভগৱান ৰামৰ আগমনত অযোধ্যাবাসী ইমানেই আনন্দত আত্মহাৰা হৈছিল যে ভৰতৰ উল্লেখিত নিৰ্দেশতকৈ অধিক সুন্দৰকৈ অযোধ্যা সজাইছিল। বাল্মিকীৰ ৰামায়ণৰ কাহিনী অনুসৰি মানুহে আনকি নিজৰ চোতালবোৰো সজাই তুলিছিল।

People Lighten Diyas On The Occasion Of Sharad Purnima

দীপাৱলী

দীপাৱলীৰ দিনা ধনন্তৰী আৰু দেৱী লক্ষ্মী সাগৰৰ পৰা প্ৰকট হৈছিল!

একেদৰে স্কন্দ পুৰাণ আৰু শিৱ পুৰাণতো সাগৰৰ মন্থনৰ কথা উল্লেখ আছে। এই দুখন গ্ৰন্থতে বৰ্ণনা কৰা হৈছে যে, সাগৰৰ মন্থনৰ ফলত ৰত্ন উৎপন্ন হৈছিল। অৱশেষত হাতত অমৃতৰ পাত্ৰ এটা লৈ ভগৱান ধনন্তৰী প্ৰকট হৈছিল। ভগৱান ধনন্তৰীক স্বাস্থ্যৰ দেৱতা বুলি গণ্য কৰা হয়।

সাগৰৰ এই মন্থনৰ পৰাই দেৱী লক্ষ্মীও ওলাই আহিল। কিন্তু যেতিয়া তেওঁৰ বাবে দেৱতা আৰু অসুৰ উভয়ে যুদ্ধ কৰিবলৈ ধৰিলে, তেতিয়া দেৱী লক্ষ্মীয়ে ভগৱান নাৰায়ণক বাছি লৈছিল। সেয়ে দেৱালীৰ আগদিনা ভগৱান ধনন্তৰীক পূজা কৰা হয়, তাৰ পিছত লক্ষ্মী দেৱীৰ পূজা কৰা হয়।

“॥ওম শ্ৰী মহালক্ষ্ম্যই চ বিদ্মহে বিষ্ণু পত্নেয় চ ধীমাহী তন্নো লক্ষ্মী প্ৰচোদয়ত ওম॥

অৰ্থ: “ওম, আমি মহান দেৱী মহালক্ষ্মীৰ ধ্যান কৰো। আমি ভগৱান বিষ্ণুৰ পত্নীক ধ্যান কৰো। সেই লক্ষ্মীয়ে আমাক প্ৰেৰণা আৰু জ্ঞান প্ৰদান কৰক। ওম।” এই ৰ দ্বাৰা দেৱী লক্ষ্মীৰ আশীৰ্বাদ, পথ প্ৰদৰ্শন, প্ৰেৰণা পোৱা যায়। তেওঁৰ ধন-সম্পত্তি, সমৃদ্ধি আৰু ঐশ্বৰিক কৃপাৰ গুণৰ আমন্ত্ৰণ কৰিবলৈও ইয়াক জপ কৰা হয়।

দীপাৱলীৰ দিনা বলিক সুতলা ৰাজ্য প্ৰদান

ভৱিষ্য পুৰাণত বলি ৰজাৰ ভক্তি আৰু বিশ্বাসত আপ্লুত হৈ ভগৱান নাৰায়ণে তেওঁক সুতলা ৰাজ্য প্ৰদান কৰাৰ কাহিনী কোৱা হৈছে। ভগৱানৰ আদেশত দীপাৱলীত ৰজা বলিয়ে সুতলালৈ গৈ তাত পোহৰৰ উৎসৱ পালন কৰে। স্কন্দ পুৰাণ, পদ্মপুৰাণ, ভৱিষ্য পুৰাণ আটাইকেইখনতে পোহৰৰ উৎসৱৰ অংশ হিচাপে প্ৰদীপৰ মালা প্ৰজ্বলন আৰু বিভিন্ন প্ৰকাৰৰ প্ৰদীপ প্ৰজ্বলনৰ কথা উল্লেখ আছে।

পোহৰৰ উৎসৱৰ প্ৰসংগ কাতি মাহৰ মহত্ত্বৰ অধীনত স্কন্ধ পুৰাণৰ বৈষ্ণৱ খণ্ডত পোৱা যায়। একেদৰে ভৱিষ্য পুৰাণৰ উত্তৰপৰ্ৱৰ ১৪০ নং অধ্যায় আৰু পদ্মপুৰাণৰ উত্তৰখণ্ডৰ ১২২ নং অধ্যায় পোহৰৰ উৎসৱৰ বাবে উৎসৰ্গিত। কোৱা হয় যে ই সকলোৰে কল্যাণ কঢ়িয়াই আনে।

এয়াও দীপাৱলী উৎসৱৰ অন্যতম উদ্দেশ্য

উৎসৱৰ দেশ ভাৰত সদায় কৃষিপ্ৰধান দেশ। ইয়াৰ প্ৰতিটো উৎসৱ খেতি আৰু কৃষিৰ লগত জড়িত। দীপাৱলীৰ কথা ক’বলৈ গ’লে সাধাৰণতে সেই সময়ৰ আশে-পাশে খাৰিফ শস্য চপাই কৃষকে ঘৰলৈ আনে। ইয়াৰ ফলত কৃষকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হয়। এই সময়ছোৱাত নতুন শস্য ৰোপনৰ প্ৰস্তুতিও চলি থাকে।

যিহেতু সনাতন ধৰ্মত উদযাপন আৰু পূজা অবিহনে কোনো নতুন কাম হাতত লোৱা নহয়, সেই সময়ত মানুহে দীপাৱলী পালন কৰে। দীপাৱলী উৎসৱৰ আন এটা ব্যৱহাৰিক দিশ হ’ল বৰষুণ শেষ হোৱাৰ পিছত মহ আৰু অন্যান্য পোক-পৰুৱা বাঢ়ি যায়। মানুহে যেতিয়া নিজৰ ঘৰখন চাকিৰে সজাই তোলে, তেতিয়া এই পোকবোৰ জুইৰ পোহৰৰ প্ৰতি আকৰ্ষিত হয় আৰু তাত পৰি জ্বলি মৰি যায়।

দীপাৱলী সম্পৰ্কীয় প্ৰশ্ন

২০২৫ চনত কেতিয়া দীপাৱলী?

অমাৱস্যাৰ দিনা পালন কৰা হয় দীপাৱলী। এইবাৰ ২০২৫ চনত ২০ অক্টোবৰৰ বিয়লি ৩:৫২ বজাৰ পৰা অমাৱস্যাৰ দিন আৰম্ভ হয়। এই কাৰণেই ২০ অক্টোবৰত উদযাপন কৰা হ’ব দীপাৱলী। আচলতে অমাৱস্যাৰ তাৰিখ ২০ তাৰিখে পৰে, ২১ অক্টোবৰৰ সন্ধিয়া ৫:৫৪ বজাত শেষ হয়। সেয়ে ২১ তাৰিখে দীপাৱলী উদযাপন কৰাটো শাস্ত্ৰ সংভাতৰ মতে শুভ বুলি গণ্য কৰা নহয়।

লক্ষ্মী পূজাৰ মহুৰত ২০২৫: পূজাৰ শুভ সময় কি?

প্ৰদোষ কাল– ২০ অক্টোবৰৰ সন্ধিয়া ৫:৪৬ বজাৰ পৰা ৮:১৮ বজালৈ দীপাৱলীত লক্ষ্মী পূজাৰ বাবে শাস্ত্ৰত প্ৰদোষ কালৰ বিশেষ তাৎপৰ্য আছে। এই সময়ত পূজা কৰিলে দেৱী লক্ষ্মীৰ স্থায়ী আশীৰ্বাদ পোৱা যায়। লক্ষ্মী দেৱী আৰু গণেশৰ পূজাৰ শুভ সময় সন্ধিয়া ৭:০৮ বজাৰ পৰা ৮:১৮ বজালৈ।

Dev Deepawali Celebration In India, Kolkata 15 Nov 2024

দীপাৱলী উদযাপন

লক্ষ্মী পূজাৰ ভোগ: দীপাৱলীত দেৱী লক্ষ্মীক কি অৰ্পণ কৰিব লাগে?

খীৰ, বাটাছা আৰু লাডু প্ৰসাদ হিচাপে আগবঢ়াব পাৰি।

দীপাৱলীক কিয় পোহৰৰ উৎসৱ বুলি কোৱা হয়?

দীপাৱলী উৎসৱ অন্ধকাৰৰ পৰা পোহৰলৈ পৰিৱৰ্তনৰ প্ৰতীক, সেয়েহে এই নামটো ব্যৱহাৰ কৰা হয়। এই উৎসৱে ৰাৱণৰ ওপৰত ভগৱান ৰামৰ বিজয়, অপশক্তিৰ ওপৰত সত্যৰ জয়, জ্ঞানৰ দ্বাৰা অন্ধকাৰৰ পৰা পোহৰলৈ পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে।

দীপাৱলীত চাকি জ্বলোৱাৰ পৰম্পৰাৰ উদ্দেশ্য হৈছে ঘৰ-দুৱাৰ আৰু চৌপাশ আলোকিত কৰা, আন্ধাৰ দূৰ কৰা আৰু সুখ-সমৃদ্ধিৰ সূচনা কৰা। এই উৎসৱে নতুন আনন্দ, উৎসাহ, আশাৰ সঞ্চাৰ কৰে।

দীপাৱলীৰ সময়ত লক্ষ্মী পূজাৰ তাৎপৰ্য কি?

লক্ষ্মী দেৱী ধন, সমৃদ্ধি, ঐশ্বৰ্যৰ দেৱী। তেওঁক পূজা কৰিলে ঘৰ-পৰিয়াললৈ ধন-সম্পত্তি আৰু সমৃদ্ধি আহে। হিন্দু ধৰ্মত এই দিনটোত লক্ষ্মী দেৱীয়ে নিজৰ ভক্তৰ ঘৰলৈ যায় বুলি বিশ্বাস কৰা হয়। দেৱী লক্ষ্মীক নিমন্ত্ৰণ কৰিবলৈ মানুহে ভক্তিৰে গোটেই ঘৰখন পৰিষ্কাৰ কৰি সজাই তোলে।”