আজি CIDৰ কাৰ্যালয়ত উপস্থিত হ’ব ছিংগাপুৰৰ ৪ প্ৰৱাসী অসমীয়া: জুবিনৰ ভিছেৰা ৰিপ’ৰ্টত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক’লে…
Zubeen Garg death case: ভিছেৰা ৰিপ’ৰ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘দিল্লীৰ চেণ্ট্ৰেল ফৰেনছিক লেবৰেটৰীয়ে আমাক ভিছেৰা ৰিপ’ৰ্ট দিছে।মই সুখী যে এতিয়া CID-এ গোচৰটোৰ এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে। অতি কম দিনৰ ভিতৰতে জুবিন গাৰ্গ (মৃত্যুৰ গোচৰ)ৰ সমগ্ৰ ঘটনাৰ প্ৰতিবেদন তথ্য আদালতত দাখিল কৰা হ’ব।’

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ভিছেৰা ৰিপ’ৰ্ট দাখিলৰ পাছতে CIDয়ে সমগ্ৰ ঘটনাৰ এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে বুলি জনালে মুখ্যমন্ত্ৰীয়ে। শীঘ্ৰেই সমস্ত ঘটনাৰ প্ৰতিবেদন আদালতত দাখিল কৰিব পাৰিব SITয়ে।
ফেচবুক লাইভত মন্তব্য প্ৰকাশ কৰি ভিছেৰা ৰিপ’ৰ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘দিল্লীৰ চেণ্ট্ৰেল ফৰেনছিক লেবৰেটৰীয়ে আমাক ভিছেৰা ৰিপ’ৰ্ট দিছে।মই সুখী যে এতিয়া CID-এ গোচৰটোৰ এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে। অতি কম দিনৰ ভিতৰতে জুবিন গাৰ্গ (মৃত্যুৰ গোচৰ)ৰ সমগ্ৰ ঘটনাৰ প্ৰতিবেদন তথ্য আদালতত দাখিল কৰা হ’ব।’
লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ছিংগাপুৰত জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ সাক্ষী হোৱা আৰু চাৰিজন অসমীয়া প্ৰৱাসী সোমবাৰে গুৱাহাটীত উপস্থিত হৈ চি আই ডিৰ আগত নিজৰ বক্তব্য লিপিবদ্ধ কৰিব। অন্য ৬গৰাকীকো শীঘ্ৰে অসমলৈ আহিবলৈ আহ্ৱান জনাই মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়ে যে ‘‘আপোনালোক অসমলৈ আহিবই লাগিব। অসমলৈ নিজে নাহিলে কেনেকৈ আনিব লাগে তাৰ বাবে আইনৰ ব্যৱস্থা ল’বলৈ আমি কুণ্ঠাবোধ নকৰো।’’
তেওঁ কয়, “যিয়েই নহওক, সকলোৱে গুৱাহাটীলৈ আহিব লাগিব। তদন্তত সহায় কৰাটো তেওঁলোকৰ আইনী দায়িত্ব। চিআইডিয়ে এতিয়াও বাকী থকাসকলৰ পৰা সহযোগিতা বিচাৰিছে, চলি থকা তদন্তত সহায় কৰিবলৈ তৎকালীনভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।” উল্লেখ্য যে, ঘটনাৰ সময়ত জুবিনৰ লগত থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াৰ ভিতৰত অন্যতম ৰূপকমল কলিতা যোৱা ৭ অক্টোবৰত তদন্তকাৰীৰ সন্মুখত হাজিৰ হৈছিল।
ইয়াৰ পূৰ্বে সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, ছিংগাপুৰ আৰক্ষীয়ে অধিক সক্ৰিয়ভাৱে তদন্ত কৰি আছে আৰু ইতিমধ্যে তেওঁলোকৰ স্বতন্ত্ৰ তদন্তৰ অংশ হিচাপে সংশ্লিষ্ট পৰিয়ালসমূহৰ সৈতে যোগযোগ কৰি আছে।