শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১০ দিনৰ ভিতৰত…. জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সামাজিক মাধ্যমত ডিজিটেল আন্দোলন

Zubeen Garg death: সামাজিক মাধ্যমত  #we_Need_ZubeenGargJustice_within_10days আৰু #JusticeForZubeenGarg লিখি আৰম্ভ হৈছে এই আন্দোলন। ১০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী গৰিমা শইকীয়া গাৰ্গৰ। গৰিমাৰ লগতে জুবিন গাৰ্গৰ ভগ্নী ডঃ পামী বৰঠাকুৰেও ১০ দিনৰ ভিতৰত বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়।

১০ দিনৰ ভিতৰত…. জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সামাজিক মাধ্যমত ডিজিটেল আন্দোলন
জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সামাজিক মাধ্যমত ডিজিটেল আন্দোলনImage Credit source: Facebook
trishna-kalita
Trishna Kalita | Updated On: 13 Oct 2025 14:11 PM

যিমানে দিন গৈছে সিমানে তীব্ৰতৰ হৈছে ন্যায়ৰ দাবী।  জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ । এবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি আৰম্ভ হৈছে ডিজিটেল আন্দোলন। ইফালে পুনৰ সামাজিক মাধ্যমত প’ষ্ট গৰিমা শইকীয়া গাৰ্গৰ।  স্বামীৰ ন্যায় বিচাৰি শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট।

সামাজিক মাধ্যমত  #we_Need_ZubeenGargJustice_within_10days আৰু #JusticeForZubeenGarg লিখি আৰম্ভ হৈছে এই আন্দোলন। ১০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী গৰিমা শইকীয়া গাৰ্গৰ। গৰিমাৰ লগতে জুবিন গাৰ্গৰ ভগ্নী ডঃ পামী বৰঠাকুৰেও ১০ দিনৰ ভিতৰত বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। তাৰ পিছতে ৰাজ্যৰ প্ৰতিগৰাকী অনুৰাগীয়ে ১০ দিনৰ ভিতৰত বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়।

ইফালে তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি চিআইডিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ দিনা ছিংগাপুৰৰ য়ট পাৰ্টিত উপস্থিত থকা তিনিজন প্ৰবাসী অসমীয়াক জেৰা চলাইছে। আজি পুৱাই গুৱাহাটীস্থিত চি আই ডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হয় তিনি  প্ৰবাসী অসমীয়া ক্ৰমে পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা, জলংসাত নাৰ্জাৰী। ছিংগাপুৰত  জুবিন গাৰ্গৰ বাবে  আয়োজন কৰা  য়ট পাৰ্টিত   উপস্থিত থকা লোকসকলৰ ভিতৰত এই তিনিজন ব্যক্তিকো দেখা পোৱা গৈছিল। বাকী কেইজনোকো অতি শীঘ্ৰে  চিআইডিৰ সন্মুখত হাজিৰ হ’বলৈ আহ্বান জনোৱা হৈছে। 

এই সন্দৰ্ভত বিশেষ তদন্তকাৰী দলৰ (SIT)ৰ মুৰব্বী তথা চি আই ডিৰ বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত কয় যে তদন্ত দ্ৰুতগতিত আৰু আইনী পদ্ধতিৰ সম্পূৰ্ণ অনুসৰি আগবাঢ়িছে। গুপ্তাই প্ৰকাশ কৰে যে, গোচৰটোৰ সৈতে জড়িত কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তি সোধা-পোছাৰ বাবে উপস্থিত হৈছে, অনাগত দিনত আৰু অধিক ব্যক্তিয়ে তদন্তত যোগদান কৰাৰ সম্ভাৱনা আছে। তেওঁ কয়,  ‘অহা দুদিনত আৰু অধিক লোক আহিব। আজি ছিংগাপুৰৰ পৰা আন এজন ব্যক্তিয়ে উপস্থিত হোৱাৰ সম্ভাৱনাও আছে।’

তেওঁ লগতে কয় যে, পূৰ্বানুমান কৰা ধৰণে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহ’ব। গুপ্তাই স্পষ্ট কৰি দিয়ে,  ‘কাইলৈ ​​বিয়লি ৪ বজাত প্ৰকাশ কৰা নহয় মৰণোত্তৰ প্ৰতিবেদন ।এই প্ৰতিবেদন পোনপটীয়াকৈ আদালতৰ সন্মুখত দাখিল কৰা হ’ব। ইতিমধ্যে বিশেষ তদন্তকাৰী দলে এই প্ৰতিবেদন লাভ কৰিছে।’