জুবিন গাৰ্গৰ দুই PSO ক গ্ৰেপ্তাৰ SIT ৰ, কি ক’লে গৰিমা শইকীয়া গাৰ্গে…
Zubeen Garg PSO Arrest: গ্ৰেপ্তাৰ জুবিন গাৰ্গৰ দুই দেহৰক্ষী। দুয়োকে ৫ দিনৰ এছ আই টিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দুয়োৰে একাউন্টৰ পৰা কোটি টকাৰ লেনদেনৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে।
জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ এছ আই টিৰ। দুয়োকে ৫ দিনৰ SITৰ জিম্মাত প্ৰেৰণ কৰা হয়।বিগত সময়চোৱাত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কেইবাজন লোকক সোধা পোছা কৰিছে আৰক্ষীয়ে। কিছুদিন পূৰ্বে এছ আই টিয়ে তলব কৰিছিল জুবিন গাৰ্গৰ দুই পি এছ অ’ক। যাৰ পাছত এতিয়া দুয়োকে গ্ৰেপ্তাৰ কৰা হয়। দুয়োৰে একাউন্টৰ পৰা তদন্তকাৰী দলে প্ৰায় ১ কোটি টকা লেনদেনৰ তথ্য পাইছিল। যাৰ ভিত্তিত দুয়ো গ্ৰেপ্তাৰ হয়।
তথ্য অনুসৰি এছ আই টিয়ে নন্দেশ্বৰ বৰাৰ একাউণ্টৰ পৰা ৭০ লাখ টকা আৰু পৰেশ বৈশ্যৰ একাউণ্টৰ পৰা ৪০ লাখ টকাৰ লেন দেনৰ তথ্য পাইছিল। গুগল পেৰ জৰিয়তে এই ধনৰ লেনদেন কৰিছিল দুই দেহৰক্ষীয়ে। SIT ৰ মতে, জুবিনে বহু সময়ত টকা ৰাখিব দিছিল দুই দেহৰক্ষীক। কিন্তু সেই টকাৰ অপব্যৱহাৰ কৰাৰ তথ্য লাভ কৰিছে SITয়ে। যাৰ বাবে জেৰাৰ সন্মুখীন হৈছিল দুই দেহৰক্ষীক।
জুবিন গাৰ্গৰ টকাৰ লেনদেন সন্দৰ্ভত শেহতীয়াকৈ মন্তব্য প্ৰদান কৰিছে গৰিমা শইকীয়া গাৰ্গে। তেওঁ কয় যে, “তদন্ত আৰক্ষীয়ে কৰি আছে। সকলো তথ্য তেওঁলোকৰ হাতত আছে। জুবিনৰ হাতলৈ অহা টকা তেওঁলোক (PSO)ক থ’বলৈ কয়। সামাজিক কামত দানক কৰিব বিচৰা টকাও থ’ব দিয়া হয়। মই জুবিনৰ টকা সন্দৰ্ভত একো নাজানো। তদন্তকাৰী বিষয়াৰ হাতত সকলো তথ্য আছে”।
জুবিনৰ মৃত্যুক লৈ ৰাজনীতি হ’ব নালাগে বুলি উল্লেখ কৰি গৰিমা শইকীয়াই কয় যে, ”তাত কি হৈছিল সেয়া জানিব লাগিব। ভিডিঅ’বোৰ কিয় ৱেব ছিৰিজৰ দৰে টুকুৰা টুকুৰকৈ আহি আছে? এতিয়া মোৰ সময়ৰ লগতো সন্দেহ আছে। যদি খেলিমেলি হৈছে, কাৰোবাৰ গোপন অভিপ্ৰায় লুকুৱাই আছে বা অপৰাধ সংঘটিত হৈছে তেন্তে শাস্তি পাব লাগে”।
অন্য খবৰ পঢ়কঃ ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! কোঠাৰ ভিতৰত ভয়ংকৰ কাণ্ড, উদ্ধাৰ এগৰাকী নাৰ্ছৰ মৃতদেহ…