শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ, আদালতৰ মজিয়াত কি ক’লে চৰকাৰী পক্ষই?

অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানিত হাজিৰ হ’বলৈ অনুমতি বিচাৰিছিল। আদালতে তেওঁলোকক কিছু চৰ্ত সাপেক্ষে এই অনুমতি প্ৰদান কৰিছে।

জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ, আদালতৰ মজিয়াত কি ক’লে চৰকাৰী পক্ষই?
শ্যামকানু মহন্ত
Monjit Dutta
Monjit Dutta | Published: 17 Jan 2026 18:32 PM

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগ গঠনৰ প্ৰক্ৰিয়া পুনৰ পিছুৱাই দিয়া হৈছে। অহা ৩০ জানুৱাৰীত পুনৰ এই গোচৰৰ শুনানি অনুষ্ঠিত হ’ব। অভিযুক্তসকলে আদালতত বিচাৰৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহ এতিয়ালৈকে সম্পূৰ্ণকৈ লাভ কৰা নাই বুলি উল্লেখ কৰে আৰু ইয়াৰ ভিত্তিত আদালতে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। গুৱাহাটী অধিবক্তা সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰিছে।

আদালতৰ নিৰ্দেশ আৰু চৰ্ত

অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানিত হাজিৰ হ’বলৈ অনুমতি বিচাৰিছিল। আদালতে তেওঁলোকক কিছু চৰ্ত সাপেক্ষে এই অনুমতি প্ৰদান কৰিছে। এই চৰ্ত অনুসৰি বিচাৰ চলি থকাৰ সময়ত অভিযুক্তসকলে নিজৰ পৰিচয়ক লৈ কোনো আপত্তি কৰিব নোৱাৰিব আৰু সাক্ষীসকলক জেৰা কৰাৰ সময়ত তেওঁলোকৰ অধিবক্তাসকল আদালতত শাৰীৰিকভাৱে উপস্থিত থাকিব লাগিব।

জামিন আবেদনৰ শুনানি

আনহাতে আজি শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাই জামিন বিচাৰি আদালতত আবেদন কৰিছে। চৰকাৰী পক্ষই ইয়াৰ বিৰুদ্ধে আপত্তি জনাবলৈ আদালতৰ পৰা সময় বিচৰাৰ সূত্ৰে আদালতে অহা ২২ জানুৱাৰীত এই জামিন আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰিছে।

গুৱাহাটী অধিবক্তা সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ শৰ্মাই ছিংগাপুৰৰ কৰোনাৰ ক’ৰ্টৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে এনে আদালতে তদন্তৰ প্ৰতিবেদন পৰীক্ষা কৰি কোনো ভুল পালে পুনৰ তদন্তৰ নিৰ্দেশ দিব পাৰে। মৃতকৰ পৰিয়ালেও এই আদালতৰ কাম-কাজত অংশ ল’ব পাৰে।

তেওঁ লগতে কয় যে এই আদালতেই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে এক উপযুক্ত মঞ্চ আছিল, অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ দুৰ্ঘটনা আছিল নে ইয়াৰ আঁৰত আন কোনো কাৰণ আছিল, সেয়া জানিব পৰা গ’লহেঁতেন। জুবিনৰ পৰিয়ালে কিয় ছিংগাপুৰৰ এই আদালতত অংশ নল’লে, সেই বিষয়ে মন্তব্য কৰাৰ পৰা অৱশ্যে তেওঁ বিৰত থাকে।