শৰীৰত স্পষ্ট আক্ৰমণৰ চিন! লামডিঙত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য…
ঘটনা অনুসৰি আজি পুৱা লামডিঙৰ ০২ নং ৱাৰ্ডৰ শান্তিপাৰা অঞ্চলত স্থানীয় বাসিন্দাসকলে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। সুভাষপল্লী ছোৱালী বিদ্যালয়ৰ পিছফালৰ ডাষ্টবিনৰ সমীপৰ পৰা মহিলাগৰাকী মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় বাসিন্দাসকলে। তাৰ পিছতে এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইদিনমান থকাৰ পূৰ্বে লামডিঙত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলটোত আতংক সৃষ্টি কৰিছে। সন্দেহজনক পৰিস্থিতিত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ৰে’লৱে চহৰখনত গুৰুতৰভাৱে নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পাইছে।
ঘটনা অনুসৰি আজি পুৱা লামডিঙৰ ০২ নং ৱাৰ্ডৰ শান্তিপাৰা অঞ্চলত স্থানীয় বাসিন্দাসকলে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। সুভাষপল্লী ছোৱালী বিদ্যালয়ৰ পিছফালৰ ডাষ্টবিনৰ সমীপৰ পৰা মহিলাগৰাকী মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় বাসিন্দাসকলে। তাৰ পিছতে এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃত মহিলাগৰাকীৰ নাম জয়ীতা চক্ৰৱৰ্তী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে মহিলাগৰাকীৰ বয়স প্ৰায় ৫৬ বছৰ ।
প্ৰাথমিক তথ্য অনুসৰি, মৃতদেহটোত আক্ৰমণৰ স্পষ্ট চিন দেখা পোৱা গৈছে। মহিলাগৰাকীৰ ডিঙিত চোকা অস্ত্রৰ আঘাতৰ চিন স্পষ্ট আছে। যাৰ ফলত অধিক সন্দেহজনক হৈ পৰিছে ঘটনাটো। মৃতদেহটো দেহত থকা আঘাতৰ চিনে স্থানীয় লোকসকলৰ মাজত আতংক আৰু উত্তেজনা সৃষ্টি কৰে। বহু লোক ঘটনাস্থলীত উপস্থিত হৈ ক্ষিপ্ৰ তদন্তৰ দাবী তোলে। মহিলাগৰাকীক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে।
তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰে লামডিং আৰক্ষীয়ে আৰু উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ মতে, সকলো দিশৰ পৰা ঘটনাটো গভীৰভাৱে পৰ্যালোচনা কৰা হৈছে।ইফালে ২৬ জানুৱাৰীৰ দিনটো দ্ৰুতগতিত ওচৰ চাপি অহাৰ সময়ত এনে এক ঘটনাই লামডিঙৰ নিৰাপত্তা ব্যৱস্থাক লৈ উত্থাপন কৰিছে গুৰুতৰ প্ৰশ্ন। বৰ্তমানলৈ পোহৰলৈ অহা নাই ঘটনাৰ প্ৰকৃত কাৰণ । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক: গুৱাহাটীৰ কাহিলীপাৰাত দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্স চালকৰ আত্মসমৰ্পণ