শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গুৱাহাটীৰ কাহিলীপাৰাত দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্স চালকৰ আত্মসমৰ্পণ

মৃত যুৱতীগৰাকী আছিল গুৱাহাটীৰ জেবি ল কলেজৰ আইনৰ ছাত্ৰী লুনা ভৰদ্বাজ। তেওঁ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। মৃত্যুৰ  মাত্ৰ দুদিনৰ পিছতে এক্সিছ বেংকত যোগদান কৰাৰ কথা আছিল লুনাই। এই দুৰ্ঘটনা আহত গোলাঘাট জিলাৰ দেৰগাঁৱৰ নিবাসী অচ্যুত বৰুৱাকো ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

গুৱাহাটীৰ কাহিলীপাৰাত দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্স চালকৰ আত্মসমৰ্পণ
কাহিলীপাৰাত দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেঞ্চ চালকৰ আত্মসমৰ্পণ
Trishna Kalita
Trishna Kalita | Updated On: 24 Jan 2026 16:09 PM
অৱশেষত আত্মসমৰ্পণ গুৱাহাটীৰ কাহিলীপাৰাত দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্স চালক ৰেকিবুদদ্দিন আহমেদৰ। শুকুবাৰে সৰস্বতী পূজাৰ দিনাই গুৱাহাটীত এম্বুলেন্সৰ খুন্দাত লুনা ভৰদ্বাজ নামৰ এগৰাকী মেধাৱী ছাত্ৰীৰ মৃত্যু হৈছিল। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলাতক অৱস্থাত আছিল এম্বুলেন্স চালক ৰেকুবুদ্দিন আহমেদ। অৱশেষত আজি ৰঙিয়া আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।  ৰেকিবুদদ্দিন আহমেদৰ ঘৰ ৰঙিয়া থানাৰ অন্তৰ্গত ২নং দগাঁৱত ।

মৃত যুৱতীগৰাকী আছিল গুৱাহাটীৰ জেবি ল কলেজৰ আইনৰ ছাত্ৰী লুনা ভৰদ্বাজ। তেওঁ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। মৃত্যুৰ  মাত্ৰ দুদিনৰ পিছতে এক্সিছ বেংকত যোগদান কৰাৰ কথা আছিল লুনাই। এই দুৰ্ঘটনা আহত গোলাঘাট জিলাৰ দেৰগাঁৱৰ নিবাসী অচ্যুত বৰুৱাকো ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।

আৰক্ষী সূত্ৰৰ মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ১০৮ এম্বুলেন্সৰ চালকজনে পলায়ন কৰে। যাৰ ফলত ক্ষোভৰ সৃষ্টি হয়। ইয়াৰ পিছতে দিছপুৰ আৰক্ষীয়ে এম্বুলেন্সখন জব্দ কৰি গোচৰ ৰুজু কৰে। ইফালে সমগ্ৰ অসমতে সৰস্বতী পূজা উদযাপনৰ সময়তে বঙাইগাঁৱৰ লুনা ভৰদ্বাজৰ পৰিয়ালৰ ঘৰখনলৈ নামি আহিল ঘোৰ অমানিশা। ঘটনা সন্দৰ্ভত খবৰ লাভৰ পিছৰে পৰা লুনা ভৰদ্বাজৰ বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ বাসগৃহত শোকাকুল পৰিৱেশে ৰিৰাজ কৰিছে। আত্মীয় আৰু ওচৰ-চুবুৰীয়াই যুৱতীগৰাকীক আইনী আৰু বেংকিং খণ্ডত সুন্দৰ কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা থকা এগৰাকী মেধাৱী, কঠোৰ পৰিশ্ৰমী ছাত্ৰী বুলি অভিহিত কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত লুনাৰ ভাতৃয়ে যি নিজেই আইনৰ স্নাতক এম্বুলেন্সৰ চালকজনৰ গুৰুতৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি কয় যে, অসাৱধানতাৰে গাড়ী চলোৱাৰ ফলত এগৰাকী যুৱতীয়ে জীৱন হেৰুৱাবলগীয়া হ’ল।  তেওঁ দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

সম্প্ৰতি আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে।দুৰ্ঘটনাটোৰ পৰিস্থিতিৰ মূল্যায়ন কৰি দুৰ্ঘটনাগ্ৰস্ত বাহনৰ দ্বাৰা যান-বাহন আইন উলংঘাৰ কৰিছিল নেতা সেয়া জানিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। কিন্তু কাৰ ভুলৰ বাবে দুৰ্ঘটনাটো সংঘটিত হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। অৱশ্যে একাংশ স্থানীয় লোকে এম্বুলেন্সৰখন দ্ৰুতগতি অহা বুলি অভিযোগ উত্থাপন কৰিছে।